ETV Bharat / state

ৰাজ্যৰ কোন কোন স্থানত আছে ডাকঘৰ পাছপ'ৰ্ট কেন্দ্ৰ ? ডাকঘৰ জীৱন বীমাৰ সুবিধা কি ?

Post Office Passport Service : ডাকঘৰতো লাভ কৰিব পাৰে পাছপ'ৰ্টৰ সুবিধা । লগতে মাহিলি মাত্ৰ ১০০ টকা প্ৰিমিয়ামতে লাভ কৰিব পাৰে জীৱন বীমা আঁচনি ।

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Post Office Passport Service
ডাকঘৰ জীৱন বীমাৰ সুবিধা কি ? (ETV Bharat Assam)

গুৱাহাটী, ৮ অক্টোবৰ : সাম্প্ৰতিক সময়ত প্ৰতিজন লোকৰ বাবে পাছপ'ৰ্ট বা পাৰপত্ৰ গুৰুত্বপূৰ্ণ নথি হৈ পৰিছে । বিশেষকৈ বিদেশ ভ্ৰমণৰ বাবে বাধ্যতামূলক এই পাছপ'ৰ্ট বা পাৰপত্ৰ । এগৰাকী লোকে এখন ভাৰতীয় পাৰপত্ৰ লাভ কৰাটো জটিল প্ৰক্ৰিয়া । শেহতীয়াকৈ ভাৰত চৰকাৰে তেনে নিয়ম শিথিল কৰি পাৰপত্ৰ প্ৰদানৰ ব্যৱস্থাটোক সহজলভ্য কৰিছে ৷ কিন্তু আপুনি জানেনে, ডাকঘৰৰ জৰিয়তেও লাভ কৰিব পাৰি পাৰপত্ৰ ? আনকি অসমতো উপলব্ধ এই সুবিধা । দেশৰ বিভিন্ন ঠাইৰ লগতে অসমতো কেন্দ্ৰীয় চৰকাৰে স্থাপন কৰিছে ডাকঘৰ পাৰপত্ৰ কেন্দ্ৰ ৷

ৰাজ্যৰ কোন কোন স্থানত আছে ডাকঘৰ পাছপ'ৰ্ট বা পাৰপত্ৰ কেন্দ্ৰ

ৰাজ্যৰ ১৫ টা স্থানত আছে ডাকঘৰ পাছপ'ৰ্ট বা পাৰপত্ৰ কেন্দ্ৰ । শিলচৰ, কৰিমগঞ্জ, নগাঁও, ডিফু , তিনিচুকীয়া, ডিব্ৰুগড়, লখিমপুৰ, কোকৰাঝাৰ, ধুবুৰী, গোৱালপাৰা, গোলাঘাট, যোৰহাট, বৰপেটা, তেজপুৰ আৰু মঙলদৈত ডাকঘৰ পাছপ'ৰ্ট কেন্দ্ৰ আছে ।

ৰাজ্যৰ কোন কোন স্থানত আছে ডাকঘৰ পাছপ'ৰ্ট কেন্দ্ৰ (ETV Bharat Assam)

এই বিষয় সন্দৰ্ভত ভাৰতীয় ডাক বিভাগৰ অসম সংমণ্ডলৰ সঞ্চালক অভিষেক জৈনে কয়, "বহু লোক চাকৰি কৰিবলৈ, পঢ়িবলৈ আৰু ফুৰিবলৈ বিদেশলৈ যায় । অসমত কিছুবছৰ আগলৈকে পাছপ'ৰ্ট বনাবলৈ অসমৰ বিভিন্ন স্থানৰ পৰা গুৱাহাটীলৈ আহিবলগীয়া হৈছিল । যাৰ বাবে বহু সময় খৰচ হোৱাৰ লগতে ধনো খৰচ কৰিবলগীয়া হয় । ডাক বিভাগে ৰাজ্যৰ বিভিন্ন স্থানত ১৫ টা ডাকঘৰত পাছপ'ৰ্ট কেন্দ্ৰ স্থাপন কৰিছে ।"

এই কেন্দ্ৰসমূহত উপলব্ধ সুবিধা সন্দৰ্ভত তেওঁ কয়, "এই কেন্দ্ৰসমূহৰ জৰিয়তে আন পাছপ'ৰ্ট সেৱা কেন্দ্ৰত যি সুবিধা লাভ কৰা হয়, সেই একেই সুবিধা পোৱা যায় । কম সময়ত, কম খৰচত ইয়াত পাছপ'ৰ্ট সুবিধা লাভ কৰিব । পৰৱৰ্তী সময়ত এনে কেন্দ্ৰ আৰু বৃদ্ধি কৰাৰ পৰিকল্পনা আছে ।"

পাছপ'ৰ্ট কেন্দ্ৰৰ সংখ্যা বৃদ্ধি সন্দৰ্ভত ডাক বিভাগৰ বিষয়াগৰাকীয়ে কয়, "বৰ্তমান সমগ্ৰ দেশতে ৪৪০ টা ডাকঘৰ পাছপ'ৰ্ট কেন্দ্ৰ আছে । আগন্তুক তিনি-চাৰি বছৰৰ ভিতৰত এই সংখ্যা ৪৪০ টাৰ পৰা ৬৫০ টালৈ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে । ঠিক একেদৰে অসমতো বৃদ্ধি পাব পাছপ'ৰ্ট সেৱা কেন্দ্ৰৰ সংখ্যা ।"

ডাক জীৱন বীমা

আনহাতে, ডাকঘৰৰ জীৱন বীমা আঁচনি সন্দৰ্ভতো কেইটামান গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰে অভিষেক জৈনে । তেওঁ কয়, "ডাক জীৱন বীমা আঁচনিত বছৰি সৰ্বনিম্ন ২০ হাজাৰ টকাৰ পৰা ৫০ লাখ টকালৈকে পলিচী আছে । মাহিলি, ত্ৰিমাসিক, ছয়মাহিলি বা বছৰেকীয়া কিস্তিতো জীৱন বীমাৰ কিস্তি জমা দিব পাৰি । মাহিলি সৰ্বনিম্ন ১০০ টকাৰ পৰা প্ৰিমিয়াম আৰম্ভ হয় ।"

তেওঁ লগতে কয়, "ডাক জীৱন বীমা অতি পুৰণি সেৱা । কিন্তু এই সন্দৰ্ভত জনসাধাৰণ জ্ঞাত নহয় । বৰ্তমান যিকোনো ডিগ্ৰীধাৰী বা ডিপ্ল'মাধাৰীয়ে ডাক জীৱন বীমাৰ সুবিধা লাভ কৰিব পাৰে । ইয়াত প্ৰিমিয়াম কম, কিন্তু বোনাচ বেছি । ব্যক্তিগত বা ৰাজহুৱা খণ্ডৰ বীমাতকৈ প্ৰিমিয়াম কম আৰু বোনাচ বেছি । এই সুবিধা ১৮-৫৫ বছৰৰ লোকে লাভ কৰিব পাৰে ।"

লগতে পঢ়ক :জলজীৱন সংকট : অসমত ৮ হাজাৰোধিক ঠিকাদাৰৰ দ্বাৰা ১৯,৫৫০ কোটি ব্যয়
লগতে পঢ়ক :আধ্যাত্মিকতাক এতিয়াও ধৰি ৰাখিছে বকুলৰ দুৰ্গা পূজা কমিটীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.