ETV Bharat / state

যোৰহাটত পুনৰ আৰক্ষীৰ জালত ড্ৰাগছসহ সৰবৰাহকাৰী - Drugs peddler arrested - DRUGS PEDDLER ARRESTED

Drugs peddler arrested: নাগালেণ্ডৰ পৰা ড্ৰাগছৰ সৰবৰাহ অব্যাহত আছে । যোৰহাট আৰক্ষীৰ জালত ড্ৰাগছসহ সৰবৰাহকাৰী । ডিমাপুৰৰ পৰা আনিছিল ড্ৰাগছখিনি ।

Drugs peddler arrested
যোৰহাটত পুনৰ আৰক্ষীৰ জালত ড্ৰাগছসহ সৰবৰাহকাৰী (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 25, 2024, 9:53 PM IST

যোৰহাট,২৫ মে': ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ সৰবৰাহ অব্যাহত আছে । আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই থকাৰ মাজতে সৰবৰাহকাৰী চক্ৰই নতুন নতুন কৌশল অৱলম্বন কৰি ইয়াৰ ব্যৱসায় চলাই গৈছে । অৱশ্যে ঠায়ে ঠায়ে আৰক্ষী এই ক্ষেত্ৰত অধিক কঠোৰ হৈছে আৰু অভিযান তীব্ৰতৰ কৰি তুলিছে । তেনে এক অভিযানৰ মাজতে যোৰহাট আৰক্ষীৰ জালত এটা ড্ৰাগছ সৰবৰাহকাৰী ।

যোৰহাটত পুনৰ আৰক্ষীৰ জালত ড্ৰাগছসহ সৰবৰাহকাৰী (ETV Bharat)

যোৰহাট সদৰ থানাৰ আৰক্ষীৰ নেতৃত্বত চলা এক অভিযানত আটিলা গাঁৱত আটক ড্ৰাগছ সৰবৰাহকাৰীটো । পলায়নৰ চেষ্টা কৰা ড্ৰাগছ সৰবৰাহকাৰীটো খেদি খেদি কৰায়ত্ত কৰিবলৈ সক্ষম হয় আৰক্ষী । ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো যোৰহাট ২নং সোণাৰী গাঁৱৰ মাধুৰ্য জ্যোতি নাথ বুলি চিনাক্ত কৰা হৈছে । ইফালে ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা আৰক্ষীয়ে ড্ৰাগছসহ নগদ ২১ হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হয় ।

জানিব পৰা মতে যুৱকজনে ড্ৰাগছখিনি ডিমাপুৰৰ আনিছিল আৰু যোৰহাটৰ বিভিন্ন প্ৰান্তৰ বিভিন্নজনক যোগান ধৰাৰ পৰিকল্পনা কৰিছিল । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে । আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীটোক জেৰাও অব্যাহত ৰাখিছে ।

উল্লেখ্য যে নাগালেণ্ডৰ ডিমাপুৰ এতিয়া ড্ৰাগছৰ মূল ঘাটিত পৰিণত হোৱা দেখা গৈছে ! উক্ত স্থানৰ পৰা নিতৌ উজনি অসম তথা অসমৰ বিভিন্ন প্ৰান্তলৈ ড্ৰাগছ সৰবৰাহ হৈ আহিছে । এই মাহৰ ভিতৰতে যোৰহাট নগৰ ঢাকাইপট্ৰি, মাছৰহাটৰ পৰা ড্ৰাগছসহ ৪ টা ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ।

যোৱা ১৪ মে'ত যোৰহাট আৰু গোলাঘাট আৰক্ষীৰ যুটীয়া অভিযানত মৰিয়নী নিউ সোণোৱালৰ পৰা প্ৰায় ১ কোটি ৪০ লাখ টকাৰ ড্ৰাগছসহ এটা সৰবৰাহকাৰী গ্ৰেপ্তাৰ হৈছিল । জব্দ হোৱা ড্ৰাগছখিনি ডিমাপুৰৰ পৰা সৰবৰাহ কৰা হৈছিল । যাৰ বাবে শেহতীয়াকৈ ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে যোৰহাট আৰক্ষীয়ে ।

লগতে পঢ়ক :খেলমাটি কাণ্ড সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত, শুকুৰবাৰে নিশা আটক 13 আক্ৰমণকাৰী - Attack On Khelmati Out Post

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.