ETV Bharat / state

মাৰ্কশ্বীট জালিয়াতি : মহাবিদ্যালয়ৰ ছাত্ৰক আৰক্ষীক গতালে কৰ্তৃপক্ষই - Forging Documents - FORGING DOCUMENTS

Forging mark sheet : জালিয়াতিৰে মাৰ্কশ্বীটৰ নম্বৰ বৃদ্ধি কৰাৰ অভিযোগ মহাবিদ্যালয়ৰ ছাত্ৰ বিৰুদ্ধে ৷ বিশ্ববিদ্যালয়ৰ ৱেৱ ছাইটতো নতুন মাৰ্কশ্বীট আপলোড হৈ থকা দেখি হতভম্ব মহাবিদ্যালয় কৰ্তৃপক্ষ ৷ এজাহাৰ দাখিল ৷

ALLEGEDLY FORGING MARK SHEET
ছাত্ৰৰ বিৰুদ্ধে এজাহাৰ দাখিল (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jun 2, 2024, 8:35 PM IST

বৰপেটাৰোড 2 জুন : গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেবচাইটত নম্বৰ তালিকা অৰ্থাৎ মাৰ্কশ্বীট জালিয়াতিৰ অভিযোগ ৷ বিশ্ববিদ্যালয়খনৰ অন্তৰ্গত বৰপেটাৰোডৰ গণেশলাল চৌধুৰী মহাবিদ্যালয়ৰ এজন ছাত্ৰৰ মাৰ্কশ্বীট পৰীক্ষণৰ পিচতে উত্থাপন হৈছে এই অভিযোগ ৷ জি এল চি মহাবিদ্যালয়ৰ অভিযুক্ত এই ছাত্ৰজনৰ নাম আজিজুল হক ৷ মহাবিদ্যালয়খনৰ গণিত বিভাগৰ যষ্ঠ ষান্মাষিকৰ ছাত্ৰ আজিজুল ৷ এই ছাত্ৰজনে ইতিমধ্যে ষষ্ঠ ষান্মাষিকৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে ৷

জালিয়াতিৰে মাৰ্কশ্বীটৰ নম্বৰ বৃদ্ধি কৰাৰ অভিযোগ (ETV BHARAT ASSAM)

এই ছাত্ৰজনে ইতিপূৰ্বে উত্তীৰ্ণ হোৱা প্ৰথম, তৃতীয়, চতুৰ্থ আৰু পঞ্চম ষান্মাসিকৰ পৰীক্ষা সমূহত পোৱা Cumulative Grade Point Average চমুকৈ চি জি পি এ আছিল চি, বি অথবা পি ৷ ছাত্ৰজনে লাভ কৰা নম্বৰ তালিকা অৰ্থাৎ মাৰ্কশ্বীট মহাবিদ্যালয়ৰ কাৰ্যালয়তো মজুত হৈ আছে ৷ কিন্তু শনিবাৰে গণিত বিভাগৰ পৰা বিশেষ কাৰণত আন একাংশ ছাত্ৰ-ছাত্ৰীৰ লগতে আজিজুল হকৰ মাৰ্কশ্বীটখন বিচৰা হয় ৷ কিন্তু আজিজুলে এখন নতুন মাৰ্কশ্বীট কৰ্তৃপক্ষৰ হাতত জমা দিয়ে বুলি অভিযোগ উত্থাপন হয় ৷

অভিযোগ অনুসৰি ছাত্ৰজনে নতুনকৈ জমা দিয়া মাৰ্কশ্বীটখনত পূৰ্বে প্ৰাপ্ত কৰাতকৈ নম্বৰ বৃদ্ধি হৈ থকাতো বিভাগটোৰ অধ্যাপক সকলৰ দৃষ্টিগোচৰ হয় ৷ ইয়াৰ পিচত তেওঁলোকে এই মাৰ্কশ্বীটখন গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেৱ চাইটতো নিৰীক্ষণ কৰে আৰু তাতো নতুন মাৰ্কশ্বীট আপলোড হৈ থকা দেখি হতভম্ভ হৈ পৰে তেওঁলোক ৷ তেওঁলোকে বিশ্ববিদ্যালয়ৰ ৱেৱচাইটত থকা নতুন মাৰ্কশ্বীটখন ডাউনলোড কৰাৰ লগতে তেওঁলোকৰ হাতত মজুত থকা তথা ছাত্ৰজনৰ পৰা প্ৰতিটো পৰীক্ষাৰ পিচতে সংগ্ৰহ কৰা মাৰ্কশ্বীটৰ প্ৰতিলিপি উলিয়াই ৷

এই মাৰ্কশ্বীট কেইখন পৰীক্ষা কৰাত ইতিমধ্যে হৈ যোৱা পৰীক্ষাসমূহৰ দ্বিতীয়টো ষান্মাষিকৰ পৰীক্ষাক বাদ দি বাকী কেইটা পৰীক্ষাত নম্বৰ বৃদ্ধি কৰা বুলি অভিযোগ কৰে মহাবিদ্যালয় কৰ্তৃপক্ষই৷ এই সন্দৰ্ভত মহাবিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰজনক জেৰা কৰে ৷ ইয়াৰ পিচতে মহাবিদ্যালয় কর্তৃপক্ষই এই সন্দৰ্ভত বৰপেটাৰোড আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ছাত্ৰজনক আটক কৰি থানালৈ লৈ আহে ৷ কিন্তু বৰপেটাৰোড আৰক্ষীয়ে ছাত্ৰজনক এই সন্দৰ্ভত বিশেষ কোনো সোধ-পোছ নকৰাকৈ নামমাত্ৰ গোচৰ ৰুজু কৰি ছাত্ৰজনক মুকলি কৰি দিয়ে বুলি এতিয়া অভিযোগ উত্থাপন হৈছে ৷

লগতে পঢ়ক : কাৰণ দৰ্শোৱাৰ জাননীৰো নিদিলে উত্তৰ : অৱশেষত নিলম্বিত শিক্ষকৰূপী ইউটিউবাৰ - Online Gambling Application

লগতে পঢ়ক : বিলাসী বাহনেৰে তিনি কোটি টকাৰ ড্ৰাগছ সৰবৰাহ, আটক তিনি সৰবৰাহকাৰী - Anti Drugs Operation

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.