ETV Bharat / state

আন এক ধেমাজিকাণ্ডৰ পৰা ৰক্ষা পৰিল অসম: 25 টা স্থানত আলফা(স্বাঃ)ই ৰাখি থোৱা বোমা নুফুটিল কাৰিকৰী কাৰণত - 78th Independence Day

author img

By ETV Bharat Assamese Team

Published : Aug 15, 2024, 12:53 PM IST

ULFA I Bomb plans: স্বাধীনতা দিৱসৰ দিনাই ৰাজ্যৰ প্ৰায় 25 টাকৈ স্থানত বিস্ফোৰণৰ পৰিকল্পনাৰে বোমা স্থাপন কৰিছিল নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনে ৷ কিন্তু কাৰিকৰী কাৰণত বোমা কেইটা বিস্ফোৰণ নোহোৱাত ৰক্ষা পৰিল অসমৰ ৰাইজ ৷ আলফাই প্ৰকাশ কৰিলে বোমা ৰখা স্থান ৷

ULFA I Bomb plans
আন এক ধেমাজিকাণ্ডৰ পৰা ৰক্ষা পৰিল অসম (ETV Bharat Assam)

তিনিচুকীয়া, 15 আগষ্ট: দেশৰ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসমবাসীক উদ্দেশ্যি আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই স্বাধীনতা দিৱস বৰ্জন কৰিবলৈ আহ্বান জনোৱাৰ লগতে শদিয়াৰ পৰা ধুবুৰীলৈ সামৰিক অভিযানৰ কথা উল্লেখ কৰিছিল ৷ সমান্তৰালভাৱে আজি পুৱা 6 বজাৰ পৰা দিনৰ 12 বজালৈ সময় নিৰ্ধাৰিত কৰিছিল ৷ তাৰ পাচতে আজি সংবাদমাধ্যমলৈ আলফা স্বাধীনে প্ৰেৰণ কৰিছে এক বিস্ফোৰক প্ৰেছ বিবৃতি ৷

এই প্ৰেছ বিবৃতিত আলফা স্বাধীনে স্পষ্টকৈ উল্লেখ কৰিছে যে তিনিচুকীয়াৰ পৰা নলবাৰীলৈকে 25 টাকৈ স্থানত বোমা সংস্থাপন কৰা হৈছিল ৷ কাৰিকৰী কাৰণত সময়মতে সামৰিক অভিযান সফল কৰিব নোৱৰা বুলিও সংগঠনটোৱে উল্লেখ কৰে বিবৃতিটোত ৷

লগতে যিকেইটা স্থানত বোমাসমূহ সংস্থাপন কৰা হৈছিল, উক্ত স্থানৰ পৰা বোমাসমূহ আঁতৰাই নি নিষ্ক্রিয় কৰোৱাবলৈ সমূহ জনগণৰ পৰা সহযোগিতা কামনা কৰে-

  1. শিৱসাগৰৰ ডি টি অ’ অফিচত পৰি থকা পুৰণা গাড়ী এখনত
  2. শিৱসাগৰ বি জি ৰ’ড ONGC 5 নং গেট পাৰ হৈ পথৰ কাষত থকা পুৰণ এম্বুলেন্সখনত
  3. লাকুৱা তিনি আলিত, থানাৰ সমীপত
  4. অসম ৰাজ্যিক পৰিবহন নিগম ডিব্ৰুগড়, পুৰণা বাছ এখনত
  5. অসম ৰাজ্যিক পৰিবহন নিগম লখিমপুৰ, পুৰণা বাছ এখনত
  6. লখিমপুৰ আৰক্ষী অধীক্ষকৰ কাষৰ পেৰেড গ্ৰাউণ্ডত (A Team Field) থকা NHPCৰ পুৰণা গাড়ীখনত
  7. লালুক দৈনিক বজাৰ, IB সমীপত
  8. বৰঘাট আৰক্ষী চকীৰ সমীপত গছ-লতাৰে আৱৰি ৰখা পুৰণা গাড়ীখনত
  9. নগাঁও মেডিকেল কলেজলৈ যোৱা পথত আদিত্য হাস্পতাল পোৱাৰ আগত পোৱা ইটা ভাটাৰ সমীপত মাটিত পুতি থোৱা আছে
  10. দিছপুৰ লাষ্টগেটৰ বিপৰীতে থকা মুকলি মাটিখিনি পুতি থোৱা আছে
  11. গান্ধী মণ্ডপলৈ উঠা পথটোৰ বাওঁফালে থকা ট্ৰেন্সফৰ্মাৰ ব’ৰ্ডৰ বাকচটোত
  12. নাৰেংগী আৰ্মি কেম্পলৈ যোৱা পথত CDA গেটৰ সমীপত পুতি থোৱা আছে
  13. ব্ৰহ্মপুত্ৰ উদ্যোগ পাৰ হৈ পোৱা ঘুমটিখনৰ তলত, পানবজাৰ, গুৱাহাটী
  14. যোৰাবাট উৰণীয়া সেতুৰ সমীপত
  15. ভেটাপাৰা
  16. মালিগাঁও
  17. ৰাজগড়
  18. নলবাৰী পুৰণা মেডিকেললৈ সোমোৱা পথটোৰ কাষত থকা পুৰণা এম্বুলেন্স এখনৰ ভিতৰত
  19. ৰঙিয়া-তামুলপুৰ ৰ’ডৰ SBI Welcome ব’ৰ্ডখন পাৰ হৈয়ে পোৱা প্ৰথম দোকানখনৰ কাষৰ খালি ঠাইখিনিত, গোৰেশ্বৰ চ’ক, তামুলপুৰ

ইফালে, তিনিচুকীয়া জিলাৰ পানীতোলাৰ লগতে তিনিচুকীয়াৰ দুটা স্থান, ডিব্ৰুগড়ৰ এটা স্থান, গোলাঘাট-সৰুপথাৰ দুটা স্থানৰ সঠিক স্থান নিৰূপন কৰিব পৰা নগ’ল বুলি উল্লেখ কৰা হৈছে বিবৃতিটোত ৷

লগতে পঢ়ক: লালকিল্লাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন প্ৰধানমন্ত্ৰী মোদীৰ - 78th Independence Day

ঐতিহাসিক অসম চুক্তিয়ে ভৰি দিলে ৪০ বছৰত : কি পালে অসমে ? - Assam Accord

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.