ETV Bharat / state

মণিপুৰ চৰকাৰৰ প্ৰতি সমৰ্থন প্ৰত্যাহাৰ সন্দৰ্ভত কি ক'লে কনৰাড চাংমাই ? - CONRAD SANGMA SLAMS MANIPUR GOVT

অগ্নিগৰ্ভা মণিপুৰত অশান্তিৰ মাজতে চৰকাৰৰ প্ৰতি সমৰ্থন প্ৰত্যাহাৰ নেশ্যনেল পিপলছ পাৰ্টিৰ ৷ কাৰণ ব্য়াখ্য়া কৰিলে মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে ।

Meghalaya CM Conrad Sangma
মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 18, 2024, 8:14 PM IST

তেজপুৰ: মেঘালয়ৰ মুখ্যমন্ত্ৰী তথা নেচেনেল পিপ'লছ পাৰ্টীৰ অধ্যক্ষ কনৰাড চাংমাই মণিপুৰৰ এন বীৰেণ সিং নেতৃত্বাধীন বিজেপি চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰা সন্দৰ্ভত স্পষ্ট কৰিলে নিজৰ স্থিতি । মুখ্যমন্ত্ৰীগৰাকীয়ে সোমবাৰে বিয়লি মেঘালয়ত এক অনুষ্ঠানৰ অন্তত সংবাদ মাধ্যমৰ আগত সমৰ্থন প্ৰত্যাহাৰ কৰাৰ কাৰণ ব্য়াখ্য়া কৰিলে ।

জনসাধাৰণৰ বিশ্বাস হেৰুৱাইছে বীৰেণ সিং চৰকাৰে

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা (ETV Bharat Assam)

মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়," মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ নেতৃত্বত থকা চৰকাৰখনে বিগত এবছৰ আঠ মাহত জনসাধাৰণৰ বিশ্বাস হেৰুৱাই পেলাইছে । শেহতীয়াকৈ যোৱা এমাহ ধৰি আইন-শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটিছে ।" সেইবাবে বহুতো দলীয় জেষ্ঠ কৰ্মীৰ লগত আলোচনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণ নোহোৱালৈকে সমৰ্থন প্ৰত্যাহাৰ কৰা বুলি কয় মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ।

মুখ্যমন্ত্ৰী কনৰাড চাংমাই কয়," যোৱা এমাহত বহুতো হিংসাত্মক ঘটনা সংঘটিত হৈছে । মণিপুৰৰ ৰাইজৰ সন্মান বহু উচ্চ । সেই বিষয়ে চিন্তা কৰি চৰকাৰখনে এটা অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ প্ৰয়োজন । প্ৰথমে আইন-শৃংখলা নিয়ন্ত্ৰণ কৰি ৰাইজৰ মাজত শান্তিৰ বাতাবৰণ ঘূৰাই অনাৰ প্রয়াস কৰাৰ প্ৰয়োজন ।" তেওঁ পুনৰ কয়," আমি মণিপুৰৰ দ্বিতীয় বৃহত্তম ৰাজনৈতিক দল । সেই বাবেই সমান্তৰালভাৱে মিলা-প্ৰীতিৰে কাম কৰাৰ এক সুবিধা লাভ কৰিব লাগিব । আমি বহু আশাবাদী যে পৰিস্থিতি নিয়ন্ত্ৰণ হ'ব আৰু আমি পুনৰ সমৰ্থন কৰিম ।"

সকলোকে এই সময়ত এক বিশ্বাসৰ প্ৰয়োজন

এতিয়া ৰাইজৰ মাজলৈ গৈ শান্তিৰ আলোচনা কৰাৰ প্ৰয়োজন বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয়," মই বিজেপিৰ বহু কেন্দ্ৰীয় নেতাৰ লগত আলোচনা কৰিছো । সকলোকে এই সময়ত এক বিশ্বাসৰ প্ৰয়োজন । কিন্তু চৰকাৰৰ দিশৰ পৰাও জনসাধাৰণৰ মাজত কিছু বিশ্বাসযোগ্যতা অনা জৰুৰী । যোৱা এমাহত মণিপুৰৰ পৰিস্থিতি অতিকৈ অৱনতি ঘটিছে । ফলস্বৰূপে মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেণ সিং নেতৃত্বাধীন চৰকাৰৰ ওপৰত জনসাধাৰণৰ আস্থা হেৰুৱাই পেলাইছে । সেইবাবেই আমি চৰকাৰৰ পৰা আমাৰ সমৰ্থন প্ৰত্য়াহাৰ কৰিছো । "

উল্লেখ্য যে দেওবাৰে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে মণিপুৰৰ শাসনত ব্যৰ্থ হোৱা বাবে এন পি পিয়ে সমৰ্থন প্ৰত্যাহাৰ কৰে । মণিপুৰত শেহতীয়া কেইটামান দিনত আইন-শৃংখলা বিঘ্নিত হৈছে আৰু এই সময়ছোৱাত বহুতো নিৰীহ লোকে প্ৰাণ হেৰুৱাইছে । এই সময়ছোৱাত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ নেতৃত্বত থকা চৰকাৰ সম্পূৰ্ণৰূপে বিফল হৈছে । ফলস্বৰূপে এন পি পি দলে মণিপুৰ চৰকাৰৰ পৰা বিজেপিৰ লগত থকা মিত্ৰতা ভংগ কৰি সমৰ্থন তাৎক্ষণিকভাৱে প্ৰত্যাহাৰ কৰিছে বুলি পত্ৰ প্ৰেৰণ কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডালৈ ।

ইয়াৰ পিছত আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ নতুন দিল্লীত সুৰক্ষা বিষয়াসকলৰ লগত এক বৈঠকত মিলিত হয় । এই বৈঠকত কেন্দ্ৰই হিংসা জৰ্জৰিত ৰাজ্যখনলৈ অতিৰিক্ত ৫,০০০ সুৰক্ষা বাহিনী প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । মণিপুৰত ইতিমধ্যে ২৭,০০০ কেন্দ্ৰীয় সুৰক্ষা বাহিনীয়ে কৰ্মৰত অৱস্থাত আছে । মণিপুৰৰ এন বীৰেণ সিঙৰ নেতৃত্বত থকা বিজেপিৰ চৰকাৰখনত এন পি পি দলৰ ৭ জন বিধায়ক আছিল ।

লগতে পঢ়ক:বিজেপি শাসিত মণিপুৰৰ চৰকাৰৰ প্ৰতি সমৰ্থন প্ৰত্যাহাৰ এন পি পিৰ

মণিপুৰ শান্ত কৰাৰ উপায় বিচাৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.