ETV Bharat / state

অসমৰ চৰকাৰী চাকৰিত 100 শতাংশ থলুৱা যুৱক-যুৱতীৰ নিযুক্তি নিশ্চিত কৰাৰ দাবী অজাপৰ - Assam Jatiya Parishad - ASSAM JATIYA PARISHAD

AJP Press meet: অসম জাতীয় পৰিষদৰ গুৱাহাটীস্থিত কাৰ্যালয়ত সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ সংবাদমেল ৷ বিভিন্ন প্ৰসংগৰ অৱতাৰণা কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তথা ৰাজ্যিক বিজেপিক কঠোৰ ভাষাৰে সমালোচনা ভূঞাৰ ৷ অসমৰ চৰকাৰী চাকৰিত থলুৱা যুৱক-যুৱতীৰ 100 শতাংশ নিযুক্তি নিশ্চিত কৰাৰ দাবী অসম জাতীয় পৰিষদৰ ৷

Etv Bharat
অসম জাতীয় পৰিষদৰ সংবাদ মেল (Etv Bharat)
author img

By ETV Bharat Assamese Team

Published : Jul 13, 2024, 8:22 PM IST

গুৱাহাটী, 13 জুলাই: "জাতি-মাটি-ভেটি ৰক্ষাৰ সপোন দেখুৱাই দুবাৰকৈ ৰাজ্যত ক্ষমতা দখল কৰা বিজেপি চৰকাৰে জাতিৰ অস্তিত্ব সুৰক্ষিত কৰাৰ ক্ষেত্ৰত একো পদক্ষেপ গ্ৰহণ কৰা নাই । তাৰ সলনি চৰকাৰখনে অসমীয়া জাতি, ৰাজ্যৰ অন্য থলুৱা জনগোষ্ঠীসমূহ তথা সামগ্রিকভাৱে এই ৰাজ্যৰ স্থায়ী বাসিন্দাসকলৰ স্বাৰ্থৰ বিৰুদ্ধে কাম কৰি আহিছে । 2014, 2016, 2019, 2021 আৰু 2024 চনৰ নির্বাচনত যি বিশ্বাস আৰু প্ৰত্যাশাৰে অসমৰ ৰাইজে বিজেপি দলক ভোট দি ক্ষমতাত বহুৱাইছিল, বিজেপি দলে সেই ভৰসা ভংগ কৰি ৰাইজৰ আশাত চেঁচা পানী ঢালিছে"- এই মন্তব্য অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ ।

অসম জাতীয় পৰিষদৰ সংবাদ মেল (ETV Bharat)

শনিবাৰে দলৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি ভূঞাই কয়, "বিজেপিয়ে অসমীয়া মানুহক বিশ্বাসঘাতকতা কৰি ৰাজ্যখনৰ জাতীয় সত্বা নিঃশেষ কৰিবলৈ গভীৰ ষড়যন্ত্র চলাই আহিছে । তাৰেই অংশ হিচাপে অসমীয়া জাতিৰ আধ্যাত্মিক, সামাজিক তথা সাংস্কৃতিক দৰ্শনৰ প্ৰাণ প্রতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নামত প্ৰৱৰ্তিত ৰাজ্যৰ সর্বোচ্চ অসামৰিক বঁটা শ্রীমন্ত শংকৰদেৱ বঁটাটি বন্ধ কৰি দিলে । তেওঁলোকে এফালে সনাতনী সংস্কৃতিৰ পৃষ্ঠপোষকতা কৰো বুলি কয়, আনফালে গুৰুজনাৰ দৰ্শন আৰু আদর্শক অসম্মান কৰিবলৈয়ো কুণ্ঠাবোধ নকৰে ৷ বিজেপি চৰকাৰখনে কোনো এটা জাতীয় আৰু জনস্বার্থ জড়িত বিষয়ৰ স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ।"

চৰকাৰী চাকৰি থলুৱাৰ বাবে সুৰক্ষিত হোৱা বুলি মুখ্যমন্ত্রীয়ে অসত্য কথা কৈ ৰাইজৰ চকুত শেহতীয়াকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ধূলি দিছে বুলি অভিযোগ তোলে ভূঞাই । এই সন্দৰ্ভত ভূঞাই কয়, "মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই পি আৰ চি প্ৰত্যাহাৰৰ সিদ্ধান্ত বাতিল কৰি এ‌টা ধাৰণা সৃষ্টি কৰিব বিচাৰিছে যে অসমৰ সকলো চাকৰি এতিয়া স্থানীয় যুৱক-যুৱতীৰ বাবে সুৰক্ষিত হ’ল । কিন্তু অসমৰ বিভিন্ন কলেজত বিজেপি চৰকাৰৰ দিনতে বহিঃৰাজ্যৰ প্ৰাৰ্থীয়ে চাকৰি পোৱাৰ বহু উদাহৰণ আছে । শিলচৰৰ কাছাৰ কলেজৰ বাংলা বিভাগৰ সহকাৰী অধ্যাপক পদত পশ্চিম বংগৰ মৈত্রী মান্না আৰু গণিত বিভাগৰ সহকাৰী অধ্যাপক পদত ত্ৰিপুৰাৰ পিয়ালি দেৱনাথে চাকৰি কৰি আছে । ইয়াৰ পূৰ্বে বহু সংখ্যক অসমীয়া মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ত বিহাৰ, উত্তৰ প্রদেশ, পশ্চিম বংগ আদি ৰাজ্যৰ পৰা অহা শিক্ষকে চাকৰি কৰাৰ তথ্য ৰাজহুৱা হৈছে । কিন্তু মুখ্যমন্ত্রী আৰু শিক্ষামন্ত্রীয়ে এই ঘটনাবোৰ গাপ দিব বিচাৰিছে ।"

