ETV Bharat / state

পাৱাৰলুমৰ গামোচা বিচাৰি ফাঁচী বজাৰত হস্ততাঁত-বস্ত্ৰশিল্প বিভাগৰ অভিযান - Powerloom Gamocha in Assam

Powerloom Gamocha: পাৱাৰলুমৰ গামোচাৰ বিৰুদ্ধে অসম চৰকাৰৰ হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ অভিযান । মহানগৰী ফাঁচীবজাৰৰ দোকানে-দোকানে পাৱাৰলুমৰ গামোচা বিচাৰি অভিযান চলাইছে বিভাগটোৱে ।

author img

By ETV Bharat Assamese Team

Published : Apr 4, 2024, 9:37 PM IST

Gamocha of Assam
Assam Gamocha market
ফাঁচী বজাৰত হস্ততাঁত-বস্ত্ৰশিল্প বিভাগৰ অভিযান

গুৱাহাটী, ৪ এপ্ৰিল: ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত বজাৰসমূহত ব্যাপক হাৰত উপলব্ধ হৈছে অসমীয়াৰ স্বাভিমান স্বৰূপ গামোচা । অসমীয়া বিহুনামত উল্লেখ আছে যে "গৰুবিহু দিনা বস্ত্ৰদান কৰিবা তেহে পাবা বৈকুণ্ঠত ঠাই ।" অসমীয়া মানুহে গৰুবিহুৰ দিনা আলহী-অতিথি বা ঘৰৰ জ্যেষ্ঠসকলক একোখন বিহুৱানেৰে মান ধৰাটো এক পৰম্পৰা । যাৰ বাবে ৰঙালী বিহুৰ বজাৰত গামোচাৰ চাহিদা অধিক হয় ।

  • " class="align-text-top noRightClick twitterSection" data="">

কিন্তু ইয়াৰ সুবিধা লৈ অসমৰ বজাৰত একাংশ অসাধু ব্যৱসায়ীয়ে মোকলাই দিছে বহিঃৰাজ্যত মেচিত তৈয়াৰ কৰা গামোচাৰ আৰ্হিৰ গলবস্ত্ৰ । যিয়ে অসমীয়া শিপিনীৰ গামোচাৰ বজাৰখন মন্দা কৰি তোলে । কিয়নো এখন থলুৱা গামোচাৰ ন্যূনতম বিক্ৰীমূল্য যদি 100 টকা হয়, তেন্তে পাৱাৰলুমৰ একে আকৃতিৰ গামোচা 40 ৰ পৰা 50 টকাতে বিক্ৰী কৰা হয় ।

অসমৰ মুখ্যমন্ত্ৰীয়েও এইক্ষেত্ৰত সংশ্লিষ্ট বিভাগক কঠোৰ হ'বলৈ নিৰ্দেশ দিছিল । কিন্তু তাৰ পাচতো অসমৰ বজাৰত পাৱাৰলুমৰ গামোচা দেখা যায় । বৃহস্পতিবাৰে গুৱাহাটীৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ স্বৰূপ ফাঁচী বজাৰত অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ এটা দলে পাৱাৰলুমৰ গামোচাৰ বিৰুদ্ধে অভিযান চলোৱা পৰিলক্ষিত হয় ।

ফাঁচীবজাৰ আৰক্ষী চকীৰ সহযোগত হস্ততাঁত বস্ত্ৰশিল্পৰ বিষয়া প্ৰতুল দাস আৰু আব্দুল মুন্নাৰ নেতৃত্বত প্ৰায় ন-জনীয়া এটা দলে চলাই অভিযান । সংবাদ মাধ্যমক অভিযানকাৰী বিষয়াই জনোৱা অনুসৰি আজিৰ এই অভিযানকালত ফাঁচীবজাৰৰ বহুকেইখন দোকানৰ পৰা প্ৰায় ১০০ খনৰো অধিক গামোচা জব্দ কৰা হৈছে । জব্দ কৰা গামোচা কেইখন পাৱাৰলুমৰ বুলি চিনাক্ত হ'লে সেই দোকানকেইখনৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।

উল্লেখ্য যে পাৱাৰলুমৰ গামোচাই থলুৱা শিপিনীয়ে বোৱা গামোচা বিক্ৰীৰ ওপৰত প্ৰভাৱ পেলাইছে । তদুপৰি বহিঃৰাজ্যৰ পৰা অহা এই গামোচাবোৰৰ মূল্য একেবাৰে কম । সেয়েহে দাম কম হোৱাৰ বাবে গ্ৰাহক ইয়াৰ প্ৰতি বেছি আগ্ৰহী হোৱা দেখা যায় । যাৰ ফলত বঞ্চিত হ'বলগীয়া হয় অসমীয়া শিপিনীসকল ।

লগতে পঢ়ক: ৰঙালী বিহুৰ বজাৰত পাৱাৰলুমৰ গামোচাৰ প্ৰয়োভৰ: গ্ৰাহকেও বিচাৰে কম দামৰ গামোচাহে - Powerloom Gamocha

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.