ETV Bharat / state

চাইবাৰ অপৰাধীৰ বৃহৎ জাল: ভুলতো ক্লিক নকৰিব WhatsApp-ৰ লিংক - CYBER FRAUD

WhatsApp-ৰ জৰিয়তে চাইবাৰ অপৰাধীয়ে চলাইছে প্ৰৱঞ্চনাৰ বৃহৎ জাল । জোনাই থানা নাগৰিক কমিটীৰ সদস্য চপ্পু চাহুৰ বিশেষ বাৰ্তা ।

Cyber Fraud in Jonai
জোনাইত চাইবাৰ অপৰাধীৰ বৃহৎ জাল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 27, 2024, 6:50 PM IST

জোনাই: আপুনি বাৰু WhatsApp ব্যৱহাৰ কৰে নেকি ? তেন্তে সাৱধান হওক । জোনাইত WhatsApp-ৰ জৰিয়তে চাইবাৰ অপৰাধীয়ে চলাইছে বৃহৎ প্ৰৱঞ্চনাৰ জাল । আপোনাৰ এটা সৰু তথা সাধাৰণ ভুলৰ বাবেই আপুনি হৈ পৰিব পাৰে সৰ্বস্ৰান্ত । মাত্ৰ কেইছেকেণ্ডমানৰ ভিতৰতে আপোনাৰ সকলো গোপনীয় তথ্যৰ অধিকাৰ আনে কাঢ়ি লব পাৰে ।

আপোনাৰ হাতৰ মোবাইলটো চাইবাৰ অপৰাধীৰ হাতৰ আঙুলিত চলিব পাৰে । আপোনাৰ বেংকৰ সাঁচতীয়া ধন মিনিটৰ ভিতৰত লুটি নিব পাৰে চাইবাৰ অপৰাধীয়ে ।

জোনাইত চাইবাৰ অপৰাধীৰ বৃহৎ জাল (ETV Bharat Assam)

বৰ্তমান সময়ত যিমানে প্ৰযুক্তিবিদ্যাই দোপতদোপে উন্নয়ন সাধন কৰিছে, সিমানেই চাইবাৰ অপৰাধীৰ সংখ্যাও বৃদ্ধি পাইছে । চাইবাৰ অপৰাধীয়ে দৈনিক ন ন কৌশল অৱলম্বন কৰি জনগণৰ সাঁচতীয়া ধন লুটি নিয়া পৰিলক্ষিত হৈছে । এইবাৰ জোনাইত WhatsApp-ৰ জৰিয়তে চাইবাৰ অপৰাধীয়ে চলাইছে বৃহৎ প্ৰৱঞ্চনাৰ জাল ।

চাইবাৰ অপৰাধীৰ কবলত পৰিছে জোনাইৰ বহু লোক । সাধাৰণ জনতা, ব্যৱসায়ী, কৰ্মচাৰী, সাংবাদিকসকলো এতিয়া চাইবাৰ অপৰাধীৰ কবলত । আপোনাৰ WhatsApp-ত যদিহে এছ বি আই অৰ্থাৎ ভাৰতীয় ষ্টেট বেংকৰ কোনো মেছেজ আহে, তেন্তে সাৱধান হ'ব । আপুনি ভুলতো যদি সেই মেছেজত ক্লিক কৰে তেন্তে আপুনি বন্দী হ'ব চাইবাৰ অপৰাধীৰৰ প্ৰৱঞ্চনাৰ জালত । লগে লগে আপোনাৰ WhatsApp-ৰ নিয়ন্ত্ৰণ চাইবাৰ অপৰাধীৰ হাতত পৰিব ।

জোনাই থানা নাগৰিক কমিটীৰ সদস্য চপ্পু চাহুৱে এই সন্দৰ্ভত এক বাৰ্তাত কয়, "আপোনালোকে জানে এতিয়া এটা ফ্ৰড চলি আছে, যিটো এছ বি আই ইউনো বুলি লিংক এটা আহে । গ্ৰুপত আহে মেছেজ এটা । তাত ভুলতো আপুনি যদি ক্লিক কৰে গোটেই মোবাইলটো হেক কৰি লয় । হেক কৰাৰ পিছত গ্ৰুপত যিমান এড কৰা আছে সকলোলৈকে অট'মেটিক মেছেজ গুচি যাব । হেকাৰজনে আপোনাৰ আই ডিত নিজৰ প্ৰ'ফাইল লগাই আপোনাক কিছুমান গ্ৰুপত এডমিন গুচাই নিজক এডমিন বনাই আপোনাৰ বন্ধুবৰ্গক মেছেজ কৰি থাকিব আৰু গোটেই টকা-পইচা হেক কৰি ল'ব ।"

সেয়ে এতিয়া সময় হৈছে সজাগ হোৱাৰ, সচেতন হোৱাৰ । এছ বি আই, নেট বেংকিং, ইউনো আদিৰ লিংক আহিলে ভুলতো ক্লিক নকৰিব ।

লগতে পঢ়ক :অসম আৰক্ষীৰ সতৰ্কবাণী: ভাৰা বেংক একাউণ্টৰ জৰিয়তে জনসাধাৰণক শোষণ চাইবাৰ প্ৰৱঞ্চকৰ
লগতে পঢ়ক :সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰাৰ পূৰ্বে সাৱধান; শূন্য হৈ পৰিব পাৰে আপোনাৰ বেংক একাউণ্ট ! - Tactics Used by Cyber criminals

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.