ETV Bharat / state

ৰাজনীতি ৰাইজক সেৱা কৰাৰ মাধ্যম, ৰাইজৰ ওপৰত অত্যাচাৰ কৰাৰ নহয়: গৌৰৱ গগৈ - Lok sabha elections

Lok Sabha elections: মাজুলীত উপস্থিত যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈ ৷ দুদিনীয়া কাৰ্যসূচীৰে মাজুলীত উপস্থিত হৈ উৎফুল্লিত হৈ পৰা দেখা গৈছে সাংসদগৰাকীক ৷

congress candidate gaurav gogoi starts election campaigning in majuli
গৌৰৱ গগৈ
author img

By ETV Bharat Assamese Team

Published : Mar 19, 2024, 4:30 PM IST

গৌৰৱ গগৈৰ ভাষ্য

মাজুলী, 19 মাৰ্চ : দুদিনীয়া ভ্ৰমণসূচীৰে মাজুলীত উপস্থিত যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈ । পুৱা কমলাবাৰী ঘাটত উপস্থিত হোৱাৰ পাচত জিলা কংগ্ৰেছৰ তৰফৰ পৰা আদৰণি জনোৱা হয় তেওঁক । কমলাবাৰী ঘাটৰ পৰা এটা বাইক ৰেলীৰে নেতাগৰাকীক গড়মূৰলৈ লৈ যোৱা হয় । ইয়াৰ পাচতে গড়মূৰ ৰাজীৱ ভৱনত নেতাগৰাকীক জিলা কংগ্ৰেছৰ ফালৰ পৰা আদৰণি জনোৱা হয় ।

congress candidate gaurav gogoi starts election campaigning in majuli
গৌৰৱ গগৈ মাজুলীত

মঙলবাৰৰ দিনটোত আৰু কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব গৌৰৱ গগৈয়ে । কাইলৈ দিনটোতো বহুকেইটা কাৰ্যসূচী হাতত আছে কংগ্ৰেছ নেতাগৰাকীৰ । মাজুলীত উপস্থিত হৈ সাংবাদিকৰে হোৱা মত বিনিময়ৰ সময়ত তেওঁ মাজুলীবাসীক ইমান মৰম-স্নেহেৰে আদৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷ আজি নিশাটো এজন দলীয় কৰ্মীৰ ঘৰত সাংসদগৰাকীৰ থকাৰ ইচ্ছা বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে ৷

গৌৰৱ গগৈ নিৰ্বাচনী প্ৰচাৰ

মাজুলীৰ পৰিৱেশেই বেলেগ, বাতাবৰণটো বেলেগ, ইয়ালৈ আহিলেই মনটো ভাল লাগি যায় বুলি মনৰ ভাৱ প্ৰকাশ কৰে গৌৰৱে ৷ মাজুলী কেৱল অসমৰ কাৰণে নহয় সমগ্ৰ পৃথিৱীৰ কাৰণে এক সম্পদ বুলি অভিহিত কৰি অনাগত দিনত মাজুলীখন আৰু অধিক জিলিকাই তোলাৰ চেষ্টা সকলো ফালৰ পৰা কৰা হ'ব বুলি কয় কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে ৷ মাজুলীৰ কণ্ঠ দিল্লীৰ সদনৰ মজিয়াত উচ্চস্বৰেৰে শুনাৰ প্ৰয়াস সকলোৱে কৰা উচিত বুলি মন্তব্য কৰে তেওঁ ৷

মাজুলীৰ দুদিনীয়া কাৰ্যসূচীত বিভিন্নজনৰ ওচৰলৈ যোৱাৰ কথাও সদৰী কৰে তেওঁ ৷ খেতিয়ক, ছাত্ৰ-ছাত্ৰী, বুদ্ধিজীৱী, সত্ৰাধিকাৰসকলৰ ওচৰলৈ গৈ সকলোৰে মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিব বুলি জানিবলৈ দিয়ে সাংসদগৰাকীয়ে ৷ দীপ গগৈ আৰু তপন গগৈৰ সৌজন্যমূলক সাক্ষাৎকাৰ সন্দৰ্ভতো বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰে তেওঁ ৷ বিজেপি ৰাজনীতিৰ নামত বহুত তললৈ যাব পাৰে বুলি মত দিয়ে ৷

কংগ্ৰেছে ৰাইজকে ৰজা বুলি ভাবে বুলি কয় গৌৰৱ গগৈয়ে ৷ বিজেপিক সমালোচনা কৰি তেওঁ ৰাজতন্ত্ৰ আৰু লোকতন্ত্ৰৰ মাজত পাৰ্থক্যও দেখুৱাই দিয়ে ৷

লগতে পঢ়ক : নিজৰ দুৰ্নীতি ঢাকিবলৈহে বিজেপিমুখী হৈছে বহু নেতা-কৰ্মী: দেৱব্ৰত শইকীয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.