ETV Bharat / state

দেশৰ ভিতৰতে সৰ্বাধিক ভোটদানেৰে অভিলেখ ধুবুৰীৰ : ৯২.০৮ শতাংশ ভোটদানৰ আঁৰৰ কাৰণ আৰু ভোটদানৰ ধাৰা - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

Dhubri Lok Sabha Constituency : দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে ধুবুৰীয়ে । সৰ্বাধিক ভোটদানেৰে গঢ়িলে অভিলেখ ৷ মুঠ ৯২.০৮ শতাংশ ভোটদানৰ হাৰেৰে ৰাষ্ট্ৰীয় পৰ্যায়তো চৰ্চাৰ বিষয় হৈ পৰিছে ধুবুৰী লোকসভা সমষ্টি ।

Dhubri Lok Sabha Constituency
দেশৰ ভিতৰতে সৰ্বাধিক ভোটদানৰে অভিলেখ ধুবুৰীৰ (ETV Bharat/ File)
author img

By ETV Bharat Assamese Team

Published : Jun 1, 2024, 10:27 PM IST

গুৱাহাটী, ১জুন : আজি লোকসভা নিৰ্বাচন ২০২৪ৰ ৭৫ দিনীয়া ভোটগ্ৰহণ পৰ্ব শেষ হ’ল। এইবাৰৰ নিৰ্বাচনত সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষণ কৰিছে অসমৰ এটা বিশেষ সমষ্টিয়ে । দেশৰ ভিতৰতে সৰ্বাধিক ভোটদানৰ হাৰেৰে অভিলেখ ৰচিছে ধুবুৰী লোকসভা সমষ্টিয়ে । মুঠ ৯২.০৮ শতাংশ সৰ্বাধিক ভোটদানৰ হাৰেৰে অসমৰ ধুবুৰীয়ে ৰাষ্ট্ৰীয় পৰ্যায়তো সকলোৰে চৰ্চাৰ বিষয় হৈ পৰিছে ।

দেশৰ বিভিন্ন প্ৰান্তত বিশেষকৈ মহাৰাষ্ট্ৰ, বিহাৰ আদিত ভোটদানৰ বিপৰীতে ধুবুৰীত সৰ্বাধিক ভোটদানৰ হাৰে দেশৰ ৰাজনৈতিক বিশ্লেষকসকলৰ মাজত কৌতুহলৰ সৃষ্টি কৰিছে ৷

প্ৰথমেই চাও আহক ধুবুৰীত যোৱা তিনিটা নিৰ্বাচনৰ ধাৰা:

ধুবুৰী, লোকসভা নিৰ্বাচন-২০২৪

  • ভোটদানৰ হাৰ; ৯২.০৮ শতাংশ
  • মুঠ ভোটদান : ২৪.৫ লাখ গৰাকীৰ
  • মুঠ ভোটাৰৰ সংখ্যা : ২৬,৬০, ৮২৭ গৰাকী
  • ধুবুৰীত বিধানসভা সমষ্টিৰ সংখ্যা: ১১ টা
  • দুটা বিধানসভা সমষ্টিত ভোটদানৰ হাৰ ৯৪ শতাংশতকৈ বেছি : গৌৰীপুৰ আৰু বীৰচিং-জাৰুৱা বিধানসভা সমষ্টি ৷

ধুবুৰী, লোকসভা নিৰ্বাচন- ২০১৯

  • ভোটদানৰ হাৰ: ৯০.৬৬ শতাংশ
  • দেশৰ মুঠ ৫৪৩টা সংসদীয় সমষ্টিৰ ভিতৰত ধুবুৰীত সৰ্বাধিক ভোটদান
  • দেশজুৰি ভোটদানৰ হাৰ ৬৭.৪ শতাংশ
  • মুঠ ভোট : ১৬,৮৫,০৫৮ টা
  • মুঠ ভোটাৰৰ সংখ্যা : ১৭,৯৯,৫৭১ গৰাকী
  • বিজয়ী : মৌলানা বদৰুদ্দিন আজমল, AIUDF (৭,১৮,৭৬৪টা ভোট)
  • ভোটৰ ব্যৱধান: ২,২৬,২৫৮ টা
  • প্ৰতিদ্বন্দ্বী : আবু তাহেৰ বেপাৰী, কংগ্ৰেছ (৪,৯২,৫০৬ টা ভোট)
  • তৃতীয় স্থান: জাভেদ ইছলাম, অগপ (৩,৯৯,৭৩৩ ভোট টা লাভ)

ধুবুৰী, লোকসভা নিৰ্বাচন- ২০১৪

  • ভোটদানৰ হাৰ; ৮৮.৩৬ শতাংশ
  • ভাৰতৰ মুঠ ৫৪৩ টা সংসদীয় সমষ্টিৰ ভিতৰত ধুবুৰীত সৰ্বাধিক ভোটদান
  • দেশজুৰি ভোটদানৰ হাৰ: ৬৬.৪ শতাংশ
  • মুঠ ভোটদান : ১৩৬৯৭২২ টা ভোট
  • মুঠ ভোটাৰৰ সংখ্যা : ১৫,৫২,৫৫ গৰাকী
  • বিজয়ী : মৌলানা বদৰুদ্দিন আজমল, AIUDF (৫,৯২,৫৬৯টা ভোট লাভ)
  • প্ৰতিদ্বন্দী : ৱাজেদ আলী চৌধুৰী, কংগ্ৰেছ (৩৬২৮৩৮ টা ভোট লাভ)
  • তৃতীয় স্থান : বিজেপি প্ৰাৰ্থী দেৱময় স্যানাল ( ২,৯৮,৯৮৫টা ভোট লাভ)
  • ২,২৯,৭৩০ টা ভোটৰ ব্যৱধানত বদৰুদ্দিন আজমলৰ জয় ৷

