ETV Bharat / state

সভাপতিকেন্দ্ৰিক বিতৰ্কই সাহিত্য সভাৰ স্খলন উদঙাই দিছে: নীলিম কুমাৰ - ASSAM SAHITYA SABHA ELECTION

অসম সাহিত্য সভাৰ কর্মকাণ্ডই অতিষ্ঠ কৰিছে সাহিত্যপ্ৰেমীক । সভাপতিকেন্দ্রিক বিতৰ্কক লৈ মন্তব্য বহুজনৰ ।

Eminent litterateurs, poets react to Assam Sahitya Sabha controversy
অসম সাহিত্য সভাৰ কর্মকাণ্ড তথা সভাপতিকেন্দ্রিক পেনেল বিতর্ক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 9, 2024, 8:27 PM IST

গুৱাহাটী: অসম সাহিত্য সভাৰ কর্মকাণ্ড তথা সভাপতিকেন্দ্রিক পেনেল বিতর্কই অতিষ্ঠ কৰিছে সাহিত্যপ্ৰেমীক । এই সন্দৰ্ভত বিশিষ্ট কবি সমীৰ তাঁতীয়ে ই টিভি ভাৰতৰ আগত কয়,"মই সাহিত্য সভাক নামানো । সাহিত্য সভাই কোনো লেখকৰ সৃষ্টি কৰা নাই, মহান সাহিত্যৰ সৃষ্টি কৰা নাই । অসম সাহিত্য সভাৰ সভাপতি কোন হ'ব তাক লৈ বিতৰ্ক কৰাটো অবান্তৰ কথা ।"

তেওঁ লগতে কয়,"ৰাজ্যত যিসকল মুৰব্বী সাহিত্যক আছে যিয়ে ১৫ খনতকৈ অধিক গ্ৰন্থ লিখিছে, সাহিত্য-সংস্কৃতি, ৰাজনীতিৰ ওপৰত জ্ঞান আছে তেনে ব্যক্তিক সসন্মানেৰে মাতি সভাপতিৰ পদটো দিব লাগে । মতলববাজ মানুহে সাহিত্য সভা নষ্ট কৰি পেলাইছে । সাহিত্য সভা ইমান লেতেৰা কৰি পেলাইছে যে ইয়াত চৰকাৰেও উচটাই আছে । সাহিত্য সভাত নিৰ্বাচনৰ প্ৰশ্ন নাহে । কিয়নো সাহিত্য সভা জাতীয় অনুষ্ঠান, ৰাজনৈতিক দল নহয় । সাহিত্য সভাত নিৰ্বাচন প্ৰক্ৰিয়াটো হোমেন বৰগোহাঞি আৰু লক্ষ্মীনন্দন বৰাই আৰম্ভ কৰি সাহিত্য সভা নষ্ট কৰি গৈছে ।"

আনহাতে কবি নীলিম কুমাৰে কয়,"অসম সাহিত্য সভাৰ সভাপতি বিতৰ্কই সাহিত্য সভাৰ স্খলনৰ স্বৰূপ উদঙাই দিছে । সভাপতি পদৰ বাবে গিৰীশ সন্দিকৈ নামৰ এজন ব্যক্তিৰ নাম উচ্চাৰিত হৈছে আৰু সম্ভাৱনা প্ৰকট হৈছে । এতিয়া একে সময়তে উচ্চাৰিত আন এটা নাম হ’ল ড° নাহেন্দ্ৰ পাদুন । এই নামটো এটা শ্ৰদ্ধেয় নাম । তেওঁৰ গৱেষণামূলক কেইবাখনো মূল্যবান গ্ৰন্থ আছে । তেওঁৰ পাণ্ডিত্য অনস্বীকাৰ্য । তেওঁৰ শাৰীৰিক অসুস্থতাৰ দোহাই দি তেওঁৰ পথ কিয় ৰুদ্ধ কৰাৰ চেষ্টা কৰা হৈছে ? তেওঁক সাহিত্য সভা বাহিনীয়ে সভাপতিৰ পদত অধিস্থিত নকৰে কিয় ? যদিহে নাহেন্দ্ৰ পাদুনক এইবাৰ সভাপতি পাতে তেন্তে এই সংকটৰ মুহূৰ্তত সাহিত্য সভা উদ্ধাৰ হ’ব পাৰে ।"

এই সন্দৰ্ভত যুৱ কবি প্ৰণৱ কুমাৰ বৰ্মনে কয়,"সাহিত্য সভাৰ কিছুমান কামকাজক লৈ নতুন প্ৰজন্মৰ লেখক-লেখিকা কোনো সন্তুষ্ট নহয় । সহিত্য সভাৰ ভিতৰত বিশেষকৈ ক্ষমতাকেন্দ্ৰিক যি স্বেচ্ছাচাৰিতা চলে, ইয়ে সাহিত‌্য সভাৰ সন্মান লাঘৱ কৰিছে দেশবাসীৰ আগত । কেইবাবছৰ ধৰি সভাপতি নিৰ্বাচনক লৈ বিতৰ্কত সোমাই পৰিছে । মামনি ৰয়চম গোস্বামী, য়েছে দৰজে ঠংচিৰ দৰে সাহিত্যিকে সাহিত্য সভাৰ সভাপতি হ'ব নোৱাৰিলে ।"

তেওঁ লগতে কয়,"এইবাৰো নিৰুপমা বৰগোহাঞি, ড° হীৰেন গোঁহাই, নাহেন্দ্ৰ পাদুন সভাপতি হোৱাৰ সম্ভাৱনা নাই । নাম নজনা, অৰিহণা নথকা লোক সাহিত্য সভাৰ সভাপতি হ'বলৈ গৈ আছে, সেয়া জাতিৰ বাবে দুৰ্ভাগ্যজনক । অসমীয়া ভাষাই ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি পালে, সেই সময়তে অসম সাহিত্য সভাৰ ভূমিকা অসমীয়া ভাষাৰ প্ৰতি শূন্য । সাহিত্যৰ প্ৰতি অৱদান থকা লোক এজন সাহিত্য সভাৰ সভাপতি হওক আৰু হৃত মৰ্যাদা ঘূৰাই আনক । ক্ষমতা আৰু টকাৰ লোভত সাহিত্য সভাক ক্লাবৰ নিচিনা কৰিছে ।"

লগতে পঢ়ক: সভাপতিৰ পেনেলৰ নতুন তালিকা ১৪ নৱেম্বৰত প্ৰকাশ পাব: সূৰ্য হাজৰিকা

সভাপতি হ'বলৈ এজন প্ৰকৃত সাহিত্যিক হ'ব লাগে: ড৹ নগেন শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.