ETV Bharat / state

গোলাঘাটত বান বিভীষিকা : চৌদিশে বৰ্নাত্যৰ আৰ্তনাদ - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Aug 9, 2024, 1:40 PM IST

FLOOD IN GOLAGHAT : নীপকো জলবিদ্যুৎ প্ৰকল্পই এৰি দিয়া পানীৰ ফলত বৃদ্ধি হৈছে গোলাঘাটৰ দৈয়াং নৈৰ জলস্তৰ ৷ জলমগ্ন হৈ পৰিছে ধনশিৰি মহকুমাৰ বিভিন্ন অঞ্চল । বিশুদ্ধ খোৱাপানীকে ধৰি বিভিন্ন সমস্যাত বৰ্নাত্য ৷

Assam Flood 2024
গোলাঘাটত বান বিভীষিকা: চৌদিশে বৰ্নাত্যৰ আৰ্তনাদ (ETV Bharat Assam)

সৰুপথাৰ, 9 আগষ্ট : ৰাজ্যত এতিয়াও অন্ত হোৱা নাই বান বিভীষিকাৰ ৷ নীপকোৱে এৰি দিয়া পানীয়ে এইবাৰ ত্ৰাসৰ সৃষ্টি কৰিছে গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত ধনশিৰি মহকুমাৰ বিভিন্ন অঞ্চলত । নীপকোৱে পানী এৰি দিয়াৰ ফলত দৈয়াং নদীৰ জলস্তৰ বৃদ্ধি পাইছে আৰু সমস্যাৰ সন্মুখীন হৈছে সমীপৱৰ্তী বহুলোক ৷

উল্লেখ্য যে, দৈয়াং জলবিদ্যুৎ প্রকল্পৰ চাৰিখনকৈ গেট খুলি দিয়াৰ পিচতে বৃদ্ধি হৈছে দৈয়াং নদীৰ জলস্তৰ আৰু জলমগ্ন হৈ পৰিছে নৈৰ দাঁতিকাষৰীয়া অঞ্চলসমূহ । বৰ্তমান পৰ্যন্ত, সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত আমগুৰি, টেঙানীৰ নৈ কাষৰীয়া অঞ্চল, গেলাবিল, উৰিয়ামঘাটৰ বহু অঞ্চলৰ লোক এতিয়া নীপকোৱে এৰি দিয়া পানীৰ ফলত বানৰ কবলত পৰিছে ।

দুৰ্ভাগ্যজনক বিষয় যে, উক্ত অঞ্চলসমূহৰ জনসাধাৰণ বানৰ কবলত পৰাৰ পিচতো ধনশিৰি মহকুমা প্ৰশাসনে এতিয়ালৈকে কোনো সাহায্য শিবিৰৰ ব্যৱস্থা কৰা নাই বুলি বানাক্ৰান্তই জনায় । এই বানৰ ফলত সমগ্র অঞ্চলটোতে বহু হেক্টৰ কৃষি ভূমিৰ বিস্তৰ ক্ষতি সাধন হৈছে ।

এগৰাকী ভুক্তভোগীয়ে এই সন্দৰ্ভত কয়, "প্ৰায় 700-800 বিঘা ভূমি ক্ষতিগ্ৰস্ত হৈছে ৷ কল, জিকা, তিঁয়হ, তিতাকেৰালা, পাণ-তামোল সকলো খেতি নষ্ট হৈ গ’ল ৷ 40-50 ঘৰ মানুহ বানৰ কবলত পৰিছে ৷ প্ৰশাসনৰ লোকক দেখাই নাই আমি ৷ এটা ৰাতি ৰাস্তাতে কটালো ৷ দমকল পৰ্যন্ত পানীত ডুব যোৱাৰ ফলত খোৱাপানীৰো অভাৱ হৈছে ৷"

আনহাতে বিশুদ্ধ খোৱাপানীকে ধৰি অন্যান্য সমস্যাবোৰৰ উপৰিও পশুধনকলৈও সমস্যাত পৰিছে বানাক্ৰান্ত ৰাইজ । অঞ্চলটোত বৃহস্পতিবাৰৰ নিশাৰ পৰাই পানী বাঢ়ি আহিছে বুলি ভুক্তভোগীসকলে জনায় ৷

লগতে পঢ়ক: পুনৰ বানৰ কবলত গোলাঘাটৰ বহু অঞ্চল : আশ্ৰয় শিবিৰ স্থাপন - Sluice Gate in Golaghat

যানজঁট-কৃত্রিম বানৰ মাজত ধীৰ গতিত মুখ্যমন্ত্রীৰ কনভয় - Guwahati Artificial Floods

সতৰ্ক হোৱাৰ আহ্বান : নীপকো জলবিদ্যুৎ প্ৰকল্পৰ ৪ খন গেটেৰে খুলি দিয়া হৈছে পানী - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.