ETV Bharat / state

শীঘ্ৰেই বিদ্যুৎ উৎপাদন হ’ব গেৰুকামুখৰ বৃহৎ নদীবান্ধত - NHPC BIGDAM

সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ২০২৫ ৰ মাৰ্চত প্ৰথমে হ’ব ৭৫০ মেগাৱাট বিদ্যুৎ উৎপাদন ৷ ২০২৬ৰ মাৰ্চত হ’ব ২০০০ মেগাৱাট উৎপাদন ।

Subansiri Lower Hydroelectric Project
সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প (NHPC)
author img

By ETV Bharat Assamese Team

Published : Nov 9, 2024, 9:46 PM IST

গুৱাহাটী: অসমৰ পূৱ প্ৰান্তৰ অসম-অৰুণাচল সীমান্তৰ সোৱণশিৰি নদী ভেটি নিৰ্মাণ কৰা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত অচিৰেই আৰম্ভ হ’ব বিদ্যুৎ উৎপাদন ৷ ২০২৫ চনৰ মাৰ্চৰ পৰা ৭৫০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ।

এন এইচ পি চিয়ে 2000 মেগাৱাট শক্তি উৎপাদনৰ লক্ষ্যৰে নিৰ্মাণ কৰি থকা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ৯৩ শতাংশতকৈয়ো অধিক কাম ইতিমধ্যে সম্পন্ন হৈছে ৷ ইতিমধ্যেই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ১১৬ ফুট উচ্চতাৰ মূল বান্ধৰ নিৰ্মাণকাৰ্য যোৱা মে’তেই সম্পূৰ্ণ কৰিছে এন এইচ পি চিয়ে ৷ বান্ধ নিৰ্মাণকাৰী সংস্থা এন এইচ পি চিয়ে গেৰুকামুখৰ বৃহৎ নদীবান্ধটোত উৎপাদন আৰম্ভ কৰিব ৷

সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প (NHPC)

এন এইচ পি চি কৰ্তৃপক্ষৰ পৰা লাভ কৰা তথ্য অনুসৰি নদীবান্ধটোৰ সকলো মুখ্য অংশৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে । বান্ধটোৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত পাৱাৰ হাউছ, হাইড্ৰ'মেকানিকেল কাম আদিৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ দিশত দ্ৰুত গতিত আগবাঢ়িছে । এইবাৰ বাৰিষাৰ দিন শেষ হোৱাৰ লগে লগে ৰেডিয়েল গেটৰ বাকী কাম সম্পূৰ্ণ কৰি ২০২৫ৰ মাৰ্চত বিদ্যুৎ উৎপাদন আৰম্ভ কৰা হ'ব বুলি লক্ষ্য নিৰ্ধাৰণ কৰিছে বান্ধটোৰ নিৰ্মাণকাৰী সংস্থাই ৷ এই কথা সদৰী কৰিছে এন এইচ পি চিৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰামৰ্শদাতা এ এন মহম্মদে ।

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰামৰ্শদাতা এ এন মহম্মদে ই টিভি ভাৰত অসমক কয়, “বিদ্যুৎ উৎপাদন কৰিবৰ বাবে কাৰিকৰীভাৱে সাজু হৈ পৰিছে এন এইচ পি চি ৷ পৰিকল্পনা অনুসৰি কাম আগবাঢ়িলে ২০২৫ৰ মার্চ মাহত নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ প্ৰাৰম্ভিকভাৱে মুঠ ৭৫০ মেগাৱাট বিদ্যুৎ শক্তি উৎপাদন কৰা হ'ব । বিদ্যুৎ উৎপাদনৰ বাবে পাৱাৰ হাউছত থাকিবলগীয়া মুঠ ৮ টা টাৰ্বাইনৰ ৩ টা টাৰ্বাইনত ৭৫০ মেগাৱাট উৎপাদন কৰা হ’ব । ইতিমধ্যে দুটা টাৰ্বাইন স্থাপন কৰা প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে ৷ তৃতীয়টো টাৰ্বাইন স্থাপন কৰাৰ পথত ।”

৩ খন ৰেডিয়েল গেট স্থাপন হ’লেই আৰম্ভ হ'ব উৎপাদন:

