ETV Bharat / state

সাতগাঁৱত গেছৰ পাইপত লাগিল জুই - SATGOAN FIRE

FIRE BROKE OUT IN GAS PIPELINE : কিছুদিন পূৰ্বে গুৱাহাটীৰ বিজুলী ভৱনত সংঘটিত হৈছিল এক অগ্নিকাণ্ডৰ ঘটনা ৷ উক্ত ঘটনাৰ প্ৰায় 10 দিনৰ ভিতৰতে মহানগৰীত সংঘটিত হৈছে পুনৰ এটা অগ্নিকাণ্ড ৷ মহানগৰীৰ সাতগাঁৱত সংঘটিত এই অগ্নিকাণ্ডৰ ঘটনাত বিনষ্ট হৈছে লক্ষাধিক টকা মূল্যৰ গেছ পৰিবাহী পাইপ ৷

SATGOAN FIRE
সাতগাঁৱত অগ্নিকাণ্ড (Etv Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 12, 2024, 9:51 PM IST

সাতগাঁৱত অগ্নিকাণ্ড (Etv Bharat Assam)

গুৱাহাটী, 12 মে’: গুৱাহাটী মহানগৰীৰ সাতগাঁৱত দেওবাৰে বিয়লি ভাগত সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনা । সাতগাঁও প্ৰাথমিক চিকিৎসালয়ৰ সমীপত এটা খালী চৌহদত মজুত কৰি ৰখা বৃহৎ পৰিমাণৰ খালী গেছৰ পাইপত আকস্মিকভাৱে জুই লগাৰ ফলত অঞ্চলটোত সৃষ্টি হয় হুৱা-দুৱা ৷

ঘটনাৰ বিৱৰণী অনুসৰি, দেওবাৰে বিয়লি প্ৰায় ৩.৩০ মান বজাত হৰিচন্দ্ৰ দাস নামৰ লোকজনৰ চৌহদটোত মজুত কৰি ৰখা বৃহৎসংখ্যক গেছৰ পাইপত আকস্মিকভাৱে জুই লগাৰ ফলত অগ্নিকাণ্ডটো সংঘটিত হয় ৷

পৰৱৰ্তী সময়ত এই জুইৰ লেলিহান শিখাই চৌদিশে আগুৰি ধৰাত অঞ্চলটোত এক হুলস্থূলীয়া পৰিৱেশ সৃষ্টি হয় ৷ ততালিকে স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে ৷ এই খবৰ লাভ কৰি কিছুসময়ৰ পিছতে অগ্নিকাণ্ড সংঘটিত হোৱা স্থানত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ 5 খনকৈ বাহন ৷ অৱশেষত অগ্নিনিৰ্বাপক বাহিনীৰ নেৰানেপেৰা প্ৰচেষ্টাৰ অন্তত এই জুই নিৰ্বাপণ হয় ৷ যাৰ বাবে সাম্ভাব্য বৃহৎ অঘটনৰ পৰা ৰক্ষা পৰে সমগ্ৰ অঞ্চলটো ৷

তাৎপৰ্যপূৰ্ণভাৱে এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও কোনো দুষ্টলোকে গেছৰ পাইপসমূহত জুই লগাই দিয়াৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষী তথা স্থানীয় ৰাইজে ৷

আনহাতে, গেছৰ পাইপসমূহত জুই লগাৰ ফলস্বৰূপে গেছ কোম্পানীটোৰ কেইবালাখ টকাৰ লোকচান হোৱা বুলি জানিব পৰা গৈছে ৷ জানিব পৰা মতে, মহানগৰ গুৱাহাটীত গেছ যোগান ব্যৱস্থাক সুলভ কৰাৰ উদ্দেশ্যে মাটিত গেছৰ পাইপ বহুৱাবৰ বাবে এটা গেছ কোম্পানীয়ে সাতগাঁৱৰ উক্ত খালী চৌহদটোত মজুত কৰি ৰাখিছিল এই গেছৰ পাইপসমূহ ৷

লগতে পঢ়ক: বিজুলী ভৱনত ভয়ংকৰ অগ্নিকাণ্ড : নষ্ট বহু নথি-পত্ৰ - Fire At Bijuli Bhawan

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.