ETV Bharat / state

ডাইনীৰ সন্দেহত দুই বৃদ্ধাক নিৰ্যাতন চলাই খুৱালে মানুহৰ বিষ্ঠা, মহিলাসহ গ্ৰেপ্তাৰ ১৩ - Witch hunting in Goalpara

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2024, 10:44 PM IST

Mission Birubala : তথ্য-প্ৰযুক্তিৰ চমপ্ৰদ সাফল্যৰে আকাশ চুবলৈ সক্ষম হোৱাৰ সময়তে গোৱালপাৰাৰ লক্ষীপুৰত জঘন্য ঘটনা । বৃদ্ধাক চৰম নিৰ্যাতন চলালে স্বয়ং গাঁওবুঢ়াই । মিছন বিৰুবালাই পোহৰলৈ আনিলে এই ঘটনাটো ।

Witch hunting in Goalpara
লক্ষীপুৰত বৃদ্ধাক ডাইনী সজাই নিৰ্যাতন (ETV Bharat Assam)

গোৱালপাৰা, ৩১ আগষ্ট: বিজ্ঞানৰ উন্নতিৰে গঢ় লৈ উঠিছে আধুনিক সমাজ ব্যৱস্থা ৷ এই উন্নতিৰ মাজতো ৰাজ্য়খনৰ ঠায়ে ঠায়ে কুসংস্কাৰ-অন্ধবিশ্বাসে থিতাপি লৈ আছে । তথ্য প্ৰযুক্তিৰ দিশত মানুহে বহু আগবাঢ়ি গৈছে যদিও এতিয়াও কিছু অঞ্চলত অন্ধবিশ্বাসৰ ধাৰা অব্যাহত থকাত দানৱৰ হাতত লুন্ঠিত হৈছে মানৱতা । তেনে এক ঘটনাই সংঘটিত হৈছে গোৱালপাৰাত । মিছন বিৰুবালাই এই ঘটনাটো পোহৰলৈ অনাত জিলাখনত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । দুগৰাকী বৃদ্ধাক ডাইনী সজাই চৰম নিৰ্যাতন চলোৱাৰ তথ্য পোহৰলৈ আনিলে মিছন বিৰুবালাই।

গোৱালপাৰা জিলাৰ লক্ষীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কৃষ্ণাপুৰ গাঁৱত সভ্য সমাজক লজ্জানত কৰা এই জঘন্য ঘটনাটো সংঘটিত হৈছে । উত্থাপিত অভিযোগ অনুসৰি গাঁওখনৰ একাংশ লোকে অন্ধবিশ্বাসত ডুব গৈ দুগৰাকী বৃদ্ধাক ডাইনী সজাই চৰম নিৰ্যাতন চলায় । গাঁওখনৰ এগৰাকী কিশোৰ দীৰ্ঘদিনৰ পৰা অসুস্থ হৈ থকাত পৰিয়ালৰ লোকে কাষৰীয়া বামুনডাঙা গাঁৱৰ এগৰাকী বেজালিৰ ওচৰ চাপে । সেই হিচাপে বেজালিগৰাকীয়ে কিশোৰটিক তন্ত্ৰ-মন্ত্ৰৰে চিকিৎসা কৰি ডাইনী লম্ভা বুলি কয় । গাঁওখনৰ দুই বৃদ্ধাক ডাইনী বুলি সন্দেহ কৰি এই কাৰ্যত তেওঁলোকৰ হাত থকা বুলি কয়।

স্বয়ং গাঁওবুঢ়াই জড়িত হ'ল ডাইনী কাণ্ডত :

সেই বাবে যোৱা ২০ আগষ্টত গাঁওখনৰ গাঁওবুঢ়া কমল ৰাভাৰ নেতৃত্বত দুয়োগৰাকী বৃদ্ধাক চৰম নিৰ্যাতন চলায় । নিৰ্যাতন এনে পৰ্যায় পায়গৈ যে বৃদ্ধা দুগৰাকীক মানুহৰ বিষ্ঠা খবলৈয়ো বাধ্য কৰায় । ইফালে, এনে নিৰ্যাতনৰ কথা যাতে কোনেও গম নাপায় তাৰ বাবে বৃদ্ধা দুগৰাকী কঠোৰ সকীয়নি প্ৰদান কৰে অভিযুক্ত কেইজনে।

অভিযান চলালে মিছন বিৰুবালাই :

পিছত মিছন বিৰুবালাই এই ঘটনাৰ উমান পোৱাত যোৱা ৩০ আগষ্টত লক্ষীপুৰ আৰক্ষী থানাত এই সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে । সেই এজাহৰৰ ভিত্তিত লক্ষীপুৰ থানাৰ আৰক্ষীয়ে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি এজাহৰ দাখিলৰ পিছদিনা অৰ্থাৎ শনিবাৰে মহিলাসহ ১৩ গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱাত আদালতে তেওঁলোকক জেল হাজোতলৈ প্ৰেৰণ কৰে।

লগতে পঢ়ক:পাৰিবাৰিক কন্দলৰ পৰিণতিত সংঘটিত ডাইনী কাণ্ড : চিকিৎসাধীন যুৱতী - Witch hunting in Golaghat

ওদালগুৰিৰ মাজবাটত ডাইনীৰ সন্দেহত মহিলাক হত্যা কৰাৰ অভিযোগ - Witch hunting at Mazbat

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.