ETV Bharat / state

ডকাইতক লক্ষ্য কৰি পুনৰ গৰজিল গোৱালপাৰা আৰক্ষীৰ বন্দুক - Police Firing

author img

By ETV Bharat Assamese Team

Published : Aug 8, 2024, 3:47 PM IST

Firing in Goalpara : গোৱালপাৰাৰ লক্ষীপুৰৰ থৰ্কোত আৰক্ষীৰ গুলীত আহত ডকাইত নুৰ আলম ৷ 31 জুলাইত লক্ষীপুৰৰ থৰ্কো তিনিআলিত নিশাৰ ভাগত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ডকাইতিকাণ্ড ৷

Firing in Goalpara
আৰক্ষীৰ গুলীত আহত ডকাইত নুৰ আলম (ETV Bharat Assam)

গোৱালপাৰা, 8 আগষ্ট : ডকাইতক লক্ষ্য কৰি পুনৰ ফুটিল অসম আৰক্ষীৰ গুলী ৷ গোৱালপাৰাত পুনৰ আৰক্ষীৰ গুলীত আহত হ’ল এটা দুধৰ্ষ ডকাইত ৷ বুধবাৰে নিশা পশ্চিম গোৱালপাৰাৰ লক্ষীপুৰৰ থৰ্কোত আৰক্ষীৰ গুলীত আহত হোৱা ডকাইতটোৰ নাম হ'ল নুৰ আলম ৷

উল্লেখ্য যে, বিগত 31 জুলাইত লক্ষীপুৰৰ থৰ্কো তিনিআলিত নিশাৰ ভাগত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ডকাইতিকাণ্ড ৷ ডকাইতৰ দলটোৱে যাত্ৰীৰ পৰা লুটিছিল নগদ দহ হাজাৰ টকাসহ সোণৰ আ-অলংকাৰ আৰু ভালেকেইটা ম'বাইল ফোন ৷ আৰক্ষীয়ে এই সন্দৰ্ভত লক্ষীপুৰ আৰক্ষী থানাত ইউ এছ 126/117/(2)/109/309/(4)/351 বি এন এছ আৰ/ডব্লিউ25(1বি/(এ) ধাৰাত 201/2024 নং গোচৰ ৰুজু কৰি ডকাইতৰ দলটোক কৰায়ত্ব কৰিবলৈ অভিযান চলায় ৷ এই অভিযানত জাহিদুল ইছলাম চৌধুৰী আৰু আন এটা সহযোগীসহ ডকাইতিকাণ্ডৰ মাষ্টাৰ মাইণ্ড নুৰ আলমক বুধবাৰে নিশা গ্ৰেপ্তাৰ কৰে ৷

গ্ৰেপ্তাৰৰ পিচতে ডকাইতিকাণ্ডৰ মাষ্টাৰ মাইণ্ড নুৰ‌ আলমক নিশা লগত লৈ থৰ্কোৰ বৰদলত লুকুৱাই থোৱা লুট কৰা সামগ্ৰীসমূহৰ সন্ধান চলাই আৰক্ষীয়ে ৷ এনে সময়তে নুৰ আলমে সুযোগ লৈ আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলায় ৷ লগে লগে আৰক্ষীয়ে নিয়ন্ত্ৰণৰ‌ বাবে গুলী চলোৱাত অভিযুক্ত ডকাইতিকাণ্ডৰ মাষ্টাৰ মাইণ্ড নুৰ আলম ভৰিত গুলী লাগি আহত হয় ৷ এই তথ্য সদৰী কৰিছে জিলা আৰক্ষী অধীক্ষক নৱনীত মহন্তই ৷

লগতে পঢ়ক : মুকালমুৱা এনকাউন্টাৰ: আত্মৰক্ষাৰ বাবেহে নলবাৰী আৰক্ষীয়ে গুলীয়ালে ডকাইত হামিদ আলীক - POLICE FIRING IN NALBARI

গুলীবিদ্ধ নুৰ আলমক আৰক্ষীয়ে নিশাই উদ্ধাৰ কৰি চিকিৎসাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় ৷ উল্লেখ্য যে, বিগত 14 জুলাইৰ সন্ধিয়া গোৱালপাৰা চহৰৰ উপকণ্ঠ শোলমাৰীৰ কল্যাণপুৰত সংঘটিত লুটপাতৰ ঘটনাত নিহত হৈছিল চহৰৰ অশোক গোৱেল নামৰ এগৰাকী নিৰীহ ব্যৱসায়ী ৷ গোৱালপাৰা আৰক্ষীয়ে অভিযান চলাই এই ঘটনাৰে জড়িত দুটা অপৰাধীক গ্ৰেপ্তাৰ কৰে ৷ পিচত আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা কৰোতে দুয়োটা অপৰাধী আৰক্ষীৰ গুলীত আহত হৈছিল ৷

লগতে পঢ়ক : অশোক গোৱেলৰ হত্যাকাণ্ড : হত্যাকাৰী বিমল ৰাভা আৰু ৰুস্তম ৰাভাক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ - Businessman murder in Goalpara

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.