ETV Bharat / state

সংবাদ মাধ্যমক উভতি ধৰিলে ব্ৰজেন বৰুৱাৰ কন্যাই : দ্বীপেন বৰুৱাৰ মন্তব্যকো অস্বীকাৰ - RAMEN BARUAH MISSING

author img

By ETV Bharat Assamese Team

Published : Jul 24, 2024, 7:22 PM IST

Updated : Jul 24, 2024, 8:06 PM IST

Allegation against daughter of Ramen Baruah : কন্যা বৰ্ণিকা বৰুৱাই ৰমেন বৰুৱাক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ কোনো কাৰণতে মানি নলয় ব্ৰজেন বৰুৱাৰ কন্যাই ৷ কিহৰ ভিত্তিত এই অভিযোগ উত্থাপন কৰা হৈছে বুলি প্ৰশ্ন মনানী বেজবৰুৱাৰ ৷ দ্বীপেন বৰুৱাৰ মন্তব্যও নস্যাৎ ব্ৰজেন বৰুৱাৰ কন্যাৰ ৷

Allegation against daughter of Ramen Baruah
সংবাদ মাধ্যমক উভতি ধৰিলে ব্ৰজেন বৰুৱাৰ কন্যাই (ETV Bharat Assam)

গুৱাহাটী, ২৪ জুলাই : পৰিয়ালকেন্দ্ৰিক বিবাদেই ৰমেন বৰুৱা নিৰুদ্দেশৰ কাৰণ বুলি প্ৰায়সংখ্যক লোকৰ লগতে আৰক্ষীও নিশ্চিত হৈছে ৷ কিন্তু এই সন্দৰ্ভত পৰিয়ালৰ লোকৰ পৰা আহিছে বিপৰীত ভাষ্য ৷

ভাতৃ দ্বীপেন বৰুৱাই ৰমেন বৰুৱাৰ সৈতে কন্যা বৰ্ণিকা বৰুৱাৰ বিবাদৰ কথা অকপতে স্বীকাৰ কৰিছে যদিও আন এগৰাকী ভাতৃ ব্ৰজেন বৰুৱাৰ কন্যাই এইক্ষেত্ৰত বিপৰীত ভাষ্য প্ৰদান কৰিছে ৷ সামাজিক মাধ্যমত চৰ্চা চলি থকা এটা বিশেষ ফেচবুক পোষ্টৰ প্ৰসংগ টানি আনি সাংবাদিকক ওলোটাই প্ৰশ্ন কৰে ব্ৰজেন বৰুৱাৰ কন্যা মনানী বেজবৰুৱাই ৷ এই বিবাদৰ তথ্য কেনেদৰে লাভ কৰিলে বুলিহে প্ৰশ্ন কৰে ব্ৰজেন বৰুৱাৰ কন্যাই ৷ উল্লেখ্য যে কন্যাই ৰমেন বৰুৱাক আতিশয্য চলাই অহাৰ সন্দৰ্ভত সামাজিক মাধ্যমত উক্ত পোষ্টটোত উল্লেখ কৰা হৈছিল ৷

আনহাতে আৰক্ষীৰ ভাষ্য অনুসৰি ৰমেন বৰুৱা নিৰুদ্দেশ হোৱাৰ আঁৰত আছে ব্যক্তিগত আৰু ঘৰুৱা অশান্তি । এতিয়া এই তিনি পক্ষৰ ভাষ্যই ৰমেন বৰুৱাৰ নিৰুদ্দেশৰ কাৰণটো অধিক জটিল কৰি তুলিছে । দ্বীপেন বৰুৱাই সংবাদ মাধ্যমৰ আগত কয়, ‘‘ ৰমেন বৰুৱাৰ পত্নী ঢুকুৱাৰ পিচত মাতৃৰ চাকৰি কন্যাই লাভ কৰিছিল ৷ কাহিলীপাৰাত ভাৰাঘৰত থাকিছিল ৷ কেবামাহ পূৰ্বে ভাৰাঘৰৰ পৰা পিতৃগৃহলৈ ঘৰলৈ আহিছিল কন্যা বৰ্ণিকা বৰুৱা । পিতৃ আৰু কন্যাৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল । নিৰুদ্দেশ হোৱাৰ দিনাও পুৱা কন্যাৰ চিঞৰ-বাখৰ শুনা গৈছিল ৷’’

