ETV Bharat / state

পানীত বুৰ যোৱা ধান কেইডৰালৈ চাই হুমুনিয়াহ কৃষকৰ - Assam Flood 2024

Flood in Majuli : ৰাজ্য়ত ভৰ বাৰিষাৰ পথাৰত কৃষকৰ ব্যস্ততাৰ সময়তে মাজুলীৰ বিস্তীৰ্ণ অঞ্চলৰ কৃষকে মূৰে-কপালে হাত দিছে । কাৰণ আজিও পানীত তলতেই আছে কৃষিভূমি ৷

author img

By ETV Bharat Assamese Team

Published : Jul 6, 2024, 4:51 PM IST

Flood in Majuli
ৰাজ্যত অপৰিবৰ্তিত বান (ETV BHARAT ASSAM)

মাজুলী, ৬ জুলাই : ৰাজ্যত অপৰিবৰ্তিত বান পৰিস্থিতি । কিছু কিছু ঠাইত বান পৰিস্থিতি সামান্য় উন্নত হৈছে যদিও বহু ঠাইত আজিও অপৰিবৰ্তিত হৈ আছে এই পৰিস্থিতি । সত্ৰপীঠ মাজুলীত বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও বানে নষ্ট কৰিলে বিভিন্ন অঞ্চলৰ কৃষিভূমি । পশুধনৰ খাদ্য়ৰ বাবে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । এই বানে উটুৱাই লৈ গ'ল বহুতো লোকৰ নিজৰ সপোনৰ ঘৰখনো । মাজুলীৰ কৰতিপাৰ পঞ্চায়তৰ অন্তৰ্গত শ্ৰীৰাম গাঁৱতো কৃষকৰ সপোনো থানবান কৰিলে ভয়াবহ বানে ।

অপৰিবৰ্তিত বান : পানীত বুৰ যোৱা ধান কেইডৰালৈ চাই হুমুনিয়াহ কৃষকৰ (ETV BHARAT ASSAM)

নিজ হাতে কৰা আহু আৰু বড়ো ধান কেইডৰা পানী ডুব গৈছে । এই পানীয়ে খেতি কেইডৰাত পেলালে বোকা । উপায়ন্তৰ হৈ এতিয়া এইসকল কৃষকে নিজৰ আধাপকা ধান পানীৰ মাজতে কাটি পেলাইছে । নদীৰ পানীৰ লগতে বোকাই পুতি পেলোৱা খেতিপথাৰলৈ চাই হুমুনিয়াহ কাঢ়িছে কৃষকে । এইসকল কৃষকৰ যেন আজি আন একো উপাই নাই । কৃষক ৰাইজৰ বছৰৰ ভাতমুঠি আহু আৰু বড়োধানৰ খেতিৰ ওপৰতেই নিৰ্ভৰশীল ৷ সম্প্ৰতি একঁকাল পানীৰ তলত কৃষকসকলৰ সপোনৰ খেতিডৰা ৷ বানত খেতি বুৰ যোৱাৰ ফলত প্ৰতিটো ধানৰ মুঠিতে এতিয়া গজালি মেলিছে ৷

লগতে পঢ়ক:বলিয়া বানৰ ভয়ংকৰ ৰূপ : তিনি হাজাৰ কোটিৰো অধিক আন্তঃগাঁথনি ক্ষতিৰ আশংকা - Assam Flood 2024

বছৰটোৰ বাবে ভাতমুঠি চপোৱাৰ তাড়নাতেই একঁকাল পানীতো বুৰ গৈ এতিয়া কৃষকসকলে চপাইছে গজালি ওলোৱা ধানকে ৷ সেই গজালি মেলা ধানকে চপাই আনি মথাউৰি বা ওখ ভেটিত ৰ’দত শুকুৱাইছে এইসকল কৃষকে ৷ ইফালে, ভূতৰ ওপৰত দানহ পৰাদি ৰাজ্যত সম্প্ৰতি বানৰ কাৰণে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য ৷ শাক-পাচলিৰ লগতে চাউলৰ মূল্যই ৰাইজক জোলোকা জোলোকে পানী খুৱাইছে ৷

ক্ষুব্ধ কৃষকসকলে অভিযোগ উত্থাপন কৰি কয় যে বৰ্তমানৰ চৰকাৰৰ কৃষকক সহায় কৰা ব্যৱস্থাটো কেৱল কাগজ-কলমতে সীমাৱদ্ধ । আচঁনি দিয়াৰ নামত কেৱল কাগজ বিচাৰে চৰকাৰী ব্যৱস্থাটোৱে ৷ কৃষকৰ দুখ-দুৰ্গতি বুজিবলৈ আহৰি নাই চৰকাৰৰ । সেয়েহে চৰকাৰক এইসকল কৃষকে অকণমান সহায় কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক:সাধাৰণ জনতাৰ অজ্ঞতাৰ সুযোগ লৈ চৰকাৰে ৰাইজক ৰাম ঠগন দি আছে : অখিল গগৈ - Assam Flood 2024

সাৱধান ! শেহতীয়াকৈ বানত বুৰ গৈছে ৩০ খন‌ জিলাৰ ৩৬১৮ গাঁও - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.