ETV Bharat / state

ল’ৰাটোক হেৰুৱালো, অন্ততঃ ন্যায় হিচাপে সংস্থাপন এটা দিয়ক : দীপাংকৰ গগৈৰ মাতৃৰ কাতৰ আহ্বান - Demand for justice

author img

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 7:31 PM IST

Dipankar Gogoi suicide case: পুত্ৰৰ ছবি বুকুত লৈ ন্যায় বিচাৰি কান্দিছে মাতৃয়ে ৷ ঘৰখনৰ সকলোৰে আশা আছিল কেৱল ল’ৰাটোৰ ওপৰত ৷ কিন্তু ভুলৰ বলি হৈ চিৰদিনৰ বাবে হেৰাই গ’ল ল’ৰাটো ৷ ভুলটো কাৰ আছিল ? ভয়-ভাবুকিৰে আৰক্ষীয়ে কিয় আলফা(স্বা)ৰ সদস্য সজাব খুজিছিল তেওঁক ? এই পৰিণামৰ পিচত এতিয়া পৰিয়ালটোৰ কি হ’ব ? দীপাংকৰ গগৈৰ পৰিয়ালে ন্যায় পাবনে ? পঢ়ক সবিশেষ...

DEMAND FOR JUSTICE
Dipankar Gogoi suicide case (ETV Bharat Assam)

যোৰহাট, 27 জুন: আৰক্ষীত ভৰ্তি হোৱাৰ প্ৰৱল ইচ্ছা আছিল ল’ৰাটোৰ ৷ যাৰ বাবে নিতৌ কষ্ট কৰিছিল সি ৷ দৌৰিছিল, কচৰৎ কৰিছিল ৷ পুলিচৰ চাকৰিৰ বাবে প্ৰ-পত্ৰও পূৰণ কৰিছিল ৷ চকৰিটো পালে জীৱনৰ গতি লাগিব, বেমাৰী মাক-দেউতাকহালৰ চিকিৎসা কৰাব, ঘৰখন সুন্দৰকৈ সাজিব, সপোনবোৰ পূৰণ কৰিব ৷ চাকৰিটো পালে আৰু নিৰাশাৰ হুমুনিয়াহ কাঢ়ি থাকিব নালাগিব ৷ বুকুত অযুত সপোন আছিল ৷ কিন্তু সেই সপোন আজি ল’ৰাটোৰ সৈতে সমাধিত শুই আছে ৷

পুত্ৰৰ ছবি বুকুত লৈ ন্যায় বিচাৰি কান্দিছে মাতৃয়ে (ETV Bharat Assam)

আমি কোৱা এই ল’ৰাটো হৈছে যোৰহাট জিলাৰ তিতাবৰ বিৰিণা শায়েকৰ দীপাংকৰ গগৈ ৷ চাকৰিৰ বাবে নিতৌ কষ্ট কৰাৰ লগতে খেতি-বাতিত দেউতাককো সহায় কৰিছিল যুৱকজনে ৷ কিন্তু দুৰ্ভাগ্যই অকালতে কাঢ়ি লৈ গ’ল দীপাংকৰক ৷ এতিয়া দীপাংকৰ ফটোখন বুকুত সাৱটি নিতৌ চকুলো বোৱাবলগীয়া হৈছে তেওঁৰ মাতৃয়ে ৷

লগতে পঢ়ক: যোৰহাট গ্ৰেণেড বিস্ফোৰণত জড়িত নাছিল দীপাংকৰ : আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী পৰিয়ালৰ - ULFA I GRENADE ATTACK

2023 চনৰ 14 ডিচেম্বৰ, এটা বিস্ফোৰণৰ শব্দই ভেদি গৈছিল যোৰহাট জিলাৰ লিচুবাৰী অঞ্চল ৷ লিচুবাৰীত থকা 41 নং সেনা ছাউনিৰ সমীপত সংঘটিত হৈছিল এক গ্ৰেণেড বিস্ফোৰণ ৷ উক্ত বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছিল নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনে ৷ বিস্ফোৰণৰ আঁৰত জড়িত থকা সকলক ধৰিবলৈ সেই সময়ৰ যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক মোহন লাল মিনাৰ নেতৃত্বত তৎপৰ হৈ পৰিছিল যোৰহাট আৰক্ষী ৷

