ETV Bharat / state

ধনৰ বিনিময়ত মণ্ডল কংগ্ৰেছৰ সভাপতি নিযুক্তিৰ অভিযোগত বৰপেটাত কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ - Congress workers protest - CONGRESS WORKERS PROTEST

Congress protest in Barpeta: বৰপেটাৰ বগুৰীগুৰীত জিলা কংগ্ৰেছৰ সভাপতিৰ বিৰুদ্ধে কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ ৷ জিলা কংগ্ৰেছৰ সভাপতিয়ে নিজ খেয়ালখুচি মতে মণ্ডল কংগ্ৰেছৰ সভাপতি নিযুক্তি দিয়াৰ অভিযোগ ৷

Congress protest in Barpeta
বৰপেটাত কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 23, 2024, 7:06 AM IST

বৰপেটাৰোড 22 আগষ্ট: বৰপেটা জিলা কংগ্ৰেছৰ সভাপতিৰ বিৰুদ্ধে প্ৰতিবাদ কংগ্ৰেছ কৰ্মীৰ ৷ জিলা সভাপতি ৰফিকুল হক ওৰফে ৰাজীৱ হকে বগুৰীগুৰী পথাৰ মণ্ডল কংগ্ৰেছৰ সভাপতি নিযুক্তি দিয়াৰ বিনিময়ত ধনৰ লেনদেন কৰাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ কৰ্মীসকলে । ৰফিকুল হকৰ কুকীৰ্তিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কৰি ক্ষুদ্ধ কংগ্ৰেছৰ কৰ্মী কয় যে বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি ৰফিকুল হক ওৰফে ৰাজীৱ হকৰ নিৰ্দেশত 2023 বৰ্ষৰ ডিচেম্বৰ মাহত বৰপেটা জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক নাছিৰ খানে স্বাক্ষৰ কৰি আব্দুল লতিফ আহমেদক বগুৰীগুৰী পাথাৰ মণ্ডল কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি দিছিল ।

বৰপেটাত কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ (ETV Bharat Assam)

কিন্তু বিগত ৮ মাহ পূৰ্বে নিযুক্তি দিয়া বগুৰীগুৰী মণ্ডল কংগ্ৰেছৰ সভাপতি আব্দুল লতিফ আহমেদক আঁতৰাই বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি ৰফিকুল হকৰ নিৰ্দেশত দায়িত্ব দিয়া হয় আন এজনক ৷ জিলা সভাপতিৰ নিৰ্দেশত নাছিৰ খানে আন এক নিৰ্দেশনা যোগে নেকিবুল ইছলাম নামৰ এজন লোকক বগুৰীগুৰী মণ্ডল কংগ্ৰেছৰ সভাপতি নিযুক্তি দিয়াৰ অভিযোগ তুলি ক্ষুব্ধ হৈ পৰে বগুৰীগুৰীৰ কংগ্ৰেছ কৰ্মীসকল ।

পূৰ্বৰ মণ্ডল কংগ্ৰেছৰ সভাপতি আব্দুল লতিফ আহমেদৰ পৰিৱৰ্তে নেকিবুল ইছলাম নামৰ লোকজনক ধনৰ বিনিময়ত বগুৰীগুৰী মণ্ডল কংগ্ৰেছৰ সভাপতি নিযুক্তি দিয়া বুলি অভিযোগ তুলিছে বগুৰীগুৰীৰ কংগ্ৰেছ কৰ্মীসকলে ৷ বৰপেটা জিলা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে বগুৰীগুৰী মণ্ডল কংগ্ৰেছৰ সভাপতি নিযুক্তিত দালালি কৰা বুলি অভিযোগ তুলি ৰফিকুল হকৰ বিৰুদ্ধে কংগ্ৰেছ কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷

উল্লেখ্য যে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে দলীয় কোনো নেতাৰ পদ সলনি কৰা নহ’ব বুলি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই ঘোষণা কৰিছিল । তাৰ পিছতো বগুৰীগুৰী মণ্ডল কংগ্ৰেছৰ সভাপতি আব্দুল লতিফ আহমেদক উক্ত পদৰ পৰা আঁতৰ কৰিবলৈ বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি ৰাজীৱ হকে কিয় নিজৰ খেয়ালখুচি মতে এই কাম কৰিলে বুলিও প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছ কৰ্মীসকলে ৷

Congress protest in Barpeta
প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশনা পত্ৰ (ETV Bharat Assam)

বগুৰীগুৰীৰ কংগ্ৰেছ কৰ্মীৰ লগত কোনোধৰণৰ আলোচনা নকৰাকৈ নিজেই বগুৰীগুৰী পথাৰ মণ্ডল কংগ্ৰেছৰ সভাপতি নিযুক্তি দিয়া কাৰ্যত জাঙুৰ খাই উঠিছে বগুৰীগুৰী পাথাৰৰ কংগ্ৰেছৰ তৃণমূল পৰ্যায়ৰ নেতা কৰ্মীসকল ৷

লগতে পঢ়ক: ই ডিক বিজেপিৰ পোহনীয়া কুকুৰ আখ্যা ভূপেন বৰাৰ : ই ডিৰ কাৰ্যালয় ঘেৰাও কৰি কংগ্ৰেছৰ প্ৰতিবাদ - Hindenburg Adani Row

এইবাৰ প্ৰদেশ কংগ্ৰেছৰ জোনাইৰ পৰা সোণাইলৈ যাত্ৰা : তেজপুৰত ঘোষণা ভূপেন বৰাৰ ঘোষণা - Assam Congress

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.