ETV Bharat / state

ৰাষ্ট্ৰপতিৰ পৰা ২০২৪ চনৰ ৰাষ্ট্ৰীয় বিজ্ঞান বঁটা গ্ৰহণ কৰিলে ড৹ পূৰৱী শইকীয়াই - 2024 Shanti Swarup Bhatnagar Award

author img

By ETV Bharat Assamese Team

Published : Aug 22, 2024, 7:43 PM IST

Dr Purabi Saikia receives National Science Award : লখিমপুৰৰ এখন অখ্যাত গাঁৱৰ এটি কৃষক পৰিয়ালৰ পৰা গৈ ৰাষ্ট্ৰীয় বিজ্ঞান বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ড৹ পূৰবী শইকীয়াই । বৃহস্পতিবাৰে নতুন দিল্লীত ৰাষ্ট্ৰপতিৰ পৰা এই বঁটা গ্ৰহণ কৰে ড৹ শইকীয়াই ৷

Dr Purabi Saikia receives National Science Award
২০২৪ চনৰ ৰাষ্ট্ৰীয় বিজ্ঞান বঁটা গ্ৰহণ কৰে ড৹ পূৰৱী শইকীয়াই (President's official Page)

লখিমপুৰ, ২২ আগষ্ট : এইবাৰ ৰাষ্ট্ৰীয় বিজ্ঞান বঁটা লাভ কৰিছে এগৰাকী অসমীয়াই ৷ নাম ড৹ পূৰৱী শইকীয়া ৷ ড৹ শইকীয়াই এই বঁটা লাভ কৰাৰ বাবে লখিমপুৰত উঠিছে আনন্দৰ জোৱাৰ ৷ কিয়নো ড৹ পূৰৱী শইকীয়া হৈছে লখিমপুৰৰ চিয়াজুলি বাগান গাঁৱৰ নিবাসী কৃষক প্ৰয়াত চন্দ্ৰেশ্বৰ শইকীয়া আৰু আইধান শইকীয়াৰ কনিষ্ঠ কন্যা ৷

বৰ্তমান শইকীয়া বানাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপিকা হিচাবে কৰ্মৰত ৷ বৃহস্পতিবাৰে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ড৹ পূৰবী শইকীয়াই ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা চলিত বৰ্ষৰ বিজ্ঞানৰ সৰ্বোচ্চ সন্মান শান্তিস্বৰূপ যুৱ ভাটনাগৰ বঁটা গ্ৰহণ কৰে ৷

  • ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ :

এইবাৰ কেন্দ্ৰীয় চৰকাৰে ৩৩ টা ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ ঘোষণা কৰে । ড৹ শইকীয়াকে ধৰি বঁটাপ্ৰাপ্ত সকলো গৱেষকক ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দিনৰ ১১ বজাত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰে । ৰাষ্ট্ৰপতি ভৱনৰ পৰা প্ৰচাৰিত এই বঁটা প্ৰদান অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ উপভোগ কৰি ড৹ পূৰৱী শইকীয়াই পঞ্চম শ্ৰেণীৰ পৰা দশম শ্ৰেণী পৰ্যন্ত শিক্ষাগ্ৰহণ কৰা জন্ম গাঁওখনত অৱস্থিত দীৰ্ঘা মাজগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ত এক প্ৰকাৰ উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হয় ।

এই আনন্দতে শিক্ষক সমাজে তেওঁৰ মাতৃক বাসগৃহত গৈ এখন চেলেং চাদৰ আৰু মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে । ইফালে লখিমপুৰৰ জীয়াৰী ড৹ পূৰৱী শইকীয়াই আজি বঁটা গ্ৰহণ কৰা বুলি জানিব পাৰি সমগ্ৰ জিলাবাসীয়েই তেওঁৰ পৰিয়ালবৰ্গক শুভেচ্ছা জ্ঞাপন কৰে ৷

লগতে পঢ়ক : বিশ্ব আলোকচিত্ৰ দিৱসত সৌৰভ দুৱৰাক 'ফটো সাংবাদিকতা বঁটা' প্ৰদান - World Photography Day

