ETV Bharat / state

নাহৰৰ দেশত নাহৰ ফুলৰ সুবাসত মতলীয়া ডেকা-গাভৰু - Dibrugarh University - DIBRUGARH UNIVERSITY

Dibrugarh University: উজনি অসমৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এতিয়া মায়াময় পৰিৱেশ । শাৰী শাৰী নাহৰ গছত ফুলিছে নাহৰ । নাহৰৰ দেশত উমলিছে প্ৰাণচঞ্চলা ডেকা-গাভৰুৱে ।

Dibrugarh University Youth Excited about blooming of indian rose chestnut
নাহৰৰ দেশত নাহৰ ফুলৰ সুবাসত মতলীয়া ডেকা-গাভৰু (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 10, 2024, 7:47 PM IST

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এতিয়া মায়াময় পৰিৱেশ (ETV BHARAT ASSAM)

ডিব্ৰুগড়, ১০ মে': নাহৰ নহয় যেন এটি শব্দ । য'ত আছে বহু আদৰ । য'ত আছে বহু আবেগ । নাহৰে বিলাই বসন্তৰ সুবাস, নাহৰে দি যায় প্ৰেমৰ উমান । নাহৰৰ দেশত এতিয়া নাহৰ ফুলিছে । জ্যোতি বাটচ'ৰাৰে প্ৰৱেশ কৰাসকলক আদৰিছে নাহৰে । কত যে স্মৃতি, কত যে আলাপ । মায়াময় হৈ পৰিছে নাহৰৰ দেশ ।

উজনি অসমৰ বৌদ্ধিক আৰু উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰস্বৰূপ ডিব্ৰুগড় বিশ্ববিদ্যালয় । ৰাজ্যৰ লগতে বহিঃৰাজ্যৰ আৰু বিদেশী ৰাষ্ট্ৰৰ ছাত্ৰ-ছাত্ৰীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আহিছে । সুস্থ সমাজ আৰু মানৱ সম্পদ গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ।

১৯৬৫ চনত প্ৰতিষ্ঠা লাভ কৰা বিশ্ববিদ্যালয়খনত এক নান্দনিক মন জুৰোৱা পৰিৱেশ । বিশ্ববিদ্যালয়ৰ জ্যোতি বাটচ'ৰাত প্ৰথম পদাৰ্পণ কৰিয়েই মন পুলকিত হ'ব আপোনাৰ । কিয়নো এতিয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ত থকা শাৰী শাৰী নাহৰ গছসমূহ জাতিস্কাৰ হৈ পৰিছে ফুলেৰে । নাহৰ ফুলৰ সুগন্ধিয়ে সুবাস বিলাইছে গোটেই বিশ্ববিদ্যালয়ৰ চৌহদত । নাহৰৰ দেশৰ এতিয়া নাহৰৰ সুগন্ধিয়ে মন-প্ৰাণ পুলকিত কৰিছে ছাত্ৰ-ছাত্ৰীৰ ।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীয়ে নাহৰ ফুলৰ গোন্ধ লগত লৈ শ্ৰেণীকোঠাত প্ৰৱেশ কৰে আৰু পঢ়া সামৰি লগত লৈ যায় জ্ঞান আৰু নাহৰ ফুলৰ সুগন্ধিময় মন । কিয়নো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জ্যোতি বাটচ'ৰাৰ প্ৰৱেশদ্বাৰৰ পৰা আৰম্ভ কৰি সকলো দিশতে নাহৰ গছৰে পৰিপূৰ্ণ হৈ আছে বিশ্ববিদ্যালয়খন ।

বসন্তকাল অহাৰ লগে লগে জীপাল হৈ পৰা গছবোৰত কুমলীয়া নতুন পাত মেলাৰ সমান্তৰালকৈ গছবোৰৰ পাতৰ তলে তলে নাহৰ ফুলৰ গোন্ধই আমোলমোলাই থাকে । সেয়েহে নাহৰৰ দেশ বুলি সুকীয়া পৰিচয় লাভ কৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এই পৰিৱেশত সৃষ্টি হৈছে বহু গীত, কবিতা, উপন্যাস ।

বৰ্তমানৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এই পৰিৱেশ চিৰযুগমীয়া কৰিবলৈ নাহৰ, কৃষ্ণচূড়াৰ গছ ৰোপণ কৰা কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে । য'ত মায়াময় এক পৰিৱেশত যৌৱনৰ স্মৃতি বুটলি অধ্যয়নৰত হ'ব ছাত্ৰ-ছাত্ৰীসকল ।

লগতে পঢ়ক: কপৌ-কেতেকীৰ গোন্ধে আমোলমোলাইছে টংকেশ্বৰ দলৈৰ বাৰী - Bohag Bihu

Beautiful View Of Jonai: চিমেন চাপৰিত হাত বাউলি মাতিছে শাৰী শাৰী নাহৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.