মুখ্যমন্ত্ৰীৰ ভূমিকাক সমালোচনা কৰি থলুৱাৰ বাবে চাকৰি সংৰক্ষণৰ ক্ষেত্ৰত তামিলনাডু চৰকাৰে এক উল্লেখযোগ্য পদক্ষেপ লৈছে বুলি উল্লেখ কৰি অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয়, "তামিলনাডুত ৰাজ্য চৰকাৰৰ যিকোনো চাকৰি পাবৰ বাবে তামিল ভাষাৰ এখন প্রশ্নকাকতত উত্তীর্ণ হোৱাটো আইন প্ৰণয়নৰ জৰিয়তে বাধ্যতামূলক কৰিছে । তামিলনাডুৰ সকলো চৰকাৰী চাকৰি যাতে স্থানীয় লোকৰ হাতত থাকে তাৰ বাবে 2021 চনৰ ডিচেম্বৰ মাহৰ পৰা এই আইন কাৰ্যকৰী কৰা হৈছে । তামিলনাড়ুয়ে স্থানীয় লোকৰ বাবে চাকৰি ভাষাৰ জৰিয়তে সংৰক্ষণ কৰিছে । কিন্তু অসমত বিজেপি চৰকাৰে এ পি এছ চিত থকা বাধ্যতামূলক অসমীয়া ভাষাৰ কাকতখনো প্ৰত্যাহাৰ কৰি চাকৰিৰ দুৱাৰ বহিঃৰাজ্যৰ প্ৰাৰ্থীৰ বাবেও মুকলি কৰি দিয়াৰ প্ৰাথমিক প্রস্তুতি সম্পূর্ণ কৰিছে । "

একেদৰে বান-গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাটো বিজেপিৰ নিৰ্বাচনী প্রতিশ্রুতি আছিল যদিও বিজেপি ক্ষমতালৈ অহাৰ পাচত প্রতিশ্রুতি পালনতো দূৰৈৰ কথা, আহাৰমহীয়া বানত ৰাজ্যৰ 29 খনকৈ জিলাৰ 24 লাখ লোক আক্রান্ত তথা কেবাজনেও প্ৰাণ হেৰুওৱাৰ পাচতো চৰকাৰীভাৱে সেয়া স্বীকৃতি দিবলৈ পৰা নাই বুলি ভূঞাই কয় বিজেপিৰ শীর্ষ নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে অসমত বান নহয় বানসদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি অসমবাসীক কাৰ্যতঃ উপলুঙা কৰিলে ৷

নিজ কাৰ্যকালত জাতিক সুৰক্ষিত কৰিব নোৱৰা সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শর্মা দুয়োজনেই অসমীয়া জাতিৰ ইতিহাসত খলনায়ক হৈ ৰ'ব বুলি সংবাদমেলত উল্লেখ কৰি সংবাদমেলত বিজেপিৰ কোনো নেতাই অসম জাতীয় পৰিষদত যোগদানৰ বাবে যোগাযোগ কৰা নাই বুলি জনায় ।

লগতে পঢ়ক: তিনিচুকীয়াৰ খহনীয়াস্থলীত জগদীশ ভূঞা; জলসম্পদ বিভাগক ক্ষুৰধাৰ সমালোচনা - Assam flood 2024

খিলঞ্জীয়া মানুহে ভোট নিদিলে সোণোৱালক: লুৰীণজ্যোতি গগৈ - Lurinjyoti Gogoi slams BJP

এই পৰাজয়ে অসমীয়াৰ স্বাভিমান ৰক্ষাৰ যুঁজৰ পৰা কেতিয়াও বিচলিত কৰিব নোৱাৰে : লুৰীণজ্যোতি গগৈ - LOK SABHA ELECTION RESULTS 2024

PRC ক লৈ পয়মাল ! চৰকাৰৰ অনুমতিবিহীন নিৰ্দেশনা দি পুনৰ প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হ’ল উচ্চ শিক্ষা সঞ্চালকালয় - Ranoj Pegu on DHE order

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.