ETV Bharat / state

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক চূড়ান্ত পৰীক্ষাত পদাৰ্থ বিজ্ঞানত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ ফাৰদীনৰ - GU Physics Topper Fardeen Haque

author img

By ETV Bharat Assamese Team

Published : Aug 3, 2024, 9:05 PM IST

GU Physics Topper Fardeen Haque: কলিয়াবৰৰ ফাৰদীন হকৰ সফলতা ৷ স্নাতক চূড়ান্ত পৰীক্ষাত পদাৰ্থ বিজ্ঞান বিভাগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰতে সৰ্বোচ্চ ৯০.৩ শতাংশ নম্বৰ লাভ কৰি প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান দখল কলিয়াবৰৰ ফাৰদীনৰ ৷

GU Physics Topper Fardeen Haque
গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক চূড়ান্ত পৰীক্ষাত পদাৰ্থ বিজ্ঞান বিভাগত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ ফাৰদীনৰ (ETV Bharat Assam)

কলিয়াবৰ, ৩ আগষ্ট: কলিয়াবৰলৈ সুখৰ কঢ়িয়াই আনিলে ফাৰদীনে । কলিয়াবৰ মহাবিদ্যালয়ৰ পৰা স্নাতক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত পদাৰ্থ বিজ্ঞান বিষয়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি ফাৰদীনে কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনিছে । ফাৰদীনে এই পৰীক্ষাত বিশ্ববিদ্যালয়ৰ ভিতৰতে সৰ্বোচ্চ ৯০.৩ শতাংশ নম্বৰ লাভ কৰি প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান দখল কৰি কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক: কিছুমান বিষয় ৰাজনীতিৰ উৰ্ধত: বহুতৰ বাবে আজি আজমল বিজয়ী - NEET ২০২৪ results

সৰুৰে পঢ়া-শুনাৰ লগতে খেলা-ধূলাতো পাৰদৰ্শিতা দেখুওৱা ফাৰদীন কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ কলিয়াবৰ মহাবিদ্যালয়ত বিজ্ঞান শাখাত অধ্যয়ন কৰে । কলিয়াবৰৰ কুঁৱৰীটোলৰ নিবাসী তথা কলিয়াবৰ মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক মফিজুল হক আৰু শ্বামীম আখতাৰৰ একমাত্ৰ পুত্ৰ ফাৰদীনৰ এই সফলতাত পৰিয়ালৰ লগতে সুখী কলিয়াবৰ মহাবিদ্যালয় পৰিয়াল তথা কলিয়াবৰবাসী ।

ফাৰদীনৰ এই সফলতাৰ বাবে কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰমুখ্যে শিক্ষক-কৰ্মচাৰীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে তেখেতসকলৰ আশীৰ্বাদৰ ফলতেই এই সফলতাৰ লাভ কৰিছে বুলি জনায় । পৰিয়ালৰ জ্যেষ্ঠ-কনিষ্ঠ প্ৰতিজন সদস্যৰ সহযোগিতাও ফাৰদীনৰ সফলতাৰ অন্যতম সহচৰ আছিল । শিক্ষক পিতৃয়ে প্ৰতিটো ক্ষণতে বিদ্যায়তনিক দিশৰ লগতে অন্যান্য দিশৰ প্ৰতিও লক্ষ্য ৰখাৰ লগতে অধ্যয়নৰ ক্ষেত্ৰত মাতৃৰ বিশেষ তদাৰকৰ কথাও অৱগত কৰে ফাৰদীনে ।

লগতে পঢ়ক: NEET পৰীক্ষাত জিলিকিল বাইহাটাৰ আৰিফ, লাভ কৰিলে 700 নম্বৰ - NEET Exam Results 2024

ভৱিষ্যতে এগৰাকী অধ্যাপক হোৱাৰ আশাৰে ফাৰদীনে উচ্চ শিক্ষা গুৱাহাটী বিশ্ববিদ্যালয়তে লাভ কৰাৰ আশা পুহি ৰাখিছে । এইক্ষেত্ৰত পিতৃ-মাতৃয়েও পুত্ৰৰ এই সফলতাৰ বাবে ফাৰদীনৰ একাগ্ৰতা বুলি কোৱাৰ লগতে শিক্ষকসকলৰ নিৰবাচ্ছিন্ন সহযোগিতাৰ বাবে ধন্যবাদ জনায় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.