ETV Bharat / state

লখিমপুৰত ভয়াৱহ পথ দুৰ্ঘটনাত মৃত্যু নিৰ্বাচনী কামত নিয়োজিত বিষয়াৰ - Road accident in Assam

Terrible road accident: লখিমপুৰৰ পহুমৰাৰ মাজগাঁও এলেকাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা । এই দুৰ্ঘটনাত নিহত হয় বিহপুৰীয়া মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ প্ৰবক্তা ৰাজীৱ লেখাৰু ।

Terrible road accident
ভয়ংকৰ পথ দুৰ্ঘটনা
author img

By ETV Bharat Assamese Team

Published : Apr 20, 2024, 5:40 PM IST

ভয়ংকৰ পথ দুৰ্ঘটনা

লখিমপুৰ, ২০ এপ্ৰিল: লখিমপুৰত আজি পুৱা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । কালি অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ কামত নিয়োজিত এগৰাকী বিষয়াৰ থিতাতে মৃত্যু হয় । লখিমপুৰ নগৰৰ সমীপৰ পহুমৰাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰে নিচেই পুৱাতে এই পথ দুৰ্ঘটনাটো সংঘটিত হয় । লখিমপুৰৰ পহুমৰাৰ মাজগাঁও এলেকাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱা ৫.৩০ বজাত মৃত্য়ুৱে যেন অপেক্ষা কৰিছিল তেওঁৰ প্ৰাণ ল'বলৈ । " টোপনিৰ আলি-জালিতেই এই পথ দুৰ্ঘটনাটো সংঘটিত হয় । এই দুৰ্ঘটনাটোত থিতাতে নিহত হয় নিৰ্বাচনী কামত নিয়োজিত ৰাজীৱ লেখাৰু ।

Terrible road accident
ৰাজীৱ লেখাৰু

উল্লেখ্য় যে এই দুৰ্ঘটনাটোত নিহত ৰাজীৱ লেখাৰু বিহপুৰীয়া মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ প্ৰবক্তা আছিল । তীব্ৰবেগী আল্ট্ৰা বাছ আৰু ৰাজীৱ লেখাৰুৰ ব্যক্তিগত এ এছ ০৭ জে ৩৭৬৬ নম্বৰৰ হোণ্ডাচিটি বাহনখনৰ মুখামুখি সংঘৰ্ষ হোৱাৰ ফলতে তেওঁৰ থিতাতে মৃত্যু হয় । এই দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে তেওঁৰ বাহনখনৰ সন্মুখভাগ চূৰ্চুমৈ হৈ পৰে ।

উল্লেখযোগ্য যে নিৰ্বাচনৰ দায়িত্ব শেষ কৰি লখিমপুৰৰ পৰা বিহপুৰীয়াৰ ঘৰলৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনাটো । তেওঁ লখিমপুৰত নিৰ্বাচনৰ ইছ্যু এণ্ড ৰিচিপ্ট ভেৰিফাইং অফিচাৰ হিচাপে কৰ্তব্যত নিয়োজিত আছিল । যোৱা নিশা দায়িত্ব পালন কৰি নিচেই পুৱাতে নিজা বাহনেৰে তেওঁ ঘৰলৈ বুলি গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত হৈ মৃত্যুমুখত পৰে । দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা ৰাজীৱ লেখাৰুৰ ঘৰ বিহপুৰীয়াৰ জামুগুৰিত । ঘটনাটোৱে জিলাখনত এক শোকাচ্ছন্ন পৰিবেশ সৃষ্টি কৰে ।

লগতে পঢ়ক:তীব্ৰ বেগী বাহনে মহতিয়ালে ছাত্ৰ-ছাত্ৰীসহ স্কুলীয়া বাহন , এজন নিহত - SCHOOL BUS ACCIDENT

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.