ETV Bharat / state

মূল্যবান গছ কাটি উন্নয়নমুখী যাত্ৰা ! ক্ষোভিত ৰাজ্যৰ প্ৰকৃতিপ্ৰেমী

Poba Reserve Forest : পবাত বন ধ্বংস যজ্ঞ ! উন্নয়নৰ নামত কাটি পেলোৱা হৈছে পবাৰ বহু মূল্যবান গছ ৷ যাক লৈ ক্ষোভিত ৰাজ্যৰ প্ৰকৃতিপ্ৰেমী ৷

Poba Rain forest
পবাত বন ধ্বংস যজ্ঞ ! (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 2 hours ago

জোনাই : উন্নয়ন ! প্ৰাকৃতিক গছ-গছনিক কাটি চৰকাৰে আৰম্ভ কৰিছে উন্নয়ন ! পবাত আৰম্ভ হৈছে বন ধ্বংস যজ্ঞ ! যাক লৈ খৰ্গহস্ত হৈছে এতিয়া ৰাজ্যৰ প্ৰকৃতিপ্ৰেমী তথা জোনাইৰ সচেতন ৰাইজ ৷

ইতিমধ্যে সকলোৰে জ্ঞাত যে, কিছু মাহ পূৰ্বে অসম শৰৎকালীন বিধানসভাত ধেমাজি জিলাৰ একমাত্ৰ বাচি থকা সংৰক্ষিত পবা বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰাৰ চিন্তা চৰ্চা কৰে ৷ তেনে সময়তে উন্নয়নৰ নামত অসম ভূমিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পবাৰ কাষে কাষে থকা প্ৰকাণ্ড প্ৰকাণ্ড গছবোৰ কাটি পেলোৱাত উদ্বিগ্নতা প্ৰকাশ কৰিছে জোনাইৰ একাংশ প্ৰকৃতিপ্ৰেমী ৰাইজে ।

পবাত বন ধ্বংস যজ্ঞ ! (ETV Bharat Assam)

উল্লেখ্য যে, জোনাইৰ কুলাজানৰ পৰা অৰুণাচল সীমান্ত অয়ানলৈ ইতিমধ্যে নিৰ্মাণ কৰা হৈছে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ । এনে নিৰ্মাণ কাৰ্য চলি থকাৰ বাবে জোনাইৰ বিভিন্ন ঠাইত ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োফালে থকা সহস্ৰাধিক প্ৰকাণ্ড প্ৰকাণ্ড মূল্যৱান গছ কাটি পেলোৱা হৈছে ।

লগতে পঢ়ক : সংৰক্ষিত বনাঞ্চল সন্দৰ্ভত অসমৰ বন বিভাগক সিদ্ধান্ত ল’বলৈ নিৰ্দেশনা মুখ্যমন্ত্ৰীৰ - Forest land and wildlife of Assam

ইফালে অসম অৰুণাচল সীমান্ত পবাৰ সোঁমাজেদি যোৱা 515 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োফালে থকা গছবোৰ নাকাটি কেৱল মাত্ৰ অসমৰ ভূমিৰ প্ৰায় আঢ়ৈশ ফুট ভিতৰলৈ আৰু তিনি কিলোমিটাৰ দৈৰ্ঘৰ কেইবাশ জোপা মূল্যৱান গছ কাটি পেলোৱাৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে । গতিকে অতি শীঘ্ৰে অসম চৰকাৰৰ বনমন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰীগৰাকীকো এই বিষয়ে পুনৰবাৰ বিবেচনা কৰিবলৈ কাতৰ আহ্বান জনাইছে জোনাইৰ একাংশ প্ৰকৃতিপ্ৰেমী তথা স্থানীয় ৰাইজে ।

অন্যথা কাইলৈৰ পৰা (23 অক্টোবৰ) এনেদৰে বন ধ্বংস যজ্ঞ কৰা কাৰ্যৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ লগতে বন্ধ ৰখাৰ হুংকাৰ দিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক : পবা সংৰক্ষিত বনাঞ্চললৈ বন্যপ্ৰাণী অভয়াৰণ্যৰ মৰ্যাদা; উৎফুল্লিত দল-সংগঠন - Rain Forest Poba

লগতে পঢ়ক : পবা সংৰক্ষিত বনাঞ্চল হ’ব ২৫৭.২৯ বৰ্গ কিলোমিটাৰৰ বন্যপ্ৰাণী অভয়াৰণ্য : বিধানসভাত চৰকাৰৰ ঘোষণা - Poba Rain forest

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.