ETV Bharat / state

৪ বিঘা মাটি লীজত লৈ আৰম্ভ কৰিছিল কৃষিকৰ্ম : ধনীৰাম চেতিয়াক এতিয়া কোনে চিনি নাপায় ? - Dhoniram chetia

author img

By ETV Bharat Assamese Team

Published : Jun 19, 2024, 10:32 PM IST

Successful farmers in Assam: ২৫ বিঘা মাটিত উদ্যান শস্য আৰু শাক-পাচলিৰ খেতি কৰি স্বাৱলম্বী হৈছে ধনীৰাম চেতিয়া । ৪ বিঘা মাটি লীজত লৈ কৃষিকৰ্ম আৰম্ভ কৰি বৰ্তমান এজন সফল খেতিয়ক ধনীৰাম চেতিয়া । ধনীৰাম চেতিয়াৰ বাৰীত এতিয়া লমালমে লাগিছে বিভিন্ন প্ৰজাতিৰ আম ৷

DHONIRAM CHETIA
এগৰাকী সফল খেতিয়ক ধনীৰাম চেতিয়া (ETV Bharat Assam)

তিনিচুকীয়া, ১৯ জুন : ৰাজ্যত নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তেই তিনিচুকীয়া জিলাৰ এগৰাকী কৃষকে দেখুৱাইছে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন ৷ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ পেঙেৰী অঞ্চলৰ টেকেৰী গাঁৱৰ এজন আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়া । ২০১৩ চনৰ পৰা ঋতুকালীন শস্য আৰু ২০১৫ চনৰ পৰা উদ্যান শস্যৰ সৈতে জড়িত থকাৰ উপৰিও গো-পালন, মৌ-পালন, মীন পালন আদিও কৰি আহিছে কৃষকগৰাকীয়ে ।

শেহতীয়াকৈ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰৰ ফলত সৃষ্টি হোৱা নানান ৰোগৰ বাবে জৈৱিক পদ্ধতিৰে কৃষিকৰ্ম আৰম্ভ কৰিছে ধনীৰাম চেতিয়াই । জৈৱিক পদ্ধতিৰে সকলো খেতি কৰাৰ বাবেই এইসমূহ শাক-পাচলি তথা ফল-মূল বিক্ৰীৰ বাবে বজাৰৰ কোনো সমস্যাত পৰিবলগীয়া হোৱা নাই বুলি খেতিয়কগৰাকীয়ে উল্লেখ কৰিছে ।

লগতে পঢ়ক: একেখিনি মাটিতে বিবিধ খেতি: মিজু মৰাণৰ চাহ বাগানত লমালমে লাগিছে চকলেট

আৰম্ভণিতে ৪ বিঘা খেতিৰ মাটি লীজত লৈ কৃষিকৰ্ম আৰম্ভ কৰি বৰ্তমান এজন সফল খেতিয়ক হোৱা ধনীৰাম চেতিয়াই চৰকাৰ তথা কৃষি বিভাগৰ পৰা আশানুৰূপ সা-সুবিধা লাভ নকৰাৰ কথাও উল্লেখ কৰে । পদ্ধতিগতভাৱে কৃষিকৰ্ম কৰিলে খেতিৰ জৰিয়তে সফলতা লাভ কৰিব পাৰি সেই কথাও তেওঁ উল্লেখ কৰি এইক্ষেত্ৰত একাগ্ৰতা আৰু ধৈৰ্যৰে আগবাঢ়িব লাগিব বুলি কয় ।

লগতে পঢ়ক: ৰাজ্যত ৮ হাজাৰ বিঘা মাটিত মাকৈ খেতিৰে কৃষি বিপ্লৱৰ সূচনা

ধনীৰাম চেতিয়াৰ এই কৃষিক্ষেত্ৰত বিভিন্ন প্ৰকাৰে প্ৰায় ২০‐২৫ জন লোক সংস্থাপিত হৈ আছে । শূন্যৰ পৰা আৰম্ভ কৰি বৰ্তমান ২৫ বিঘা মাটিত খেতি কৰাৰ সমান্তৰালকৈ গাঁৱৰে কেবাজনো আগ্ৰহী যুৱকক তেওঁ সংগী কৰি লৈ ১৮ বিঘাৰ এটা বিশাল ফিচাৰীত মীনপালন কৰিছে ৷ কঠোৰ পৰিশ্ৰম আৰু অশেষ চেষ্টাৰ অন্তত খেতিয়ক হিচাপে তেওঁ এক অন্য পৰিচয় লাভ কৰিছে ।

বৰ্তমান সময়ত বিভিন্ন প্ৰজাতিৰ আম গছবোৰত লমালমে আম লাগিছে । কেবাবিঘা মাটিত তেওঁ অমিতাৰ খেতিও কৰিছে । তাৰ মাজে মাজে ৰুইছে ভোট জলকীয়া । সামাজিক মাধ্যমতো যথেষ্ট সক্ৰিয় আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়া । ব্যৱহাৰিকভাৱে তেওঁ কৃষিকৰ্ম কৰোতে লাভ কৰা সুফলসমূহ সামাজিক মাধ্যমৰে তেওঁ ভাগ-বাটোৱাৰা কৰি লয় আনসকলৰ সৈতে ।

লগতে পঢ়ক: চাকৰি এৰি খেতিপথাৰত খোজ দিছে চিলাপথাৰৰ নিৰুপমা পেগুৱে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.