ETV Bharat / state

সামাজিক মাধ্য়মত সাম্প্ৰদায়িক পোষ্ট দিয়া বিজেপি নেতাক গ্ৰেপ্তাৰৰ দাবী কংগ্ৰেছৰ - Communal Post of BJP Leader

author img

By ETV Bharat Assamese Team

Published : Aug 28, 2024, 12:17 PM IST

Congress Press Meet in Nalbari: নলবাৰীত বিজেপি নেতাৰ সামাজিক মাধ্য়মত সাম্প্ৰদায়িক মন্তব্য় । কোন এইগৰাকী বিজেপি নেতা ? কাৰ বিৰুদ্ধে চলাইছে অপপ্ৰচাৰ ? সৰৱ নলবাৰী জিলা কংগ্ৰেছ ।

Congress Press Meet
নলবাৰী জিলা কংগ্ৰেছৰ নেতা (ETV Bharat Assam)

নলবাৰী, ২৮ আগষ্ট : নলবাৰীত বিজেপি নেতাৰ বিৰুদ্ধে সাম্প্ৰদায়িক সংঘৰ্ষৰ উদ্দেশ্যে সামাজিক মাধ্যমত অপপ্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । নলবাৰী সমষ্টিৰ উত্তৰ মণ্ডলৰ সভাপতি নন্দলাল সৰকাৰে দুদিন পূৰ্বে ধমধমা অঞ্চলৰ দুগৰাকী হিন্দু যুৱতীক অন্য় সম্প্ৰদায়ৰ লোকে পলুৱাই নিয়া বুলি সামাজিক মাধ্যম ফেচবুকত প্ৰচাৰ কৰিছিল । ইয়াৰ পিচতেই এই বিষয়টোক লৈ সৃষ্টি হয় প্ৰতিক্ৰিয়াৰ । সামাজিক মাধ্যমত অপপ্ৰচাৰ চলোৱাৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নলবাৰী জিলা কংগ্ৰেছে ।

এই ঘটনাক লৈ মঙলবাৰে নলবাৰী জিলা কংগ্ৰেছে ৰাজীৱ ভৱনত সংবাদমেল আয়োজন কৰি বিজেপি নেতাগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বলৈ আৰক্ষীক দাবী জনাইছে । এই সন্দৰ্ভত নলবাৰী জিলা কংগ্ৰেছৰ এগৰাকী নেতাই সংবাদমেলত কয়, "এটা বিক্ষিপ্ত ঘটনাক সাম্প্ৰদায়িক মেৰুকৰণ কৰিব খুজিছে নলবাৰী সমষ্টিৰ উত্তৰ মণ্ডলৰ সভাপতি নন্দলাল সৰকাৰে । সম্প্ৰতি থকা ঠাইখনত সাম্প্ৰদায়িকতাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে । এই কাৰ্যক কংগ্ৰেছ দলে গৰিহণা দিছো ।"

Congress Press Meet in Nalbari
নন্দলাল সৰকাৰৰ ফেচবুক পোষ্ট (ETV Bharat Assam)

আৰক্ষীকো সাঙুৰিলে বিজেপি নেতাই :

সামাজিক মাধ্যমত আৰক্ষীকো সাঙুৰি উত্তৰ মণ্ডলৰ সভাপতি নন্দলাল সৰকাৰে অপপ্ৰচাৰ চলোৱা কাৰ্যৰ বিৰুদ্ধে আৰক্ষীক নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰিবলৈ আহ্বান জনাইছে জিলা কংগ্ৰেছ নেতৃত্বই । কংগ্ৰেছে এই ঘটনাটো মিছা বুলি স্পষ্ট কৰি দিয়ে । এই সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক দিব্যজোতি হালৈ, জিলা কংগ্ৰেছৰ সামাজিক মাধ্যমৰ অধ্যক্ষ উদ্দীপন পাটোৱাৰী, কংগ্ৰেছ কৰ্মী পংকজ কলিতা উপস্থিত থাকে ।

গোচৰ ৰুজু কৰিলে ৰাইজে :

আনহাতে, ধমধমা অঞ্চলৰ স্থানীয় লোকে বৃহত্তৰ ধমধমা অঞ্চলত ভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰ ঐক্যতাত বিঘ্নিত কৰিব ওলোৱাৰ অভিযোগত নলবাৰী সমষ্টিৰ উত্তৰ মণ্ডলৰ সভাপতি নন্দলাল সৰকাৰৰ বিৰুদ্ধে ঘগ্ৰাপাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ আৰক্ষীয়ে এক গোচৰ ৰুজু কৰে ।

Congress Press Meet in Nalbari
এজাহাৰৰ কপি (ETV Bharat Assam)

হঠাৎ নোহোৱা হল এই বিশেষ পোষ্টটো :

এই ঘটনাই সমগ্ৰ নলবাৰী জিলাত চাঞ্চল্যৰ সৃষ্টি কৰাত হঠাৎ বিজেপি নেতাগৰাকীৰ ফেচবুক একাউন্টৰ পৰাই নোহোৱা হৈছে এই বিশেষ পোষ্টটো ।

লগতে পঢ়ক:নলবাৰীত লাভ জেহাদৰ ঘটনা ! তদন্তকাৰী আৰক্ষী নিলম্বন

শিলচৰত লাভ জেহাদ; ভুৱা পৰিচয়ৰে দি যুৱতীক পলুৱাই নিলে মুমিনে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.