ETV Bharat / state

নিৰ্দোষী মানুহৰ জীৱন লোৱাটো উচিত নহয়: শান্তি অটুট ৰক্ষাৰ বাবে আলফা স্বাধীনলৈ ডি জি পিৰ আহ্বান - GP Singh in Tinsukia - GP SINGH IN TINSUKIA

DGP GP Singh: দেশৰ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত উজনি অসমত সষ্টম আৰক্ষী, নিৰাপত্তা বাহিনী ৷ তিনিচুকীয়াত নিৰাপত্তা বাহিনীৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ গুৰুত্বপূৰ্ণ বৈঠক ৷ অসম-অৰুণাচলৰ সীমান্তত আলফা (স্বা) ৰ এটা দলে শিবিৰ পাতি থকা বুলি প্ৰকাশ জি পি সিঙৰ ৷ শান্তি-সম্প্ৰীতি অটুট ৰখাৰ বাবে আলফা (স্বা) লৈ আহ্বান আৰক্ষী সঞ্চালক প্ৰধানৰ ৷

DGP GP SINGH
GP SINGH IN TINSUKIA (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 8, 2024, 6:53 PM IST

তিনিচুকীয়া, ৮ আগষ্ট: দেশৰ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত উজনি অসমত সষ্টম হৈছে আৰক্ষী, নিৰাপত্তা বাহিনী ৷ দেশৰ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে উজনিৰ প্ৰতিখন জিলাত আৰক্ষী, নিৰাপত্তা বাহিনীৰ বিষয়াৰ সৈতে মিলিত হৈছে গুৰুত্বপূৰ্ণ বৈঠকত ৷

শান্তি অটুট ৰক্ষাৰ বাবে আলফা স্বাধীনলৈ ডিজিপিৰ আহ্বান (ETV Bharat Assam)

উজনি অসমৰ যোৰহাট, শিৱসাগৰ, চৰাইদেউ জিলাত আৰক্ষী আৰু নিৰাপত্তা বিষয়াৰে আলোচনাত মিলিত হোৱাৰ পাচত অতি স্পৰ্শকাতৰ জিলা হিচাপে পৰিগণিত হোৱা তিনিচুকীয়া জিলাত বৃহস্পতিবাৰে উপস্থিত হয় অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিং ৷ তিনিচুকীয়াৰ বৰগুৰিস্থিত আৰক্ষীৰ অতিথিশালাত উপস্থিত হৈ আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে আৰক্ষী বিষয়া তথা নিৰাপত্তা বাহিনীৰ বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ৷

উক্ত বৈঠকত তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপ, উজনিৰ IGP সত্যৰাজ হাজৰিকা, শদিয়া আৰক্ষী জিলাৰ আৰক্ষী অধীক্ষক, তিনিচুকীয়া আৰু শদিয়া জিলাখনৰ আৰক্ষী বিষয়াসকলৰ লগতে উপস্থিত থাকে ভাৰতীয় সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ শীৰ্ষ বিষয়াসকল ৷

সভাৰ অন্তত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে অসম-অৰুণাচলৰ সীমান্তত আলফা (স্বা)ৰ এটা দলে শিবিৰ পাতি থকাৰ তথ্য লাভ কৰা বুলি উল্লেখ কৰি সেই দলটোৱে যাতে অসমত প্ৰৱেশ কৰি কোনো কূটাঘাতমূলক ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ বাবে সকলোকে সষ্টম কৰি থোৱা হৈছে বুলি সদৰী কৰে । তেওঁ লগতে কয় যে অসম আৰক্ষী, ভাৰতীয় সেনা বাহিনী, অৰ্ধসামৰিক বাহিনীৰ লগতে নিৰাপত্তা বিভাগৰ সৈতে জড়িত প্ৰতিটো গোটেই সষ্টম হৈ আছে ।

‘‘আমাৰ ফালৰ পৰা চেষ্টা কৰা হ’ব যে অসমত যাতে কোনেও কূটাঘাতমূলক ঘটনা সংঘটিত কৰিব নোৱাৰে ৷ মই আগতেও কৈছো যে অসমখন এতিয়া শান্তিময় পথত আছে । আলফা (স্বা) ক আহ্বান জনাইছো যাতে শান্তিময় পৰিবেশ নষ্ট কৰিব নালাগে ৷ কাৰোবাৰ কিবা ক’ব লগা আছে, অভাৱ-অভিযোগ আছে, চৰকাৰৰ লগত আলোচনা কৰক ৷ কিন্তু নিৰ্দোষী মানুহৰ জীৱন লোৱাটো কাৰো কাৰণে উচিত নহয় ৷’’ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে কয় ৷

তেওঁ আৰু কয়, ‘‘আমি সষ্টম হৈ আছো, আমি যি কৰিব লাগে কৰি আছো । মই যোৱাবাৰো কৈছিলো আমি কাকো অশান্তি দিব নিবিচাৰো, কিন্তু আলফা (স্বা) ৰ তৰফৰ পৰা যদি কিবা কূটাঘাতমূলক কাৰ্য কৰিবলৈ হাতত লয় তেতিয়া আমি নিশ্চয় অভিযান তীব্ৰতৰ কৰি তুলিব লাগিব । মোৰ এটাই আহ্বান যে সমগ্ৰ অসমতেই এতিয়া যি শান্তিময় পৰিবেশে বিৰাজ কৰি আছে সেয়া নষ্ট কৰাটো যুক্তিসংগত নহয় ।’’

লগতে পঢ়ক: নিষিদ্ধ সংগঠনৰ কাৰ্যকলাপ সহ্য কৰা নহ'ব অসমত: জি পি সিং - ULFA I CADRE ARRESTED

ভাল কোন বেয়া কোন ? আলফা স্বাধীনৰ সন্দৰ্ভত অসমৰ ৰাইজৰ উত্তৰ বিচাৰিছে জিপি সিঙে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.