ETV Bharat / state

বানৰ মাজতে অনুষ্ঠিত হ’ল ব্যতিক্ৰমী বিবাহ : ৰাইজৰ ব্যাপক উৎসাহ - Community Wedding

author img

By ETV Bharat Assamese Team

Published : Jun 20, 2024, 10:26 PM IST

Mass Marriage in Mangaldoi : বিবাহ হৈছিল দশক আগতে, কিন্তু সমাজে স্বীকৃতি দিয়া নাছিল ৷ এতিয়াৰ পৰা তেওঁলোক মুক্ত। মঙলদৈ শইকীয়াপাৰাৰ কাঠপৰিত অনুষ্ঠিত হ’ল এক ব্যতিক্ৰমী বিবাহ অনুষ্ঠান ।

COMMUNITY WEDDING CEREMONY
সমূহীয়া বিবাহ অনুষ্ঠান (ETV BHARAT ASSAM)

মঙলদৈ, 20 জুন : বান আৰু প্ৰতিকূল বতৰৰ মাজতে সম্পন্ন হ’ল এক ব্যতিক্ৰমী বিবাহ ৷ অসমীয়া ৰীতি-নীতি, পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত হ’ল এই বিবাহ অনুষ্ঠান ৷ কাঠপৰি মহাপুৰুষীয়া নামঘৰত বৃহস্পতিবাৰে অনুষ্ঠিত হ’ল সমূহীয়া বিবাহ অনুষ্ঠান ৷ একেলগে দহ যোৰা দৰা-কইনাৰ বিবাহ সম্পন্ন হ’ল এই অনুষ্ঠানত ৷ অৱশ্যে এই দৰা-কইনাসকল নৱবিবাহিত নহয় ৷ কোনোবা এটা দম্পতীয়ে যদি তিনিমাহ পূৰ্বে যুগ্ম জীৱনৰ আৰম্ভণি কৰিছিল, আকৌ কোনোবা এটা দম্পতীৰ সংসাৰ ত্ৰিশ বছৰ পূৰ্বৰে পৰা চলি আহিছে ৷

কাঠপৰিত অনুষ্ঠিত হ’ল এক ব্যতিক্ৰমী বিবাহ অনুষ্ঠান (ETV BHARAT ASSAM)

আজিৰ এই বিবাহত বহা কোনোবাযোৰ দৰা-কইনাৰ পুত্ৰ-জীয়াৰীয়ে ইতিমধ্যে কলেজৰ দেওনাও পাৰ হৈছে ৷ এই বিবাহ অনুষ্ঠানত 60 বছৰ গৰকা দৰা আৰু প্ৰায় 53 বছৰ বয়সীয়া কইনাইও অংশ লৈছে ৷ আচলতে মঙলদৈ চহৰৰ সমীপৰ কাঠপৰি গাঁৱৰ একাংশ লোকে বিভিন্ন সময়ত আনুষ্ঠানিক বিবাহৰ বিপৰীতে গন্ধৰ্ৱ বিবাহেৰে সংসাৰিক জীৱনৰ পাতনি মেলিছিল ৷ তেনেদৰেই বছৰ বছৰ সংসাৰ চলি গৈছিল যদিও সমাজত তেওঁলোকে বিভিন্ন সময়ত তথা অনুষ্ঠানত আগভাগ ল’ব পৰা নাছিল ৷

লগতে পঢ়ক : বোকাখাতৰ গড়মূৰত একেখন ৰভাতলিত বিয়াত বহিল ৩২ যোৰা দৰা-কইনা

আনুষ্ঠানিকভাৱে বিবাহকাৰ্য সমাপন কৰিব নোৱৰাৰ বাবে কিছু পৰিমাণে হীনমন্যতাতো ভুগি আহিছিল তেওঁলোকে ৷ সেয়েহে কাঠপৰিৰ সমাজে বুধবাৰে মহাপুৰুষীয়া নামঘৰতে সম্পূৰ্ণ ৰীতি-নীতিৰে অনুষ্ঠিত কৰিলে সমূহীয়া বিবাহকাৰ্য ৷ দহটাকৈ দম্পতীক সমূহীয়া বিবাহৰ জড়িয়তে সামাজিক স্বীকৃতি প্ৰদান কৰা হয় ৷ বুধবাৰে দিনত পানীতোলা, দৰা-কইনাক নোৱাই যথাৰীতিৰে নিশাৰ ভাগত গোসাইৰ উপস্থিতিত এই বিবাহ সম্পন্ন কৰা হয় ৷ হোমক সাক্ষী কৰি সামাজিক স্বীকৃতি লাভ কৰে তেওঁলোকে ৷

লগতে পঢ়ক : প্ৰজেক্ট কন্যাদান : বিবাহপাশত আৱদ্ধ হ'ল ১৬ যোৰা দৰা-কইনা - Community Wedding

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.