ধুবুৰী, লোকসভা নিৰ্বাচন ২০০৯

  • ভোটদানৰ হাৰ: ৭৬.৩ শতাংশ
  • মুঠ ভোটদান : ১০,৪৬,৯৮৩ টা ভোট
  • মুঠ ভোট: ১৩৭১৯৪৯ টা
  • বিজয়ী : মৌলানা বদৰুদ্দিন আজমল, AIUDF (৫৪০৩৮০২ টা ভোট লাভ)
  • প্ৰতিদ্বন্দ্বী : আনোৱাৰ হুছেইন, কংগ্ৰেছ (৩৫৬৪০১ টা ভোট লাভ)
  • আজমল জয়ী হোৱা ভোটৰ ব্যৱধান : ১৮৪৪১৯ টা ভোট

দ্ৰুতগতিত বাঢ়িল ভোটাৰৰ সংখ্যা:

অসমৰ ১৪ টা লোকসভা সমষ্টিৰ ভিতৰত সৰ্বাধিক ভোটাৰৰ সংখ্যা থকা সমষ্টিটো হ’ল ধুবুৰী ৷ ২০২৪ৰ আগৰ ২০০৯লৈ তিনিটা নিৰ্বাচনৰ ভোটদানৰ হাৰ লক্ষ্য কৰিলে প্ৰতিটো নিৰ্বাচনতে ধুবুৰীত ক্ৰমাৎ বাঢ়িছে ভোটদানৰো হাৰ । ধুবুৰী লোকসভা সমষ্টিৰ ২০০৯ৰ ১০,৪৬,৯৮৩ টা ভোটৰ সংখ্যা বাঢ়ি গৈ ২০২৪ত মুঠ ভোটাৰৰ সংখ্যা ২৬,৬০, ৮২৭ গৰাকী হয়গৈ ৷ স্বাভাৱিকতে প্ৰশ্ন হয় ধুবুৰীত কিয় ইমান বৃহৎ হাৰত বৃদ্ধি হ’ল ভোটাৰৰ সংখ্যা ?

কিয় ইমান বৃহৎ ভোটদান ?

ধুবুৰী লোকসভা সমষ্টিত ভোটাৰৰ সংখ্যা বঢ়াৰ সমান্তৰালভাৱে বাঢ়িছে ভোটদানৰ হাৰ ৷ কিন্তু কিয় ? এয়াও এক বিশ্লেষণৰ বিষয় ৷ এইবাৰ ভোটদানৰ হাৰে ৯২ শতাংশ পাৰ কৰাৰ মূল কাৰণবোৰৰ ভিতৰত-

২০২৩ত অসমত হোৱা সমষ্টি পুনৰ সীমা নিৰ্ধাৰণৰ কাৰ্যকৰীকৰণ ৷ ভোটাৰৰ সংখ্যা বৃদ্ধিৰো কাৰণ ।

  • এন আৰ চিৰ পৰা নাম কৰ্তন হোৱাৰ ভয় বা আশংকা ৷ কাৰণ ৰাজনৈতিক দলৰ তথ্য অনুসৰি ধুবুৰী লোকসভা সমষ্টিত সংখ্যালঘু ভোটাৰৰ সংখ্যা ৮৫ শতাংশৰো অধিক ৷ ইয়াৰ সৰহসংখ্যকেই বাংলাদেশী মূলৰ অভিবাসী মুছলমান ৷
  • শিক্ষিত আৰু সচেতন যুৱ ভোটাৰৰ সংখ্যা বৃদ্ধি ৷
  • ধৰ্মীয় মেৰুকৰণৰ প্ৰভাৱ ।

ভোটাৰ আৰু ভোটদানৰ হাৰ বৃদ্ধিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰভাৱ:

চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ আৰু পশ্চিমবংগ ৰাজ্যৰ সীমান্তৱৰ্তী ধুবুৰী লোকসভা সমষ্টি পূৰ্বেও আছিল সংখ্যালঘু জনগোষ্ঠী অধ্যুষিত সমষ্টি ৷ এই আসনখনৰ পূৱ দিশে থকা অসমৰ বৰপেটা লোকসভা সমষ্টিটোও সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বে আছিল সংখ্যালঘু অধ্যুষিত সমষ্টি ৷ পশ্চিমে বাংলাদেশৰ সীমান্তৱৰ্তী অঞ্চলসমূহ অন্তৰ্ভুক্ত কৰা হৈছে ।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত ধুবুৰীৰ চুবুৰীয়া বৰপেটাৰ কেবাটাও মুছলমান সংখ্যাগৰিষ্ঠ বিধানসভা সমষ্টিৰ অঞ্চল ধুবুৰী লোকসভাৰ লগত সংলগ্ন কৰা হয় ৷ ফলত ব্যাপক হাৰত ২০২৪ত ধুবুৰীত বৃদ্ধি পায় ভোটাৰৰ সংখ্যা ৷ প্ৰায় ৮৫ শতাংশলৈ বৃদ্ধি পায় ধুবুৰীৰ সংখ্যালঘু মুছলমান ভোটাৰৰ সংখ্যা ৷ সেই কাৰণেই ওপৰত উল্লেখ কৰা কাৰকসমূহে ভোটদানৰ হাৰ ৯২ শতাংশ পাৰ কৰাত ক্ৰিয়া কৰিলে ধুবুৰীত ।

লগতে পঢ়ক: এগজিট প'লৰ বিতৰ্কত ভাগ নলয় কংগ্ৰেছে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.