  • পূৰৱী শইকীয়াৰ শিক্ষাজীৱন :

সৰুৰে পৰা মেধাসম্পন্ন পূৰৱী শইকীয়াই চিয়াজুলিস্থিত দীৰ্ঘা মাজগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৯৯ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ নৰ্থ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ত বিজ্ঞান শাখাত নামভৰ্তি কৰিছিল । উক্ত মহাবিদ্যালয়ৰ পৰা সুখ্যাতিৰে স্নাতক ডিগ্ৰী লৈ তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে ।

তাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি পূৰৱীয়ে পৰৱৰ্তী সময়ত অৰুণাচল প্ৰদেশৰ নিৰিজুলিস্থিত নেৰিষ্টত ডক্টৰেট ডিগ্ৰীৰ বাবে নামভৰ্তি কৰে । ২০১১ চনত ডক্টৰেট ডিগ্ৰী লাভ কৰি তেওঁ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগে আগবঢ়োৱা ফেল'শ্বিপ লৈ তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত পোষ্ট ডক্টৰেল ৰিচাৰ্চাৰ ৰূপে যোগদান কৰে ।

এই বিশ্ববিদ্যালয়ত কেইমাহমান কৰ্ম সম্পাদন কৰি তেওঁ ঝাৰখণ্ড কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত যোগদান কৰেগৈ । বৰ্তমান বানাৰস হিন্দু বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপিকা ড৹ পূৰৱী শইকীয়াৰ স্বামী চিকিম বিশ্ববিদ্যালয়ত অধ্যাপকৰূপে কৰ্মৰ ৷ অৱশ্যে বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰ চৰকাৰৰ অনুৰোধমৰ্মে তেওঁ আমেৰিকাৰ পাৰ্ডিউ বিশ্ববিদ্যালয়ত ইণ্ডো-ইউ এছ ফুল ব্ৰাইট ফেল'শ্বিপৰ বাবে ন-মহীয়া এক গৱেষণাত ব্যস্ত হৈ আছে ।

লগতে পঢ়ক : নৃত্যগুৰু সোণাল মানসিঙৰ উপৰিও কোনে কোনে আজি পৰ্যন্ত লাভ কৰিছে শ্ৰীমন্ত শংকৰদেৱ বঁটা ? - SONAL MANSINGH SRIMANTA SANKARDEVA

উল্লেখ্য যে, ভাৰতবৰ্ষৰ বিজ্ঞানৰ ক্ষেত্ৰখনত এনেদৰে সৰ্বোচ্চ সন্মান লাভ কৰা ড৹ পূৰৱী শইকীয়া হ'ল অসমৰ ষষ্ঠগৰাকী অসমীয়া । তেওঁ প্লাণ্ট ইক'লজী, বায়'ডাইভাৰচিটি কনজাৰভেচন আৰু চইল ইক'লজীৰ ওপৰত গৱেষণা কৰি এই বিৰল সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ।

ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পর্যায়ত বিজ্ঞান-প্ৰযুক্তিবিদ্যা বিষয়ক বিভিন্ন প্ৰতিবেদন সফলতাৰে উপস্থাপন কৰাৰ সুবাদত লখিমপুৰৰ জীয়াৰী ড৹ পূৰবী শইকীয়াক লক্ষ্ণৌত অৱস্থিত 'প্ৰফেছৰ এইচ এছ শ্ৰীবাস্তৱ ফাউণ্ডেচন ফৰ ছায়েন্স এন্ড ছ'চাইটি'য়ে ২০১৮-১৯ বৰ্ষৰ যুৱ মহিলা নেতৃত্ব বঁটাৰে সন্মানিত কৰিছিল । লখিমপুৰৰ জীয়াৰীগৰাকীৰ এই সাফল্যত জিলাবাসীয়ে আজি গৌৰৱান্বিত ।

লগতে পঢ়ক : মিতভাষৰ স্ৰষ্টা ড৹ নগেন শইকীয়ালৈ জীৱনজোৰা সাধনা বঁটা - Lifetime achievement award

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.