ETV Bharat / state

চৰকাৰী বিদ্যালয়ৰ চৌহদত শাক-পাচলিৰ খেতি : নান্দনিক দৃশ্যই মোহিত কৰিছে সকলোকে - PUB BARKHETRI HS - PUB BARKHETRI HS

Pub Barkhetri HS School : এখন চৰকাৰী বিদ্যালয়ে দেখুৱাইছে আদৰ্শ ৷ বিদ্যালয় চৌহদত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীৰ কৃষি বিপ্লৱৰ সূচনা । মধ্যাহ্ন ভোজনত ছাত্র-ছাত্ৰীক যোগান ধৰিছে বিদ্যালয়তে উৎপাদিত পাচলি ।

FARMING VEGETABLES AT SCHOOL
এখন ব্যতিক্ৰমী বিদ্যালয় (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jun 8, 2024, 8:14 PM IST

নলবাৰী, 8 জুন : অসমৰে এখন ব্যতিক্ৰমী বিদ্যালয় ৷ কেৱল পাঠ্যপুথিৰ শিক্ষাই নহয়; বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীক কৰ্মমুখী শিক্ষাৰেও শিক্ষিত কৰিবলৈ বিদ্যালয়খনে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷ কৰ্মমুখী তথা ব্যৱহাৰিক শিক্ষাৰে জীৱনৰ বাটত আগুৱাবলৈ ছাত্ৰ-ছাত্ৰীসকলক পথ প্ৰদৰ্শন কৰিছে বিদ্যালয়খনে ৷

বিদ্যালয় চৌহদত বিধে বিধে শাক-পাচলিৰ খেতি (ETV BHARAT ASSAM)

চালে চকুৰোৱা এই ব্যতিক্ৰমী বিদ্যালয়খনৰ চৌহদৰ নৈসৰ্গিক দৃশ্যই এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷ কিয়নো জৈৱিক পদ্ধতিৰে কৰা বিভিন্ন শাক-পাচলিৰ খেতিৰে ভৰি আছে বিদ্যালয়খনৰ চৌহদ ৷ লগতে আছে বিভিন্ন ফুলেৰে সুশোভিত দৃষ্টিনন্দন ফুলনি ৷ এই বিশেষ বিদ্যালয়খন হ’ল নলবাৰীৰ লোহাৰকাঠাস্থিত পূৱ বৰক্ষেত্ৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় ৷

বিদ্যালয়খনৰ চৌহদত থকা দুবিঘাতকৈ অধিক ভূমিত বিধে বিধে কৰা হৈছে পাচলিৰ খেতি ৷ বিদ্যালয়খনৰ পাচলিবাৰীত লমালমে লাগিছে পাচলি ৷ পানীলাও, ৰঙালাও, জিকা , কোমোৰা , তিঁয়হ , ভেন্দি , জলকীয়াৰ লগতে বিবিধ পাচলিৰে ভৰপূৰ হৈ আছে বিদ্যালয়ৰ বাৰী ৷ চালে চকু থৰ হৈ ৰোৱা পৰিৱেশ এতিয়া বিদ্যালয়খনত ৷ উল্লেখ্য যে বৃহত্তৰ অঞ্চলটোৰ অধিকাংশ লোকেই কৃষিৰ ওপৰত নিৰ্ভৰশীল ৷ বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলক কৃষিৰ প্ৰতি আগ্ৰহ জন্মোৱাৰ উদ্দেশ্যেই বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীসকলৰ সহযোগত এনেদৰে কৰিছে এই কৃষিকাৰ্য ৷

উল্লেখ্য যে, উৎপাদিত এই পাচলিসমূহ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ব্যৱহাৰ কৰা হয় ৷ বিদ্যায়তনিক শিক্ষাৰ লগতে বিদ্যালয়খনত ব্যৱহাৰিক শিক্ষা দিয়া হয় ছাত্ৰ-ছাত্ৰীক ৷ ইফালে ইয়াৰ লগতে বিদ্যালয়খনত কৃষিকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত প্ৰশিক্ষণৰ যো-জা চলাইছে কৰ্তৃপক্ষই ৷ ইয়াৰ উপৰিও ছয় শতাধিক ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খনৰ চৌহদৰ দেৱালত কৰ্তৃপক্ষই লিখিছে বহু মহৎ লোকৰ বাণী, যিয়ে আকৃষ্ট কৰে বিদ্যালয়খনলৈ অহা অভিভাৱকৰ লগতে বিদ্যালয়খনৰ সন্মুখেৰে পাৰ হৈ যোৱা পথচাৰীকো ৷ 1962 চনতে স্থাপিত বিদ্যালয়নে শিক্ষাৰ ক্ষেত্ৰতো বিভিন্ন সময়ত অৰ্জন কৰি আহিছে সুখ্যাতি ৷

লগতে পঢ়ক : বিদ্যালয়ত জৈৱিক পদ্ধতিৰে সেউজীয়া শাক-পাচলিৰ খেতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.