ETV Bharat / state

প্ৰথমে মৃত যুৱকক পৰিয়ালৰ অজ্ঞাতে কৰিলে সৎকাৰ, তাৰ পিচত আত্মহত্যা : নামৰূপত ভয়ংকৰ কাণ্ড - Consequences of drug addiction

author img

By ETV Bharat Assamese Team

Published : Jul 21, 2024, 4:50 PM IST

Suicide for fear of police : নামৰূপত নিচাসক্ত যুৱকে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড ৷ মৃত যুৱকক পৰিয়ালৰ অজ্ঞাতে সৎকাৰ কৰি আৰক্ষীৰ ভয়ত কৰিলে আত্মহত্যা ৷ অত্যধিক ড্ৰাগছ গ্ৰহণ ফলত জ্বৰ-বমি হৈ যুৱকজনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷

CONSEQUENCES OF DRUG ADDICTION
ড্ৰাগছৰ বাবেই নামৰূপত ভয়ংকৰ ঘটনা (ETV Bharat Assam)

ডিব্ৰুগড়, ২১ জুলাই : ডিব্ৰুগড় জিলাৰ নামৰূপত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । ড্ৰাগছআসক্ত যুৱকে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড ৷ জ্বৰ আৰু বমিত আক্ৰান্ত হৈ মৃত্যু হোৱা যুৱকৰ মৃতদেহ পৰিয়ালৰ লোকক চমজাই দিয়াৰ পৰিৱৰ্তে ডিব্ৰুগড়ৰ এখন শ্মশানত সৎকাৰ কৰে নিচাসক্ত এজন যুৱকজনে । ইয়াৰ পিচতে আৰক্ষীৰ জালত পৰা ভয়ত নিচাসক্ত যুৱকজনে ডিঙিত চিপ লৈ আত্মহত্যা কৰে ।

ঘটনা অনুসৰি নামৰূপৰ শৰ্মা তিনিআলিৰ শংকৰ মালা নামৰ এজন যুৱকে ৮ জুলাইৰ সন্ধিয়া নামৰূপৰ বাছা টাইপৰ নিৱাসী গিৰীশ হাজৰিকাৰ জীয়ৰীৰ জন্মদিন উদযাপন কৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল ৷ পৰিয়ালৰ মতে সেইদিন ধৰি নিৰুদ্দেশ হৈ আছিল শংকৰ মালা ৷ পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ-খোঁচাৰ কৰাৰ পিচতো কোনোধৰণৰ সন্ধান উলিয়াবলৈ সক্ষম নোহোৱাত নামৰূপ আৰক্ষীৰ কাষ চাপে ৷ পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত নামৰূপ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল ।

শুকুৰবাৰে নামৰূপ আৰক্ষীয়ে গিৰীশ হাজৰিকাৰ কল ডিটেইলছ পৰীক্ষা কৰে ৷ গিৰীশ হাজৰিকাই ৮ জুলাইৰ মাজৰাতি নামৰূপৰ মুকেশ বাৰ্মা নামৰ এজন গাড়ী চালকলৈ ৮ বাৰ ফোন কৰাৰ তথ্য লাভ কৰে আৰক্ষীয়ে ৷ আৰক্ষীৰ উক্ত নম্বৰটোৰ প্ৰতি সন্দেহ জন্মাত সোধা-পোছাৰ বাবে নামৰূপ থানালৈ মাতি অনাত মুকেশ বাৰ্মাই আৰক্ষীৰ আগত সমগ্ৰ ঘটনাৰ বিৱৰণ দিয়ে ৷

চালক মুকেশে আৰক্ষীৰ আগত জানিবলৈ দিয়া মতে, গিৰীশ হাজৰিকাই তেওঁৰ মাতৃ অসুস্থ হোৱা বুলি কৈ ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ যাব লাগিব বুলি মিছাকৈ মুকেশক ঘৰলৈ মাতি পঠিয়ায় ৷ তাৰ পিচতে এখন বিছনা চাদৰেৰে শংকৰক মেৰিয়াই অসম চিকিৎসা মহাবিদ্যালয়লৈ যায় ।

অসম চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হোৱাৰ পিচতেই চালক মুকেশক ঘৰলৈ পঠিয়াই দিয়ে বুলি আৰক্ষীৰ আগত মুকেশে স্বীকাৰ কৰে । চালকগৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিত শুকুৰবাৰে সন্ধিয়া গিৰীশ হাজৰিকাক নামৰূপ থানাত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়া হয়৷ নিশা নিজা বাসগৃহত ডিঙিত চিপ লৈ আত্মহত্যা কৰে গিৰীশ হাজৰিকাই ৷

গিৰীশৰ আত্মহত্যাৰ পিচতেই ৮ জুলাইৰ নিশা গিৰীশৰ ঘৰত কি হৈছিল আৰু কিয় গিৰীশে আত্মহত্যাৰ পথ বাচি ল'লে সকলো কথা সংবাদ‌ মাধ্যমত বিৱৰি কয় তেওঁৰ পত্নীয়ে ৷ পত্নীয়ে কোৱা অনুসৰি গিৰীশে দৈনিক নিচাযুক্ত দ্ৰব্য সেৱন কৰে ৷ গিৰীশৰ পৰিয়ালে বিগত দিনকেইটাত সমগ্ৰ ঘটনা কিয় গাপ দি ৰাখিলে তাকে লৈ এতিয়া বহু প্ৰশ্ন উত্থাপিত হৈছে ।

গিৰীশ হাজৰিকাই দৈনিক নিচাযুক্ত দ্ৰব্য সেৱন কৰিছিল আৰু সেই হেতুকে শংকৰ মালাক সেইদিনা নিচাযুক্ত দ্ৰব্য সেৱন কৰিবলৈ বাধ্য কৰা হৈছিল নেকি ? যাৰ ফলত অত্যধিক নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ ফলতে জ্বৰত ভোগাৰ লগতে বমি কৰি মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছিল নেকি শংকৰে ? নামৰূপ আৰক্ষীয়ে এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি তদন্ত অব্যাহত ৰখাৰ লগতে আজি আত্মহত্যা কৰা গিৰীশ হাজৰিকাৰ পত্নীক সোধ-পোছ কৰাৰ বাবে আটক কৰিছে । এই ঘটনাই সমগ্ৰ নামৰূপ অঞ্চলত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে ৷

লগতে পঢ়ক : 1 কোটি 40 লাখ টকাৰ ড্ৰাগছসহ আৰক্ষীৰ জালত মহিলা

লগতে পঢ়ক : লাহৰিজানত সন্দেহযুক্ত হেৰ'ইন জব্দ : মহিলাসহ আটক চাৰি সৰবৰাহকাৰী

লগতে পঢ়ক : বোকাজানত ৩ কোটি ৫০ লাখ টকাৰ ড্ৰাগছ জব্দ : আটক ২ সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.