২০২৪ বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত নদীবান্ধটোৰ কাম শেষ কৰি বিদ্যুৎ উৎপাদনৰ বাবে এন এইচ পি চিয়ে পৰিকল্পনা কৰিছিল যদিও প্ৰকৃতিৰ বাধাৰ বাবে সেয়া সম্ভৱপৰ হৈ নুঠিল ৷ প্ৰাকৃতিক দুৰ্যোগৰ বাবে প্ৰকল্পটোত থকা ডাইভাৰ্চন টানেলবোৰ (বান্ধ নিৰ্মাণৰ বাবে পাহাৰৰ মাজেৰে নদীখনৰ পানী বোঁৱাই নি আকৌ নদীখনত বান্ধৰ নামনিত পানী পেলোৱা সুৰংগ) বন্ধ হৈ পৰে । মাত্ৰ এটাহে কাৰ্যক্ষম অৱস্থাত থাকে ।

২০২৩ৰ ২৭ অক্টোবৰত প্ৰকল্পস্থলীত হোৱা ভয়াৱহ ভূমিস্খলনৰ ফলত কাৰ্যক্ষম হৈ থকা একমাত্ৰ ডাইভাৰ্চন টানেলটো বন্ধ হৈ পৰে । ফলত মূলবান্ধত পানী এৰি দিয়া আৰু বন্ধ কৰাৰ বাবে থকা ৰেডিয়েল গেটসমূহ বহুওৱাত সমস্যাত পৰে নিৰ্মাণকাৰী সংস্থাটো । মুঠ ৯ খন ৰেডিয়েল গেটৰ বৰ্তমানলৈ ৬ খনৰ নিৰ্মাণ সম্পূৰ্ণ হ’ল যদিও বাকী ৩ খন এতিয়াও স্থাপন কৰিবলৈ বাকী আছে ।

এই বছৰৰ বাৰিষাৰ পূৰ্বেই এন এইচ পি চিয়ে বৃহৎ নদীবান্ধটোত ৬ খন ৰেডিয়েল গেট স্থাপন কৰিছিল । এইবাৰ বাৰিষাৰ দিনবোৰ পাৰ হোৱাৰ লগে লগে বাকী কেইখন দ্বাৰো স্থাপন কৰিবলৈ পূৰ্ণোদ্যমে এন এইচ পি চিয়ে কাম আৰম্ভ কৰে ।

২০২৬ৰ মাৰ্চত ২০০০ মেগাৱাট বিদ্যুৎ উৎপাদন হ’ব :

এন এইচ পি চি কৰ্তৃপক্ষৰ তথ্য অনুসৰি ২০২৬ৰ মাৰ্চত ৮ টা টাৰ্বাইনত ২০০০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰি সম্পূৰ্ণ কাৰ্যক্ষম কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । ২০২৪ৰ বাৰিষা কালছোৱাত বান্ধৰ ওপৰেদি পানী বৈ থকা বাবে জলবিদ্যুৎ প্রকল্পটোৰ ৰেডিয়েল গেটসমূহ স্থাপন কৰা নহ'ল । আনহাতে, পাৱাৰ হাউছত বিদ্যুৎ উৎপাদনৰ বাবে ইতিমধ্যে বৃহৎ দুটা টার্বাইনো স্থাপন কৰা হৈছে । অহা মাৰ্চৰ পূৰ্বেই প্ৰকল্পটোত তৃতীয়টো টাৰ্বাইন স্থাপন কৰি বিদ্যুৎ উৎপাদনৰ বাবে সাজু হৈছে এন এইচ পি চি ।

প্ৰতিটো টাৰ্বাইনত ২৫০ মেগাৱাট বিদ্যুৎ শক্তি উৎপাদন কৰা হ’ব ৷ সেয়ে মাৰ্চৰ ভিতৰত তিনিটা টাৰ্বাইন কাৰ্যক্ষম কৰি ৭৫০ মেগাৱাট বিদ্যুৎ শক্তি উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বান্ধ নিৰ্মাণকাৰী সংস্থাটোৱে ৷ বান্ধটোত মুঠ ৮ টা সুৰংগৰে পানী বোঁৱাই আনি ৮ টা টাৰ্বাইনেৰে মুঠ ২০০০ মেগাৱাট উৎপাদন কৰা হ’ব ৷ এন এইচ পি চি কৰ্তৃপক্ষই সদৰী কৰা অনুসৰি বাকী থকা ৰেডিয়েল গেট কেইখন স্থাপন কৰিলেই ২০২৬ৰ মাৰ্চৰ ভিতৰত ভিতৰত ৮ টা টাৰ্বাইনেই কাৰ্যক্ষম কৰি তুলি ২০০০ মেগাৱাট বিদ্যুৎ শক্তি উৎপাদন কৰিবলৈ সক্ষম হ’ব ৷

