তেজপুৰ, ১৫ জুন : ‘‘শিশুক সাহিত্যৰ প্ৰতি আগ্ৰহী কৰাৰ দায়িত্ব পিতৃ-মাতৃৰ ৷ ডিজিটেল যুগত সকলো মানুহেই ব্যস্ত ম’বাইল ফোন, ইণ্টাৰনেটৰ লগতে ৷ তথাপিও অভিভাৱকসকলৰ লগতে শিক্ষক-শিক্ষত্ৰীসকলেও ছাত্ৰ-ছাত্ৰীক লিখিবলৈ বা সৃষ্টি কৰিবলৈ এটা সুযোগ প্ৰদান কৰা প্ৰয়োজন ৷’’ এই মন্তব্য বিশিষ্ট সাহিত্যিক, ঔপন্যাসিক তথা ২০২৪ বৰ্ষৰ শিশু-সাহিত্য অকাদেমি বঁটা লাভ কৰা ৰঞ্জু হাজৰিকাৰ ।
উল্লেখ্য যে বিশিষ্ট সাহিত্যিকগৰাকীৰ ‘বিপন্ন বিস্ময় খেল’ উপন্যাসৰ বাবে শিশু-সাহিত্য অকাদেমী বঁটা ঘোষণা কৰা হৈছে । এই বঁটা ঘোষিত হোৱাৰ পিচতে তেজপুৰ মাজগাঁওস্থিত স্ব-গৃহত ই টিভি ভাৰতৰ লগত হোৱা এক আছুতীয়া সাক্ষাৎকাৰত তেওঁ কয় যে বঁটা লাভ কৰি তেওঁ নিজেই গৌৰৱ অনুভৱ কৰিছে আৰু বিশেষকৈ প্ৰকাশক গোষ্ঠীক তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰে ৷ এনেদৰে সাহিত্য অকাদেমি লাভৰ খবৰ লাভ কৰিব বুলি তেওঁ ভবা নাছিল বুলিও মন্তব্য কৰে ই টিভি ভাৰতৰ সন্মুখত ।
লগতে পঢ়ক: লক্ষ্যজ্যোতি গগৈ সন্দিকৈলৈ অনুবাদ সাহিত্যৰ সাহিত্য অকাডেমী বঁটা
উল্লেখ্য যে থ্ৰিলাৰ কাহিনীৰ বাবে বিখ্যাত আৰু ছদ্ম নামেৰে গ্ৰন্থ ৰচনা কৰা কুমুদ চন্দ্ৰ হাজৰিকা ওৰফে ৰঞ্জু হাজৰিকাই বৰ্তমানলৈকে প্ৰায় ৮০০ গ্ৰন্থ ৰচনা কৰিছে ৷ সমান্তৰালভাৱে ৰচনা কৰিছে শিশু গ্ৰন্থও ৷ ১৯৮৪ চনৰ পৰা চিৰিজ হিচাবে শিশু সাহিত্য ৰচনা কৰা ৰঞ্জু হাজৰিকাই তেওঁৰ নন্দন, জিন্টন, ৰোহন আদি শিশু সাহিত্যৰ চিৰিজ প্ৰকাশ পোৱাৰ পিচত অপাৰ জনপ্ৰিয়তা অৰ্জন কৰে ৷ এই সমাদৰে তেওঁক পৰৱৰ্তী গ্ৰন্থ ৰচনা কৰিবলৈ অনুপ্ৰাণিত কৰে বুলি উল্লেখ কৰে ।
লগতে পঢ়ক: গণশিল্পী সূৰ্য দাসলৈ অসম সাহিত্য সভাৰ বিষ্ণু ৰাভা শিল্পী সন্মান
জীৱনৰ অধিক সময় চাহ বাগিচাৰ মাজতে কটোৱা হাজৰিকাই চাহ বাগিচাৰ লোকসকলৰ জীৱনধাৰণৰ ওপৰতো গ্ৰন্থ ৰচনা কৰিছে । সম্প্ৰতি তেওঁ দক্ষিণ আমেৰিকাৰ সৰীসৃপ পানী আনাকোণ্ডাৰ ওপৰত এখন গ্ৰন্থ লিখি আছে ৷ তেওঁ বিষয়টো সন্দৰ্ভত অধিক তথ্য দিয়াৰ পৰা বিৰত থাকে যদিও এই গ্ৰন্থখনে কিছু নতুন খোৰাক যোগাব বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে ২০০৮ চনত ৰঞ্জু হাজৰিকাই "ৰহস্য সম্ৰাট" সম্মান লাভ কৰে । প্ৰেৰণা বঁটা, সাহিত্য বঁটা আদি বিভিন্ন বঁটা লাভ কৰা বিশিষ্ট সাহিত্যিকগৰাকীয়ে ২০২১ চনত অসম চৰকাৰৰ সাহিত্যিক পেন্সন লাভ কৰে ।
লগতে পঢ়ক: ৰঞ্জু হাজৰিকালৈ শিশু সাহিত্য অকাদেমি বঁটা