সন্দেহৰ ভিত্তিত আৰক্ষীয়ে সোধ-পোচৰ বাবে লৈ গৈছিল বিৰিণা শায়েকৰ দীপাংকৰ গগৈক ৷ সেইসময়ত খেতিৰ ধান চপোৱাত ব্যস্ত আছিল দীপাংকৰ ৷ নিতৌ দীপাংকৰক মাতি নিয়া হৈছিল থানালৈ ৷ তাত আৰক্ষীয়ে বাৰে বাৰে ঘটনাটোৰ সন্দৰ্ভত দীপাংকৰক প্ৰশ্ন কৰিছিল ৷ আলফা (স্বা)ৰ সৈতে জড়িত নেকি বুলি বাৰে বাৰে সুধিছিল যদিও প্ৰতিবাৰেই দীপাংকৰে কৈছিল যে তেওঁ আৰক্ষীত ভৰ্তিৰ বাবে পৰিশ্ৰম কৰি আছে, নিষিদ্ধ সংগঠনটোৰ সৈতে তেওঁ কোনোধৰণে জড়িত নহয় ৷

লগতে পঢ়ক: যোৰহাটৰ আৰক্ষী অধীক্ষক মোহনলাল মীনাক গ্ৰেপ্তাৰৰ দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ - ULFA I GRENADE ATTACK

অভিযোগ মতে, দীপাংকৰ নিতৌ শাৰীৰিক নিৰ্যাতন চলাইছিল আৰক্ষীয়ে ৷ ঘৰলৈ আহোতে হাতত দি পঠিয়াইছিল এটাকৈ বিষৰ মলম ৷ পাঁচদিন অসহ্য নিৰ্যাতন সহি দীপাংকৰ ভাগৰি পৰিছিল ৷ মাকক সি কৈছিল, মোহন লাল মিনাই মূৰত পিস্তল থৈ আলফা(স্বা)ৰ সদস্য বুলি মানি ল’বলৈ ধমকি দিছিল৷ মানি নল’লে গুলীয়াই দিয়াৰো দিছিল হুমকি ৷ এইবোৰ কথাই মানসিকভাৱে ভাঙি পেলাইছিল দীপাংকৰক ৷ তাৰ পিচতেই 25 ডিচেম্বৰৰ নিশা দীপাংকৰে লৈছিল চৰম সিদ্ধান্ত ৷ পিচদিনা পুৱা পৰিয়াল তথা চুবুৰীয়াই ওচৰৰ এজোপা গছত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰিছিল দীপাংকৰৰ নিথৰ দেহ ৷

আলফা(স্বা)ৰ নামত আৰক্ষীয়ে চলোৱা অত্যাচাৰ সহিব নোৱাৰি গুচি গ’ল দীপাংকৰ ৷ সেই সময়ত দীপাংকৰ নিৰ্দোষী বুলি দাবী কৰি পৰিয়াল স্থানীয় ৰাইজ তথা দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে দীপাংকৰৰ মৃত্যুৰ বাবে আৰক্ষীক জগৰীয়া কৰিছিল ৷ দাবী তুলিছিল ন্যায় প্ৰদানৰ ৷ কিন্তু প্ৰতিবাদৰ কোনো সুফল পোৱা নাছিল ৷

লগতে পঢ়ক: সেনা ছাউনীত আলফা (স্বাধীন)ৰ আক্ৰমণ: পৰেশ বৰুৱাসহ চাৰি অভিযুক্তৰ বিৰুদ্ধে NIA ৰ অভিযোগনামা দাখিল - ULFA I Attack On Army Stations

অৱশেষত এই বিস্ফোৰণৰ ঘটনাৰ তদন্ত কৰা ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ NIA ই আদালতত দাখিল কৰিলে অভিযোগনামা ৷ এই অভিযোগনামাত নাম নাই দীপাংকৰৰ ৷ অৰ্থাৎ দীপাংকৰ যে এই ঘটনাত জড়িত নাছিল সেয়া স্পষ্ট হৈ পৰিল ৷ কিন্তু নিৰ্দোষী হ’লেও এতিয়াও আৰু দীপাংকৰ এই সংসাৰত নাই ৷ আছে মাথোঁ মাতৃৰ বুকুত এবোজা দুখ, অন্তহীন হতাশা আৰু অন্ধাকৰ ভৱিষ্যতৰ প্ৰতি গভীৰ চিন্তা ৷ দীপাংকৰেই তেওঁলোকৰ আশা-ভৰষাৰ একমাত্ৰ থল আছিল ৷