ৰাইজৰ বিৰোধিতাৰ বাবে ৮ বছৰে বন্ধ হৈ আছিল নিৰ্মাণ :

১৯৮৪ চনতে ব্ৰহ্মপুত্ৰ ব'ৰ্ডে অৰুণাচল প্ৰদেশৰ পৰা অসমলৈ বৈ অহা সোৱণশিৰি নদীৰ ওপৰত সাম্ভাব্য এই বান্ধটোৰ বিষয়ে এখন ডি পি আৰ প্ৰস্তুত কৰিছিল । এন এইচ পি চি লিমিটেডে নিৰ্মাণ কৰি থকা এই প্ৰকল্পটোত ২০০৪ বৰ্ষৰ অক্টোবৰত কেন্দ্ৰীয় চৰকাৰৰ বন মন্ত্ৰালয়ে অনুমোদন জনাইছিল । পৰৱৰ্তী সময়ত ২০০৫ চনৰ জানুৱাৰীত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল এন এইচ পি চিয়ে । কিন্তু বান্ধ নিৰ্মাণ কৰা স্থানৰ নামনিৰ জনসাধাৰণৰ প্ৰতিবাদৰ বাবে অসম চৰকাৰৰ দ্বাৰা গঠিত এখন বিশেষজ্ঞ কমিটী কৰিবলৈ বাধ্য় হয় ।

বিশেষজ্ঞ কমিটীয়ে অধ্যয়নৰ পিছত এই বান্ধটো হিমালয়ৰ পাদদেশৰ ভূকম্পন প্ৰৱণ ছিছমিক জ’ন ৫ অঞ্চলত অৱস্থিত গেৰুকামুখৰ ঠুনুকা পাহাৰত নিৰ্মাণ কৰা উচিত নহ’ব বুলি প্ৰতিবেদন দাখিল কৰে ৷ এই প্ৰতিবেদনৰ ভিত্তিত জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ আশংকাত গঢ়ি উঠা ব্যাপক আন্দোলন আৰু প্ৰতিবাদৰ বাবে প্ৰকল্পৰ নিৰ্মাণকাৰ্য স্তব্ধ কৰিবলৈ বাধ্য হৈছিল এন এইচ পি চি ৷

প্ৰতিবাদ ইমানেই তীব্ৰতৰ আছিল যে ২০১১ ৰ ডিচেম্বৰৰ পৰা ২০১৯ ৰ অক্টোবৰলৈ নিৰ্মাণ কাৰ্য স্থগিত ৰখা হৈছিল । বিভিন্ন প্ৰক্ৰিয়াৰ পাছত প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য ২০১৯ ৰ অক্টোবৰৰ পৰা পুনৰ আৰম্ভ হয় ।

২২,০০০ কোটি টকালৈ বৃদ্ধি নিৰ্মাণ ব্যয় :

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোৰ পৰামৰ্শদাতা এ এম আহমেদে শনিবাৰে ই টিভি ভাৰত অসমক কয়,"২০২৪ৰ ৩১ মাৰ্চ পৰ্যন্ত প্ৰকল্পটোৰ ৯৩ শতাংশ নিৰ্মাণকাৰ্য সম্পন্ন হৈছে ৷ আনহাতে, খৰচৰ পৰিমাণ হৈছেগৈ 20,834 কোটি টকা ৷” এন এইচ পি চিৰ আন এক সূত্ৰ মতে, ৮ টা টাৰ্বাইন স্থাপন কৰি ২০০০ মেগাৱাট বিদ্যুৎ উৎপাদনেৰে সম্পূৰ্ণ কাৰ্যক্ষম হোৱালৈ এই পৰিমাণ ২২,০০০ কোটি টকা হোৱাৰ সম্ভাৱনা আছে । উল্লেখ্য় যে ২০০২ চনত জলবিদ্যুৎ প্রকল্পটোৰ প্ৰস্তাৱিত নির্মাণ ব্যয় ৬,২৮৫ কোটি টকা আছিল ।

লগতে পঢ়ক:শতাধিক নদীবান্ধ নির্মাণ কৰি অসমক মৰুভূমিত পৰিণত কৰাৰ চক্ৰান্ত বিজেপি চৰকাৰৰ

অৰুণাচলৰ নাগৰিক সমাজৰ বৃহৎ নদীবান্ধ প্ৰকল্পৰ বিৰোধিতাক সমৰ্থন ভাৰতীয় ছ'চিয়েলিষ্ট পাৰ্টীৰ - Mega Dam Projects in Arunachal

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.