ETV Bharat / state

ৰাজপথত ঘাতকৰূপী ডাম্পাৰৰ দৌৰাত্ম: নিমিষতে প্ৰাণ হেৰুৱালে মেধাৱী ছাত্ৰীয়ে - ROAD ACCIDENT IN NALBARI

author img

By ETV Bharat Assamese Team

Published : Aug 12, 2024, 1:54 PM IST

Dies after hit by dumper: ডাম্পাৰৰ খুন্দাত প্ৰাণ হেৰুৱালে এগৰাকী মেধাৱী ছাত্ৰীয়ে । শ্ৰেণীকোঠা এৰি ন্যায়ৰ দাবীত প্ৰতিবাদত বহিল ক্ষোভিত শিক্ষাৰ্থী । নলবাৰীৰ স্প্ৰিং ডেল একাডেমীৰ শিক্ষাৰ্থী আছিল ছাত্ৰীগৰাকী ৷

college student dies after being hit by speedy dumper in nalbari
ন্যায়ৰ দাবীত প্ৰতিবাদত বহিল সতীৰ্থ (ETV Bharat Assam)

নলবাৰী, 12 আগষ্ট: ঘাতকৰূপী ডাম্পাৰ । ডাম্পাৰৰ দৌৰাত্মৰ বাবেই সোমবাৰ পুৱাই প্ৰাণ হেৰুৱাবলগা হ'ল নলবাৰীৰ এগৰাকী মেধাৱী ছাত্ৰীয়ে । নলবাৰী চহৰৰ গণেশ মন্দিৰ চ’কত সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো ৷

জানিব পৰা মতে, নলবাৰী জিলাৰ ক্ষুদ্ৰ বৰকটলাকুছিৰ মেধাৱী ছাত্ৰী পায়েল দেৱীয়ে অইন দিনাৰ দৰে আজিও নিজৰ চাইকেলখনেৰে গৈ আছিল নিজৰ শিক্ষানুষ্ঠানলৈ । নলবাৰী চহৰৰ স্প্ৰিং ডেল একাডেমী নামৰ শিক্ষানুষ্ঠানখনৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ শিক্ষাৰ্থী আছিল পায়েল দেৱী ৷ নিজ গৃহৰ পৰা চাইকেলেৰে ধমধমা পথেৰে আহি নলবাৰীৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ গণেশ মন্দিৰ চ'কত প্ৰাণ হেৰুৱাবলগীয়া হয় পায়েলে ।

প্ৰতিবাদত বহিল শিক্ষাৰ্থী

এই ঘটনা সংঘটিত হোৱাৰ পাচতে সমগ্ৰ নলবাৰী চহৰৰ গণেশ মন্দিৰ চ'কত সৃষ্টি হয় তীব্ৰ উত্তেজনাময় পৰিস্থিতি । পথৰ মাজতে আন্দোলনত বহি মৃত শিক্ষাৰ্থীগৰাকীৰ হকে ন্যায় দাবী কৰে সতীৰ্থসকলে ৷ সমান্তৰালভাৱে টায়াৰ জ্বলাই, চৰকাৰ বিৰোধী শ্লোগানেৰেও প্ৰতিবাদকাৰীসকলে উত্তাল কৰি তোলে সমগ্ৰ পৰিস্থিতি ৷ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে স্থানীয় লোকসকলেও ৷

দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰ জব্দ

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী-প্ৰশাসনৰ লোক উপস্থিত হৈ ঘাতকৰূপী ডাম্পাৰখন জব্দ কৰে । নলবাৰী জিলা প্ৰশাসনে ডাম্পাৰৰ দৌৰাত্মত নাকী লগোৱাৰ লগতে দিনৰ ভাগত তথা শিক্ষানুষ্ঠানবোৰ খোলা থকাৰ সময়ত ডাম্পাৰৰ অনুমতি প্ৰদান নকৰিবলৈ দাবী জনায় জিলা কৰ্তৃপক্ষক ।

উল্লেখযোগ্য যে, ডাম্পাৰৰ দৌৰাত্মই সমগ্ৰ জিলাবাসীকেই নিৰাপত্তাহীনতাত ভুগিবলৈ বাধ্য কৰিছে ৷ বহু সৰু-বৰ দুৰ্ঘটনা হৈ যোৱাৰ পাচতো চৰকাৰ-প্ৰশাসনে আজিপৰ্যন্ত এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম নহ'ল বুলি অভিযোগ তুলিছে স্থানীয় লোকে । যাৰ ফলশ্ৰুতিত সোমবাৰে গণেশ মন্দিৰ চ’কত এনে শোকাৱহ ঘটনাটো সংঘটিত হ’ল । এই ঘটনাৰ পাচতে ডাম্পাৰৰ দৌৰাত্ম ৰোধৰ বাবে জিলা প্ৰশাসনে কি পদক্ষেপ গ্ৰহণ কৰে, সেয়া পৰৱৰ্তী সময়ত হ’ব লক্ষণীয় বিষয় ।

লগতে পঢ়ক: লখিমপুৰত ডাম্পাৰৰ চেপাত বৃদ্ধাৰ মৃত্যু

দ্ৰুতবেগী ডাম্পাৰৰ খুন্দাত মৃত্যু কিশোৰীৰ, কঠোৰ পদক্ষেপ গ্ৰহণৰ হুংকাৰ জিলা আয়ুক্তৰ - Road Accident

সেনা বাহিনীৰ বাহনৰ পৰা হঠাৎ ছিটিকি পৰিল গুলী-বাৰুদৰ বাকচ - Accident in Lakhimpur

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.