ETV Bharat / state

সৰ্বকালৰ অপদাৰ্থ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা : চি পি আই এম এল - CPIML protest in Guwahati

author img

By ETV Bharat Assamese Team

Published : Sep 7, 2024, 7:25 AM IST

Protest in Guwahati : আকৌ প্ৰতিবাদ ৷ এইবাৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত শৰ্মাৰ বিৰুদ্ধে মেঘদূত ভৱনৰ সম্মুখত প্ৰতিবাদত বহিল চি পি আই এম এলে ৷

CPIML protest in Guwahati
মেঘদূত ভৱনৰ সম্মুখত প্ৰতিবাদ (ETV Bharat)

গুৱাহাটী, 7 ছেপ্টেম্বৰ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবীত শুকুৰবাৰে চি পি আই এম এলে গুৱাহাটীৰ কাছাৰীস্থিত মেঘদূত ভৱনৰ সম্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে । প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমক সাম্প্ৰদায়িক হিংসা-ঘৃণা, বিভাজনৰ কূটিল ৰাজনীতিৰে কলুষিত কৰা তথা নাৰী নিৰ্যাতনৰ ৰম্যভূমিত পৰিণত কৰা বুলি অভিযোগ কৰে ৷

লগতে তেওঁলোকে মুখ্যমন্ত্ৰীগৰাকীক সৰ্বকালৰ অপদাৰ্থ মুখ্যমন্ত্ৰী বুলিও আখ্যা দিয়ে । প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী কৰাৰ লগতে ঐক্যবদ্ধ অসম আৰু ৰাজনৈতিক সুৰক্ষা নিশ্চিত কৰাৰ দাবীত মেঘদূত ভৱনৰ সন্মুখ উত্তাল কৰি তোলে ।

প্ৰতিবাদকাৰীসকলে ‘‘সাম্প্ৰদায়িক হিংসা ঘৃণাৰ মহানায়ক হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰক’’, ‘‘মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তিৰ উচ্চস্তৰীয় তদন্ত কৰক’’, ‘‘অসমক হিমন্ত পৰিয়ালৰ পৈত্ৰিক সম্পত্তি হ'বলৈ দিয়া নহ'ব’’, ‘‘নাৰী ধৰ্ষণকাৰীক দৃষ্টান্ত মূলক শান্তি দিয়ক’’, ‘‘নাৰী নিৰ্যাতনক সাম্প্ৰদায়িক ৰূপ দিয়া বন্ধ কৰক’’, ‘‘স্মাৰ্ট মিটাৰৰ নামত লুটৰাজ নচলিব’’, ‘‘ভয়াৱহ মূল্যবৃদ্ধি ৰোধ কৰক’’, ‘‘বহুৱালি নহয়, আমাক সংস্থাপন লাগে’’, ‘‘সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতি বন্ধ কৰক’’ আদি শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে ।

লগতে পঢ়ক : পুনৰ আশাৰ ৰেঙণি : অসম চুক্তিৰ ছয় নং দফা আৰু ইয়াৰ দীঘলীয়া পৰিক্ৰমা - Assam Accord

বিক্ষোভ কাৰ্যসূচীত চি পি আই এম এলৰ ৰাজ্যিক সম্পাদক বিবেক দাস, কেন্দ্ৰীয় কমিটীৰ সদস্য বলীন্দ্ৰ শইকীয়া, নিখিল ভাৰত ছাত্ৰ সন্থাৰ ৰাজ্যিক সভাপতি সুব্ৰত তালুকদাৰ, সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ ৰাজ্যিক সম্পাদিকা মৃণালী দেৱী, বিপ্লৱী যুৱ সন্থাৰ ৰাজ্যিক নেত্ৰী কুন্তী তাঁতী, এ আই চি চি টি ইউ ৰাজ্যিক সভাপতি বীৰেন কলিতা, ধীৰাজ দাস, জানিক বৰ্মন আদি নেতৃবৃন্দই অংশ গ্ৰহণ কৰে ।