কিন্তু কি কাৰণে কন্যাই ৰমেন বৰুৱাক উদ্দেশ্যি চিঞৰ-বাখৰ কৰিছিল সেই বিষয়ে জ্ঞাত নহয় দ্বীপেন বৰুৱা । উল্লেখ্য যে ৰমেন বৰুৱা আৰু দ্বীপেন বৰুৱা ঐতিহ্যমণ্ডিত ঘৰখনত কোনোধৰণৰ আধুনিক নিৰ্মাণকাৰ্য চলোৱাৰ পক্ষপাতি নহয় ৷ এই কথা উল্লেখ কৰি দ্বীপেন বৰুৱাই কয় যে তেওঁলোকৰ জীৱিত অৱস্থাত থকালৈকে ঐতিহ্যমণ্ডিত বাসগৃহটো এনেদৰে ৰখাৰ সিদ্ধান্ত লৈছে আৰু তেওঁলোকৰ অবৰ্তমানত ইয়াত তাজমহল বনালেও তেওঁলোক চাবলৈ নাহে ৷

ইপিনে ৰমেন বৰুৱাক কন্যা বৰ্ণিকা বৰুৱাই অত্যাচাৰ কৰা বুলি উঠা অভিযোগক নস্যাৎ কৰে ব্ৰজেন বৰুৱাৰ কন্যাই ৷ সাংবাদিকে এই কথা সোধাত সাংবাদিকৰ ওপৰতে খৰ্গহস্ত হয় মনানী বেজবৰুৱা । আনহাতে মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই ব্যক্তিগত আৰু পৰিয়ালকেন্দ্ৰিক অশান্তিৰ বাবেই স্ব-ইচ্ছাই শিল্পী ৰমেন বৰুৱা ঘৰৰ পৰা ওলাই যোৱা বুলি প্ৰকাশ কৰে ৷ উল্লেখ্য যে সোমবাৰৰ পৰাই ৮০ ৰ উৰ্ধৰ যশস্বী শিল্পী ৰমেন বৰুৱা সন্ধানহীন হোৱাৰ ঘটনাই ৰাজ্যবাসীক উদ্বিগ্ন কৰি তুলিছে ।

সোমবাৰে পুৱা প্ৰায় ১০ বজাৰ পৰা তেওঁ সন্ধানহীন হৈ আছে । প্ৰসিদ্ধ শিল্পীগৰাকীয়ে গুৱাহাটীৰ লতাশিলস্থিত বাসভৱনৰ পৰা সমীপৰ লতাশিল গণেশ মন্দিৰলৈ বুলি ওলাই গৈছিল । ইয়াৰ পিচত দুপৰীয়াপর্যন্ত তেওঁ ঘৰলৈ ঘূৰি নহাত পৰিয়ালৰ সদস্যই শিল্পীগৰাকীৰ লগত থকা ম’বাইললৈ ফোনলৈ কল কৰে যদিও ছুইচ অফ পায় । এই লৈ পৰিয়ালৰ সদস্যসকল চিন্তিত হৈ পৰে । তেওঁলোকে সম্ভাব্য সকলো স্থানতে বিচাৰ-খোঁচাৰ কৰিও নিশাপর্যন্ত শিল্পীগৰাকীৰ সম্ভেদ উলিয়াব নোৱাৰি লতাশিল আৰক্ষীৰ ওচৰ চাপে । ঘটনা সন্দৰ্ভত ৰমেন বৰুৱাৰ পৰিয়ালে লতাশিল থানাত এজাহাৰ দাখিল কৰে ৷ তাৰ পিচৰে পৰা মহানগৰ আৰক্ষীয়ে শিল্পীগৰাকীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : খবৰ ওলোৱা নাই ৰমেন বৰুৱাৰ: কন্যা বৰ্ণিকাক তলব লতাশিল আৰক্ষীৰ, চলাব জেৰা

Last Updated : Jul 24, 2024, 8:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.