ETV Bharat / state

তিনিচুকীয়াত উত্তেজনা; মহিলা কৰ্মচাৰীয়ে মালিকৰ বিৰুদ্ধে তুলিলে ভয়ংকৰ অভিযোগ - OBSCENE GESTURES TO FEMALE EMPLOYEE

কৰ্মক্ষেত্ৰত নাৰীৰ সুৰক্ষাক লৈ কঠোৰ আইন প্ৰণয়নৰ পিচতো যেন সুৰক্ষিত হোৱা নাই মহিলা । তিনিচুকীয়াৰ এটা ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷

Crime against Woman in Tinsukia
সুৰক্ষিত নহয় মহিলা কৰ্মচাৰী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 29, 2024, 10:44 AM IST

তিনিচুকীয়া: নাৰী সুৰক্ষাক লৈ সততে ৰাজপথত শ্ল’গান দিয়া হয় যদিও সেয়া কিমানদূৰ সফল হৈছে তাক লৈ চৰ্চা অব্য়াহত । কেইমাহমান পূৰ্বে কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত এগৰাকী মহিলা চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰাৰ পাছত দেশজুৰি নাৰী সুৰক্ষাৰ বাবে ৰাজপথত গঢ়ি উঠিছিল আন্দোলন । কিন্তু চিকিৎসাখণ্ডৰ একাংশ ব্যক্তিগত প্ৰতিষ্ঠানত মালিকৰ হাততে এতিয়া যেন সুৰক্ষিত নহয় মহিলা কৰ্মচাৰী ।

তিনিচুকীয়াৰ এখন ডায়েগ্নষ্টিক চেণ্টাৰৰ মালিকৰ বিৰুদ্ধে উঠিছে মহিলা কৰ্মচাৰীক অশ্লীল ইংগিত দিয়াৰ গুৰুতৰ অভিযোগ । তিনিচুকীয়া চহৰৰ ৰঙ্গাগড়া পথত থকা অসম হেল্থকেয়াৰ ডায়েগ্নষ্টিক চেণ্টাৰ নামৰ প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী প্ৰেম শৰ্মাৰ বিৰুদ্ধে উঠিছে এই গুৰুতৰ অভিযোগ । তিনিচুকীয়াৰ সমীপৱৰ্তী এগৰাকী মহিলা কৰ্মচাৰীক কৰ্মৰত সময়ত প্ৰেম শৰ্মাই অশ্লীল ইংগিত, অশ্লীল প্ৰস্তাৱ দিয়াৰ অভিযোগ উঠিছে ।

সুৰক্ষিত নহয় মহিলা কৰ্মচাৰী ! (ETV Bharat Assam)

লগতে দেওবাৰে মহিলাগৰাকীৰ ঘৰত গৈ ৰিতুৰাজ বৰঠাকুৰ, প্ৰেম শৰ্মাসহ তিনিগৰাকী ব্যক্তিয়ে ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে ।

উক্ত সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীয়ে দেওবাৰেই তিনিচুকীয়া সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । ইয়াৰ পিচতে তিনিচুকীয়া আৰক্ষীয়ে সোধা-পোছাৰ বাবে আটক কৰিছে অসম হেল্থকেয়াৰ ডায়েগ্নষ্টিক চেণ্টাৰৰ মালিক ডিব্ৰুগড়ৰ প্ৰেম শৰ্মা আৰু ৰিতুৰাজ বৰঠাকুৰক । উক্ত ঘটনাৰ উচিত তদন্ত কৰি এনেধৰণৰ ব্যক্তিক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ ভুক্তভোগী মহিলাগৰাকীৰ পৰিয়ালৰ লগতে আছু আৰু বিভিন্ন সংগঠনে তিনিচুকীয়া আৰক্ষীক দাবী জনাইছে । এনেধৰণেৰে কৰ্মৰত প্ৰতিষ্ঠানত মহিলা কৰ্মচাৰী সুৰক্ষিত নোহোৱা বিষয়টোৱে তিনিচুকীয়াৰ সচেতন মহলক চিন্তিত কৰি তুলিছে ।

লগতে পঢ়ক:প্ৰধান শিক্ষক পলাতক, ধৰি দিব পাৰিলে লাভ কৰিব ১৫ হাজাৰ টকা - Rape allegation in Kalgachia

কিশোৰক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত আটক প্ৰশিক্ষক - ALLEGATION OF MOLESTATION

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.