NIA ৰ অভিযোগনামা দাখিলৰ পিচতেই মাতৃ-ভগ্নী তথা স্থানীয় ৰাইজে দীপাকৰৰ মৃত্যুৰ বাবে জগৰীয়া এছ পি মোহন লাল মিনা, এছ ডি পি অ’ কাকলী পাটগিৰি আৰু অ’চি লক্ষ্মণকুমাৰ দাসৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৷ ইফালে স্থানীয় দল-সংগঠনেও এই ঘটনাক তীব্ৰ সমালোচনা কৰি আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীক ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে ৷

লগতে পঢ়ক: আৰক্ষীৰ অত্যাচাৰত যুৱকৰ মৃত্যু: ৬ জন আৰক্ষীক যাৱজ্জীৱন কাৰাদণ্ড - Life imprisonment

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই দীপাংকৰক মৃত্যুৰ মুখলৈ ঠেলি দিয়া বুলি অভিযোগ তুলি আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে ৷ তেওঁ কয় যে এজন কৰ্মঠ, তেজাল ডেকাক আৰক্ষীয়ে হত্যা কৰিলে ৷ ইয়াৰ বিচাৰ হ’ব লাগে ৷ ‘‘চৰকাৰে কোনোবা সিঙক ডিজিপি পাতিব, কোনোবা মিনাক এছ পি পাতিব আৰু অসমীয়া বৰা, গগৈ, চুতীয়াক অত্যাচাৰ কৰি মাৰিব ৷’’ বিদ্যুৎ শইকীয়াই কয় ৷

আৰক্ষীৰ প্ৰতি ৰাইজৰ যদি আস্থা থাকিব লাগে, মুখ্যমন্ত্ৰীৰ প্ৰতি যদি তিলমানো সন্মান থাকিব লাগে তেন্তে দোষী আৰক্ষী বিষয়াক শাস্তি প্ৰদান কৰি ভুক্তভোগী পৰিয়ালটোক উচিত ক্ষতিপূৰণ আৰু সংস্থাপন দিবলৈও মুখ্যমন্ত্ৰীক দাবী জনায় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাগৰাকীয়ে ৷

লগতে পঢ়ক: নিৰীহক প্ৰহাৰ : তিনি বিষয়াসহ পাঁচজন আৰক্ষীৰ ৰিজাৰ্ভ ক্ল’জ - Police Official Assault Case

ইফালে পুত্ৰৰ ফটো বুকুত সাৱটি চকুলো টুকি দিন পাৰ কৰা দীপাংকৰৰ মাতৃয়ে কয় যে, ঘৰখনত দীপাংকৰেই আছিল উপাৰ্জনৰ একমাত্ৰ থল ৷ এতিয়া দুটাকৈ অসুখীয়া মানুহ চলিবলৈ বাৰুকৈয়ে অসুবিধা হৈছে ৷ ল’ৰাটো যিহেতু গুচিয়েই গ’ল, চৰকাৰে তেওঁৰ ভগ্নীক কিবা এটা সংস্থাপন দি পৰিয়ালটোক উদ্ভাৰ কৰিব লাগে ৷

ইফালে, ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে নলবাৰীত অনুষ্ঠিত কেবিনেট বৈঠকৰ পিচত সংবাদমেল সম্বোধন কৰি আন বিষয়ৰ লগতে দীপাংকৰৰ মৃত্যুৰ বিষয়তো মন্তব্য প্ৰদান কৰিছে ৷ মুখ্যমন্ত্ৰীয়ে কয় যে মৃত মানুহৰ নাম অভিযোগনামাত লিখা নহয়, সেয়ে NIA ৰ অভিযোগনামাত নাম নাই দীপাংকৰ গগৈৰ ৷

লগতে পঢ়ক: ৰাজপথত আৰক্ষীৰ গুণ্ডাগিৰি : আৰক্ষী বিষয়াসহ দুই কনিষ্টবলৰ বিৰুদ্ধে তদন্ত ঘোষণা - Brutally thrashed by police

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.