ETV Bharat / state

হাঁড় কঁপোৱা শীতকো নেওচি নিশা পুখুৰীত পৰা হস্তী পৰিয়ালক উদ্ধাৰ ৰাইজৰ - JORHAT ELEPHANT RESCUE

যোৰহাটৰ তিতাবৰত পুখুৰীত আৱদ্ধ কেইবাটাও হাতী । ৰাইজৰ অশেষ চেষ্টাৰ অন্তত উদ্ধাৰ হাতীকেইটা । বন বিভাগৰ কোনো পদক্ষেপ নাই ।

Jorhat Elephant Rescue
পুখুৰীত আৱদ্ধ হাতী উদ্ধাৰত নামিল স্থানীয় ৰাইজ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Dec 12, 2024, 11:37 AM IST

যোৰহাট : ৰাজ্যত প্ৰায় প্ৰতিদিনে হস্তী-মানুহৰ সংঘাতৰ বহু ঘটনা সংঘটিত হৈ আহিছে । কেতিয়াবা যদি বন্যহস্তীয়ে ঘৰ-দুৱাৰ ভাঙিছে কেতিয়াবা হাতীৰ আক্ৰমণত মানুহৰ মৃত্যু হৈছে । ইফালে কেতিয়াবা আকৌ মানুহৰ ভুলৰ বাবে বন্যহস্তীৰ মৃত্যু হৈছে । কিন্তু এইবাৰ যোৰহাটত দেখা গ'ল তাৰ সম্পূৰ্ণ বিপৰীত দৃশ্য । বিপদত পৰা বন্যহস্তীক সহায়ৰ বাবে ওলাই আহিল বহু লোক । দ-পুখুৰীত আৱদ্ধ মাতৃসহ ৪ টা হাতী পোৱালিক উদ্ধাৰ কৰিলে গাঁৱৰ ৰাইজে । কিন্তু দৰ্শক হৈ থাকিল বন বিভাগ !

পুখুৰীত আৱদ্ধ বন্যহস্তী

পুখুৰীত আৱদ্ধ হাতী উদ্ধাৰত নামিল স্থানীয় ৰাইজ (ETV Bharat)

ঘটনাটো যোৰহাট জিলাৰ তিতাবৰৰ খামজঙিয়াৰ । খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা হাতীৰ জাকৰ মাজৰ এটা ডাঙৰ হাতী আৰু ৪ টা পোৱালি দ-পুখুৰীত আৱদ্ধ হৈ পৰে । স্থানীয় লোকে জনোৱা মতে সন্ধিয়া প্ৰায় ৬ মান বজাৰ পৰাই হাতীকেইটা পুখুৰীৰ পানীত আৱদ্ধ হৈ পৰে । বোকা-পানীৰ মাজত আৱদ্ধ হাতীকেইটাৰ চিঞৰ শুনি অঞ্চলটোৰ লোকসকল তাত উপস্থিত হয় । পোৱালিসহ হাতীকেইটাৰ আৰ্তনাদত একপ্ৰকাৰ হতবাক হৈ পৰে লোকসকল । লগে লগে বন বিভাগক খবৰ দিয়া হয় । কিন্তু স্থানীয় লোকৰ অভিযোগ অনুসৰি বন বিভাগে কোনো ধৰণৰ সঁহাৰি নিদিলে । বিভিন্ন ধৰণৰ অজুহাত দেখুৱাই সময়ত উপস্থিত নহ'ল বন বিভাগৰ লোকসকল । ইফালে প্ৰচণ্ড শীতত পানীত আৱদ্ধ পোৱালিসহ হাতীকেইটাই চেষ্টা কৰিও ওপৰলৈ উঠিব পৰা নাই ।

স্থানীয় ৰাইজৰ উদ্ধাৰ অভিযান

ৰাইজৰ মতে কিছু সময়ৰ পিছত হাতীকেইটা প্ৰায় অৱশ হৈ পৰিছিল । তাৰ পিছতো বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত নোহোৱাত স্থানীয় লোকসকল আগবাঢ়ি যায় আৰু হাতীকেইটাক কেনেকৈ উদ্ধাৰ কৰিব পাৰি তাৰ চিন্তা-চৰ্চা কৰে । প্ৰচণ্ড শীতক নেওচি একাংশ লোকে হাতত কোৰ লৈ পুখুৰীৰ ওখ পাৰ খান্দিবলৈ আৰম্ভ কৰে । কেইবা ঘণ্টা ধৰি চলা এই অভিযানৰ অন্তত অৱশেষত পুখুৰীৰ পৰা হাতীকেইটাক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

পৰিতাপৰ কথাটো হ'ল যে হাতীকেইটা প্ৰায় উদ্ধাৰ হোৱাৰ পিছত হে ঘটনাস্থলীত দলে-বলে উপস্থিত হয় বন বিভাগৰ লোক । যাৰ বাবে স্থানীয় লোকসকলে বন বিভাগত তীব্ৰ সমালোচনা কৰে । ৰাইজে সাহস দেখুৱাই এই উদ্যোগ নল'লে প্ৰচণ্ড শীতত পুখুৰীৰ পানীত হাতীকেইটাই কেতিয়ালৈ তেনেদৰে থাকিব লাগিলহেঁতেন তাৰ কোনো নিশ্চয়তা নাছিল ! সেয়ে ৰাইজে প্ৰশ্ন কৰিছে এনে সময়ত যদি বন বিভাগে সহায় কৰিব নোৱাৰে তেনেহ'লে বিয়াগোম বিভাগটোৰ কাম কি ?

লগতে পঢ়ক :অসমৰ চাৰিখন বনাঞ্চলত বিৰল প্ৰজাতিৰ ১৭৯ টা পিগমি হগৰ পুনৰ সংস্থাপন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.