শিৱসাগৰ, 19 জুলাই : শিৱসাগৰ জিলাৰ মাজেদি বৈ যোৱা দৰিকা নদীৰ বানপানীয়ে দীৰ্ঘদিনে জুৰুলা কৰি আহিছে নদীখনৰ দাঁতিকাষৰীয়া ৰাইজক । দৰিকাৰ পানীয়ে বিস্তীৰ্ণ কৃষিভূমি দীৰ্ঘসময় ধৰি প্লাবিত কৰি ৰখাৰ ফলত খেতি কৰিব নোৱাৰে কৃষিজীৱী ৰাইজে ।
এই সমস্যাৰ স্থায়ী সমাধানৰ বাবে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে বিধানসভাত দাবী উত্থাপন কৰাৰ পাচতেই এই সমস্যা সমাধানৰ বাবে চৰকাৰে গঠন কৰে বিশেষজ্ঞ সমিতি । অসম চৰকাৰে নিয়োগ কৰা গুৱাহাটী আই আই টিৰ এই বিশেষজ্ঞসকলৰ সৈতে বৃহস্পতিবাৰে শিৱসাগৰৰ দল-সংগঠন, বিশিষ্ট ব্যক্তি আৰু নাগৰিকসকলৰ এক বিশেষ আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয় ।
শিৱসাগৰ নগৰৰ মিচিং গেষ্ট হাউচৰ প্ৰেক্ষাগৃহত আয়োজিত এই আলোচনা চক্ৰৰ আলোচ্য বিষয় আছিল "দৰিকা নদীৰ বানপানী সমস্যাৰ স্থায়ী সমাধান" । এই আলোচনা চক্ৰত অসম চৰকাৰৰ দ্বাৰা নিয়োগ কৰা আই আই টি গুৱাহাটীৰ চিভিল ইঞ্জিনিয়াৰিঙৰ বিশেষজ্ঞ ৰাজীৱ ভট্টাচাৰ্যই অংশগ্ৰহণ কৰে ৷ ভট্টাচাৰ্যই আলোচনা চক্ৰত উপস্থিত থকা ব্যক্তিসকলৰ সৈতে দৰিকা নদীৰ বানৰ সমস্য কেনেকৈ সমাধানৰ কৰিব পাৰি তাৰ বিষয়ে আলোচনাত মিলিত হয় ।
লগতে পঢ়ক : অসমৰ তিনিটা ঔদ্যোগিক প্ৰকল্পলৈ কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন - Industrial project in Assam
উল্লেখ্য যে, দৰিকা নদীৰ বানে শিৱসাগৰৰ কোঁৱৰপুৰ মৌজা, বেতবাৰী মৌজা, হাঁহচৰা মৌজাৰ কৃষক ৰাইজৰ বিস্তৰ ক্ষতি সাধন কৰি আহিছে । এই নদীৰ বানৰ ফলত নদীখনৰ কাষৰীয়া 24 হাজাৰ হেক্টৰ কৃষিভূমিৰ 12 হাজাৰ হেক্টৰ ভূমিত খেতি কৰিব নোৱাৰি ।
শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে তেখেতৰ ভাষণ প্ৰসংগত দৰিকা নদীৰ বানপানী সমস্যাটো কেনেকৈ সমাধান কৰিব পাৰি সেই বিষয়ত উপস্থিত সকলক দিহা পৰামৰ্শ দিবৰ বাবে আহ্বান জনায় । তেওঁ উল্লেখ কৰে যে আই আই টিৰ বিশেষজ্ঞ কমিটিয়ে প্ৰতিবেদন দিয়াৰ লগে লগেই অসম চৰকাৰে এই সন্দৰ্ভত কাৰ্যব্যৱস্থা হাতত ল'ব ৷ আলোচনা চক্ৰত শিৱসাগৰৰ বিভিন্ন দল সংগঠন তথা জিলাখনৰ বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিয়ে এই আলোচনা চক্ৰত মিলিত হৈ দৰিকা নদীৰ বানৰ স্থায়ী সমাধান কেনেকৈ সম্ভৱ সেই সন্দৰ্ভত নিজ নিজ মত ব্যক্ত কৰে ।
এই আলোচনা চক্ৰত জলসম্পদ বিভাগৰ শিৱসাগৰ সংমণ্ডলৰ সহঃ অভিযন্তা মৃনাংক শইকীয়া, জল সম্পদ বিভাগৰ শিৱসাগৰ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা দীনেশ বুঢ়াগোঁহাই, এছ ডি অ চন্দন বৰপাত্ৰগোঁহাই, জল সম্পদ বিভাগৰ অধীক্ষক প্ৰভাত চন্দ্ৰ ৰাভা উপস্থিত থাকে ৷
লগতে শিৱসাগৰৰ বিশিষ্ট শিক্ষাবিদ ভূৱন চন্দ্ৰ গগৈ, গড়কাপ্তানি বিভাগৰ কৰ্মচাৰী বুবু কুমাৰ গগৈ, ৰাইজৰ দলৰ শিৱসাগৰ যুৱ মৰ্চাৰ সভাপতি ভাস্কৰ দাস, লোক নিৰ্মাণ বিভাগৰ কৰ্মচাৰী সৌৰভ জ্যোতি দাস, শিৱসাগৰ ছোৱালী কলেজৰ অধ্যাপক প্ৰৱীণ শৰ্মা, শিৱসাগৰৰ স্থানীয় বিধায়ক অখিল গগৈ উপস্থিত থাকে ।