ETV Bharat / state

তেলচুৰি চক্ৰৰে জড়িত থকাৰ অভিযোগ : বিধায়ক নুৰুল হুদাৰ পুত্ৰক গ্ৰেপ্তাৰ - MLA Nurul Huda son arrested

author img

By ETV Bharat Assamese Team

Published : Aug 5, 2024, 10:42 AM IST

MLA Nurul Huda son arrested : তেলচুৰি সম্পৰ্কীয় এক গোচৰত আৰক্ষীয়ে দেওবাৰে নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদাক জেৰা চলাইছিল । কলিয়াবৰৰ আৰক্ষী নিৱেশত জেৰাৰ অন্তত আৰক্ষীয়ে হুদাক গ্ৰেপ্তাৰ কৰে । সোমবাৰে আদালতত হাজিৰ কৰোৱা হ'ব ।

MLA Nurul Huda son arrested
বিধায়ক নুৰুল হুদাৰ পুত্ৰক গ্ৰেপ্তাৰ (ETV Bharat)

কলিয়াবৰ, ৫ আগষ্ট : অৱশেষত গ্ৰেপ্তাৰ হ'ল কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদা । তেলচুৰি চক্ৰৰ সৈতে জড়িত থকাৰ অভিযোগত নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰকিবুল হুদাক । দেওবাৰে নিশা কলিয়াবৰ আৰক্ষী নিৱেশত গ্ৰেপ্তাৰ কৰে কংগ্ৰেছী বিধায়কগৰাকীৰ পুত্ৰক ।

বিধায়কৰ পুত্ৰক গ্ৰেপ্তাৰ :

তেলচুৰি চক্ৰৰ সৈতে নাম সাঙোৰ খাইছিল কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদাৰ । চক্ৰটোৰ সৈতে জড়িত কেইবাজনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছিল । ৰকিবুলক বিচাৰি নগাঁও আৰক্ষীয়ে অভিযান চলাই থকাৰ মাজতে দেওবাৰে তেওঁ উলুৱনী আৰক্ষী নিৱেশত আত্মসমৰ্পণ কৰে ।

আত্মসমৰ্পণৰ পিচতে ৰকিবুলক দীৰ্ঘ সময় ধৰি জেৰা চলোৱা হয় । নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ নেতৃত্বত শীৰ্ষ আৰক্ষীৰ এটা দলে ৰকিবুলক জেৰা চলায় । কেইবা ঘণ্টা ধৰি চলা জেৰাৰ অন্তত দেওবাৰে নিশা ৰকিবুল হুদাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।

আৰক্ষীৰ মন্তব্য :

নিশা আৰক্ষীয়ে বহু সময় ধৰি ৰকিবুলক জেৰা চলাই আৰু জেৰাৰ অন্তত তেলচুৰি চক্ৰৰে জড়িত থকাৰ অভিযোগত বিধায়কৰ পুত্ৰক গ্ৰেপ্তাৰ কৰা হয় । গ্ৰেপ্তাৰৰ পিচত আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই নিশা সংবাদ মাধ্যমক কয়, "ঘটনাটো সন্দৰ্ভত তদন্ত অব্যাহত আছে । ৰকিবুলক আমি জেৰা চলাই আছো । ইতিমধ্যে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে । কাইলৈ আমি তেওঁক আদালতত হাজিৰ কৰিম আৰু পৰৱৰ্তী সময়ত তদন্ত অব্যাহত থাকিব । বিভিন্ন ধৰণৰ প্ৰমাণ উদ্ধাৰ কৰিছো আৰু সেইবোৰ আদালতত দাখিল কৰা হ'ব ।"

অৱশ্যে এই চক্ৰটোৰ সৈতে আৰু কোন কোন জড়িত আছে, সেই সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য কৰা নাই আৰক্ষী অধীক্ষকগৰাকীয়ে ।

লগতে পঢ়ক :বিধায়ক নুৰুল হুদাৰ পুত্ৰৰ আত্মসমৰ্পণ: তেলচুৰি চক্ৰৰ লগত জড়িত থকাৰ অভিযোগ - Oil Theft Racket

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.