দলৰ ৰাজ্যিক সম্পাদক বিবেক দাসে কয়, "হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখন এতিয়া জনসাধাৰণৰ পৰা বিচ্ছিন্ন হৈ পৰিছে । সাম্প্ৰদায়িক হিংসা-ঘৃণা, বিভাজনৰ উৎকট ৰাজনৈতিক প্ৰচাৰেৰে তিষ্ঠি থকাটোৱে চৰকাৰখনৰ শেষ আশ্ৰয় হৈ পৰিছে । হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী আসনত বহাৰ পিছত তেওঁ এটা ক্ষেত্ৰতে সফল হৈছে, সেয়া হৈছে বে-আইনীভাৱে তেওঁৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ নামত পাহাৰসম সম্পত্তি আহৰণ কৰিছে ।’’

লগতে পঢ়ক : ডিব্ৰুগড়ৰ নতুন সচিবালয়ত প্ৰথম দিনটোতে কি কি ফাইলত চহী কৰিলে মুখ্যমন্ত্ৰীয়ে ? - CM Secretariat in Dibrugarh

দাসে কয়, ‘‘নাৰীৰ নিৰাপত্তা, আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ, নিবনুৱা বৃদ্ধি, আকাশলঙ্ঘী মূল্যবৃদ্ধি নিয়ন্ত্ৰণ, খিলঞ্জীয়া লোকৰ ওপৰত এচাম অনা খিলঞ্জীয়া লোকৰ দাদাগিৰি তথা অত্যাচাৰ, স্মার্ট মিটাৰৰ নামত লুণ্ঠন আদিৰে এইখন চৰকাৰৰ সৰ্বকালৰ এখন অপদাৰ্থ চৰকাৰ হিচাপে পৰিগণিত হৈছে ।’’

‘‘ৰাইজৰ প্ৰতিবাদ বিক্ষোভক বিপথে পৰিচালিত কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই সকলো সীমা অতিক্ৰম কৰি নিজৰ সাম্প্ৰদায়িক এজেণ্ডাক সন্মুখত তুলি ধৰিছে । গণতান্ত্ৰিক আন্দোলনৰ ওপৰত পুলিচ জাপি দিছে । মুখ্যমন্ত্ৰীয়ে সংবিধান উলংঘা কৰি বিধানসভাৰ মজিয়াৰ পৰাই মিঞা মুছলমানৰ বিৰুদ্ধে ঘৃণা হিংসাৰ প্ৰচাৰ চলাইছে আৰু উচটনি দিছে ।’’ তেওঁ কয় ৷

লগতে পঢ়ক : বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন : মুখ্যমন্ত্ৰীলৈ ভূপেন বৰাৰ দুটা প্ৰশ্ন, এটা প্ৰত্যাহ্বান - Assam Accord Implementation

‘‘6 নং দফা ৰূপায়ণ, কা বাতিল, এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশ আদি বিষয়সমূহ সম্পৰ্কে নিৰৱ হৈ থকা শৰ্মা চৰকাৰে মুছলমান লোকক অসমৰ শত্ৰু হিচাপে চিহ্নিত কৰিব বিচাৰিছে ।’’ দলৰ ৰাজ্যিক সম্পাদক বিবেক দাসে কয় ৷

তেওঁ লগতে কয়, ‘‘চি পি আই এম এলে এখন ঐক্যবদ্ধ গণতান্ত্ৰিক অসমৰ বাবে সংগ্ৰাম চলাই আহিছে আৰু সম্প্ৰতি হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানিয়ে যি ধাৰণা তুলি ধৰিছে সি সফল হ'লে অসম ঐক্যবদ্ধ হৈ নাথাকিব ।’’ চি পি আই এম এলে বিক্ষোভ প্ৰদৰ্শনৰ জৰিয়তে অসমৰ ৰাইজলৈ এইখন চৰকাৰক সমূলে উৎখাত কৰিবলৈ ঐক্যৱদ্ধ আন্দোলনত চামিল হ'বলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক : ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কিয় হোৱা নাই ? - Demand for Tribal status

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.