ETV Bharat / state

বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া নিৰ্বাচিত ড৹ বাবুল চন্দ্ৰ দাস - Barpeta Satra Election 2024

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Barpeta Satra: বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া নিৰ্বাচনত ১,৬৭০ টা ভোটৰ ব্যৱধানত বুঢ়াসত্ৰীয়া পদত জয়লাভ কৰে ড৹ বাবুল চন্দ্ৰ দাসে । সত্ৰ পৰিচালনা সমিতিৰ বাবে ১৫ টা সমষ্টিৰ পৰা ২৮ গৰাকী সদস্য নিৰ্বাচিত কৰা হয় ৷

Barpeta Satra
বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া নিৰ্বাচনত বিজয় ড০ বাবুল চন্দ্ৰ দাসৰ (ETV Bharat)

বৰপেটা, ৩০ ছেপ্টেম্বৰ : ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ বহু প্ৰত্যাশিত বুঢ়াসত্ৰীয়া হিচাপে নিৰ্বাচিত হ'ল মহাপুৰুষীয়া সংস্কৃতিৰ বিশিষ্ট পণ্ডিত ড৹ বাবুল চন্দ্ৰ দাস । দেওবাৰে পুৱাৰে পৰা হোৱা ভোটগ্ৰহণৰ পিচত নিশা ভোটগণনা অনুষ্ঠিত হয় । য'ত ড৹ বাবুল চন্দ্ৰ দাসে ৩,৭১৬ টা ভোট লাভ কৰি বুঢ়াসত্ৰীয়া হিচাপে নিৰ্বাচিত হয় । বুঢ়াসত্ৰীয়া পদটোৰ বাবে ড৹ বাবুল চন্দ্ৰ দাসৰ লগতে বৰপেটা সত্ৰৰ বুঢ়াভকত হেমেন আতৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল । তিনিটা ৰাউণ্ডত হোৱা গণনাৰ অন্তত ড৹ বাবুল চন্দ্ৰ দাস ৩,৭১৬ টা ভোট লাভ কৰে । আনহাতে হেমেন বুঢ়াভকতে লাভ কৰা ভোটৰ সংখ্যা হ'ল ২,০৪৬ টা । ১,৬৭০ টা ভোটৰ ব্যৱধানত বুঢ়াসত্ৰীয়া পদত জয়লাভ কৰে ড৹ বাবুল চন্দ্ৰ দাসে ।

বৰপেটা সত্ৰৰ নিৰ্বাচন

উল্লেখ্য যে বৰপেটা সত্ৰৰ বুঢ়া আৰু ডেকাসত্ৰীয়া দুয়োগৰাকীক সত্ৰখনত অংশীদাৰিত্ব থকা ভকত আৰু আই-মাতৃসকলে ভোটদানৰ জৰিয়তে নিৰ্বাচিত কৰি আহিছে । ‌প্ৰায় ৪৪৪ বছৰীয়া এই পৰম্পৰা প্ৰতিষ্ঠা কৰিছিল সত্ৰখনৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ মথুৰা দাস বুঢ়াআতাই । তেতিয়াৰে পৰা গণতান্ত্ৰিক ব্যৱস্থাৰে বৰপেটা সত্ৰৰ দুয়োগৰাকী সত্ৰীয়াক নিৰ্বাচিত কৰি অহা হৈছে । বুঢ়াসত্ৰীয়াৰ লগতে সত্ৰ পৰিচালনা সমিতিৰ নিৰ্বাচনো অনুষ্ঠিত হয় । এই নিৰ্বাচনৰ জৰিয়তে সত্ৰ পৰিচালনা সমিতিৰ বাবে ১৫ টা সমষ্টিৰ পৰা ২৮ গৰাকী সদস্য নিৰ্বাচিত কৰা হয় ৷ ইয়াৰে ৬ টা সমষ্টিৰ ৮ গৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয় ।

আনন্দিত নৱনিৰ্বাচিত বুঢ়াসত্ৰীয়া

ইফালে বুঢ়াসত্ৰীয়া হিচাপে নিৰ্বাচিত হৈ আনন্দ প্ৰকাশ কৰে ড৹ বাবুল চন্দ্ৰ দাসে । তেওঁ কয়, "এই জয় মোৰ নিজৰ জয় নহয়, বৰপেটাৰ ৰাইজৰ জয় ।" বুঢ়াসত্ৰীয়াৰ আসনখনৰ পৰাই তেওঁ বৰপেটা সত্ৰক ইয়াৰ স্বকীয় মহিমাৰে আৰু অধিক আগবঢ়াই নিয়াৰ বাবে কাম কৰিব বুলিও উল্লেখ কৰে ।

উল্লেখ্য যে বৰপেটাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হয় ভোটগণনা । ২০২২ চনৰ ২২ অক্টোবৰত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ দেহাৱসানৰ পিচত প্ৰায় দুবছৰে খালী হৈ আছিল বুঢ়াসত্ৰীয়া পদ । একেদৰে বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ ৩ বছৰীয়া কাৰ্যকালৰ বাবে ২৮ গৰাকী সদস্যও নিৰ্বাচিত হয় ।

লগতে পঢ়ক: ৪৪৪ বছৰীয়া পৰম্পৰাৰে বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ নিৰ্বাচন - Barpeta Satra

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.