ETV Bharat / state

বিজেপি নেতা-মন্ত্ৰীৰ বিৰুদ্ধে কংগ্ৰেছে কিয় দাখিল কৰিলে এজাহাৰ ? - FIR AGAINST BJP LEADERS

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Assam Congress : হঠাতে অসম প্ৰদেশ কংগ্রেছ সৰৱ হৈ পৰিছে বিজেপিৰ চাৰি নেতাৰ বিৰুদ্ধে । তেওঁলোকৰ বিৰুদ্ধে কেৱল অভিযোগ উত্থাপন কৰাই নহয়, জিলাই জিলাই তৰিলে গোচৰ ।

APCC president Bhupen Borah
অসম প্ৰদেশ কংগ্রেছৰ সমদল (ETV Bharat Assam)

লখিমপুৰ, ২৩ ছেপ্টেম্বৰ: কংগ্ৰেছ নেতা ৰাহুল গান্ধীক মৃত্যুৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰি চাৰিগৰাকী বিজেপি নেতাৰ বিৰুদ্ধে ৰাজ্য়জুৰি এজাহাৰ দাখিল কৰিছে কংগ্ৰেছে । সোমবাৰে বিজেপি নেতা তাৰভিন্দৰ সিং, মন্ত্রী ৰাভনিট সিং বিট্টু, ৰঘুৰাজ সিং, শিৱসেনাৰ বিধায়ক সঞ্জয় গাইকোৱাড়ৰ বিৰুদ্ধে ৰাজ্য়ৰ বিভিন্ন থানাত কংগ্ৰেছে এজাহাৰ দাখিল কৰে । লখিমপুৰতো প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত দলটোৱে দাখিল কৰিলে এজাহাৰ ।

লখিমপুৰ জিলা কংগ্রেছৰ কেইবাশ নেতা-কৰ্মীয়ে সমদল কৰি লখিমপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰাৰ পিছতেই বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰে অসম প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰা । চৰকাৰক তীব্ৰ সমালোচনা কৰি অসম প্ৰদেশ কংগ্রেছৰ সভাপতিগৰাকীয়ে কয়, ৰাহুল গান্ধীক মৃত্যুৰ ভাবুকি দি বিজেপিয়ে দেশজুৰি অস্থিৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে । ৰাহুল গান্ধী কেৱল কংগ্রেছৰেই নেতা নহয়, তেওঁ বিৰোধী দলপতিও । তেওঁ বিভিন্ন জাতি জনগোষ্ঠীৰ কন্ঠ হৈ পৰিছে । ৰাইজে তেওঁক দেশৰ ভবিষ্যতৰ প্ৰধানমন্ত্ৰী হিচাপে গ্ৰহণ কৰিছে । ইয়াতেই শংকিত হৈ পৰিছে বিজেপি দল ।"

নৰেন্দ্ৰ মোদী কিয় মৌন হৈ আছে ?

বিজেপি দলৰ নেতাই ৰাহুল গান্ধীক মৃত্যুৰ ভাবুকি দিয়া বুলি অভিযোগ উত্থাপন কৰি তেওঁ পুনৰ কয়," বিজেপিয়ে দেশজুৰি এক অস্থিৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে । কিন্তু বিজেপিৰ এনে ভাবুকিত ৰাহুল গান্ধী ভীতিগ্ৰস্ত নহয় ।" এজাহাৰ দাখিল কৰি ভূপেন বৰাই বিজেপিৰ কেন্দ্রীয় নেতৃত্বৰ লগতে অসমৰ মুখ্যমন্ত্ৰীক সমালোচনা কৰি কয়," জিভা কাটি দিলে এঘাৰ লাখ টকা পুৰষ্কাৰ দিম বুলি কোৱাৰ পাছতো নৰেন্দ্ৰ মোদী, অমিত শ্বাহ আদি নেতা মৌন হৈ আছে । অসমত কবিতা লিখিলেও জেললৈ যাবলগীয়া হয় । বিধায়ক জিগনেশ মেৱানীক গুজৰাটৰ পৰা গ্ৰেপ্তাৰ কৰি অনা হৈছিল । সংবাদমেলত মোদীৰ নাম নোলোৱাকৈ এটা শব্দ কোৱাৰ বাবে পৱন খেৰাক উৰাজাহাজৰ পৰা নমাই অনা হৈছিল ।"

মুখ্যমন্ত্ৰীয়ে চাৰি বিজেপি নেতাক গ্ৰেপ্তাৰ কৰক

গুজৰাটৰ পৰা যদি জিগনেশ মেৱানীক গ্ৰেপ্তাৰ কৰিব পাৰে ,তেন্তে গৃহ বিভাগৰো দায়িত্বত থকা অসমৰ মুখ্যমন্ত্ৰীয়ে এই চাৰিজনক গ্ৰেপ্তাৰ কৰিব কিয় নোৱাৰে বুলি প্ৰশ্ন কৰে কৰি ভূপেন বৰাই কয়,"যদি নকৰে তেন্তে বুজা যাব যে বিজেপিয়ে আইন হাতত তুলি লব বিচাৰিছে । দেশজুৰি এটা ষড়যন্ত্র ৰচনা কৰি এটা অস্থিৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে । "

ইপিনে, আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰসংগত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয়," বিগত লোকসভা নির্বাচনত লখিমপুৰ লোকসভা সমষ্টিত কংগ্রেছে মাথো ২২ দিন নিৰ্বাচনী প্ৰচাৰ চলাবলৈ সুযোগ পাইছিল । মাথো কেইটামান ভোটৰ ব্যৱধানতহে হাৰিছিল কংগ্রেছৰ প্ৰাৰ্থী ।" অহা নিৰ্বাচনলৈ মাজত এবছৰ আছে বুলি উল্লেখ কৰি তেওঁ কংগ্রেছে এই এবছৰত শক্তি সঞ্চয় কৰি সফল হোৱাৰ ইংগিত দিয়ে ।

গঁড় হত্যা প্ৰতিৰোধত ব্য়ৰ্থ হৈছে চৰকাৰ

গঁড় হত্যাৰ প্ৰসংগত তেওঁ চৰকাৰক সমালোচনা কৰি কয়, "চৰকাৰখনে গঁড় হত্যা প্ৰতিৰোধত এতিয়াও এশ শতাংশ সফল হোৱা নাই ।" এই কাৰ্যসূচীত ভূপেন বৰাৰ উপৰি জিলা কংগ্রেছৰ সভাপতি গগন বৰা, উদয় শংকৰ হাজৰিকা, ৰাতুল বৰা, গংগা জ্যোতি টায়েগাম, নাৰায়ণ শইকীয়া, হাফিজা বেগম আদিয়ে অংশগ্রহণ কৰে ।

লগতে পঢ়ক:ভৱেশ কলিতাৰ বিৰুদ্ধে ভঙাগড় থানাত এজাহাৰ দাখিল কংগ্ৰেছৰ - Assam Congress

ৰাহুল গান্ধীৰ বিৰুদ্ধে দিছপুৰ-কৰিমগঞ্জ থানাত বিজেপিৰ এজাহাৰ - FIR against Rahul Gandhi

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.