ধেমাজি, 3 মাৰ্চ : ইটোৰ পিচত সিটো বতিৰ্কত সোমাই পৰিছে ৰাজ্যৰ শিক্ষাখণ্ড ৷ শেহতীয়াকৈ ৰাজ্যৰ বিদ্যালমসূহৰ একত্ৰীকৰণৰ পিচতে এতিয়া ৰাজ্যৰ মহাবিদ্যালয়সমূহ একত্ৰীকৰণৰ কথাই সৰ্বত্ৰে চৰ্চিত হৈছে ৷ ইয়াৰ মাজতে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে শনিবাৰে এক সংবাদমেলযোগে অসমৰ মাধ্যমিক বিদ্যালয়সমূহ পুনৰ নিৰ্মানৰ মহা অভিযানৰ সন্দৰ্ভত এক সংবাদমেল আয়োজন কৰে ৷
লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত শাসকীয় দল বিজেপিয়ে “বিকাশ যাত্ৰা’’ কাৰ্যসূচীৰ অধীনত বিভিন্ন ঠাইত চৰকাৰী আঁচনিৰ শিলান্যাস আৰু শুভাৰম্ভ কৰি ৰাইজৰ পৰা প্ৰশংসা লাভ কৰিছে ৷ ইয়াৰ সমান্তৰালকৈ এইবাৰ ৰাজ্য চৰকাৰে কেৱল মাধ্যমিক শিক্ষাত আমুল পৰিৱৰ্তন অনাৰ উদ্দশ্যেৰে গ্ৰহণ কৰিছে 2800 কোটি টকীয়া এক অভিলাষী আঁচনি ৷
এই আঁচনিৰ অধীনত সমগ্ৰ ৰাজ্যৰ মাধ্যমিক বিদ্যালয়সমূহ পুনৰ নিৰ্মাণৰ এক মহা অভিযান হাতত লোৱা হৈছে ৷ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সংবাদমেলত সদৰী কৰা মতে RIDF -XXIX আঁচনিৰ অধীনত ৰাজ্যৰ মুঠ 126 খন বিদ্যালয়, NESIDS 50 আঁচনিৰ অধীনত মুঠ 124 খন বিদ্যালয়, T ea Garden Model School অধীনত 100 খন বিদ্যালয় (RIDF-XXVIII), PM- DIVINEৰ অধীনত 20খন, Samagra Siksha Abhiyan অধীনত 15 খন বিদ্যালয় সামৰি লোৱা হৈছে ।
যিয়ে ৰাজ্যৰ শিক্ষা ব্যৱস্থালৈ এক বৃহৎ পৰিৱৰ্তন বিদ্যালয়লৈ আনিব বুলি আশা প্ৰকাশ কৰিছে শিক্ষামন্ত্ৰীয়ে ৷ এই ক্ষেত্ৰত সকলোৰে পৰা সহায়-সহযোগিতা কামনা কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে ৷ ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ এই পৰিৱৰ্তনে বিদ্যালয়সমূহক অত্যাধুনিক কৰি তোলাত সহায় তোলাৰ লগতে শিক্ষাৰ্থীসকলক উপকৃত কৰিব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷
লগতে পঢ়ক: প্ৰাৰ্থিত্ব লাভ কৰিয়েই প্ৰাক্তন সাংসদৰ কাষত সুৰেশ বৰা