ETV Bharat / state

মণিপুৰৰ শেহতীয়া হিংসা সন্দৰ্ভত ভাৰতীয় সেনা প্ৰধানলৈ পত্ৰ প্ৰেৰণ ক’ক’মিৰ - COCOMI

Mnipur Violence : মণিপুৰৰ পৰিস্থিতিত হস্তক্ষেপ কৰিবলৈ ভাৰতীয় সেনাৰ মূৰব্বী জেনেৰেল মনোজ পাণ্ডেক আহ্বান মণিপুৰ অখণ্ডতাৰ সমন্বয়ক সমিতিৰ ৷ ক’ক’মিয়ে সেনাবাহিনীৰ মুৰব্বীক সেনা জোৱানৰ বিৰুদ্ধে আগ্ৰাসন কাণ্ডৰ ওপৰত চকু ৰাখিবলৈ আৰু প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ আহ্বান জনায় ৷

Mnipur Violence
মণিপুৰ হিংসা সন্দৰ্ভত ভাৰতীয় সেনা প্ৰধানলৈ পত্ৰ প্ৰেৰণ
author img

By ETV Bharat Assamese Team

Published : Feb 17, 2024, 10:10 PM IST

তেজপুৰ, 17 ফেব্ৰুৱাৰী : মণিপুৰ অখণ্ডতা সমন্বয়ক সমিতিয়ে (Coordination Committee on Manipur Integrity) আজি এক বিবৃতিত ভাৰতীয় সেনাৰ মূৰব্বী জেনেৰেল মনোজ পাণ্ডেক মণিপুৰৰ পৰিস্থিতিত হস্তক্ষেপ কৰিবলৈ আহ্বান জনায় ৷ সংগঠনটোৱে শেহতীয়াকৈ ভাইৰেল হোৱা ভিডিঅ’টোক লৈ প্ৰশ্ন উত্থাপন কৰিছে, য’ত সীমান্তৱৰ্তী চহৰ মৰেহত অসম ৰাইফলছৰ কনভয় আৰু উগ্ৰপন্থীৰ এটা দলৰ মাজত ষ্টেণ্ডঅফ হ’ব লগীয়া হৈছিল ৷ তেওঁলোকে কয় "ভাৰতীয় সেনাৰ ইতিহাসত আমাৰ সাহসী জোৱানসকলক বন্দুক, ৰকেট লঞ্চাৰ আৰু অন্যান্য অস্ত্ৰৰে মুকলি ভাবুকি দিয়াৰ এনে দৃশ্য আগতে কেতিয়াও দেখা পোৱা নাছিল ৷ এই ঘটনাই সশস্ত্ৰ বাহিনীৰ অখণ্ডতা আৰু কৰ্তৃত্বক ভেঙুচালি কৰাই নহয়, চৰম আঘাত দিছে ৷"

ক’ক’মিয়ে এয়া ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি এক প্ৰচণ্ড ভাবুকি বুলি উল্লেখ কৰি পাহাৰ ভিত্তিক গোটসমূহৰ সৈতে Suspension of Operations (SoO) বাতিল কৰাৰ আহ্বান জনায় ৷ লগতে এনে ঘটনা কেনেদৰে সংঘটিত হ’ল সেইটো নিৰ্ণয় কৰিবলৈ এক পুংখানুপুংখ তদন্ত কৰাটো অতি গুৰুত্বপূৰ্ণ নে নতুন দিল্লীত ভাৰত চৰকাৰে আপোনাক পৰামৰ্শ বা নিৰ্দেশ দিছে যে অস্ত্ৰধাৰী দুষ্কৃতিকাৰীৰ সৈতে মুখামুখি হোৱাৰ সময়ত সংযম বজাই ৰাখিবলৈ তেওঁলোকে কাম কৰি আহিছে বুলি প্ৰশ্ন উত্থাপন কৰে ৷

সংগঠনটোৱে এই পত্ৰৰ প্ৰতিলিপি দেশৰ প্ৰধানমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী আৰু গৃহমন্ত্ৰীলৈও প্ৰেৰণ কৰে ৷ ক’ক’মিয়ে সেনাবাহিনীৰ মুৰব্বীক সেনা জোৱানৰ বিৰুদ্ধে আগ্ৰাসনৰ কাণ্ডৰ ওপৰত চকু ৰাখিবলৈ আৰু প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ আহ্বান জনায় ৷ সংগঠনৰ সমন্বয়ক সমৰেন্দ্ৰ থোকচমে কয় "মই আপোনালোকক ব্যক্তিগতভাৱে হস্তক্ষেপ কৰিবলৈ, এক বিস্তৃত তদন্তৰ তদাৰক কৰিবলৈ আৰু এই পৰিস্থিতি শুধৰণিৰ বাবে শীঘ্ৰে ব্যৱস্থা ল'বলৈ আহ্বান জনাইছো ৷ অসম ৰাইফলছে পৰিস্থিতি চম্ভালি লোৱাৰ ক্ষেত্ৰত অনুভূত উদাসীনতাৰ বাবে অঞ্চলটোত বৰ্তমান ভাৰতীয় সেনাবাহিনীয়ে সন্মুখীন হোৱা সমালোচনা আৰু অধিক তীব্ৰতৰ কৰি তুলিছে ৷ আমাৰ সশস্ত্ৰ বাহিনী দীৰ্ঘদিন ধৰি দেশৰ বাবে গৌৰৱ আৰু শক্তিৰ উৎস হৈ আহিছে আৰু তেওঁলোকৰ সুনাম সুৰক্ষিত কৰাটো অতি প্ৰয়োজনীয় ৷"

9 ফেব্ৰুৱাৰীত ভাইৰেল ভিডিঅ’টোত মণিপুৰৰ সীমান্তৱৰ্তী চহৰ মৰেহত অশান্ত পৰিস্থিতিৰ মাজত আছাম ৰাইফলছৰ কনভয় আৰু অস্ত্ৰধাৰী দুষ্কৃতিকাৰীৰ মাজত সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হৈছে ৷ 17 জানুৱাৰীত টি ইয়াংনমত সংঘটিত হোৱা এই কাণ্ডত কুকি জনগোষ্ঠীৰ অন্তৰ্গত অস্ত্ৰধাৰী দুষ্কৃতিকাৰীয়ে আছাম ৰাইফলছৰ কনভয়ৰ বাট বন্ধ কৰিছিল ৷ যাৰ ফলত নিৰাপত্তা বাহিনীয়ে পৰিস্থিতি চম্ভালাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছিল ৷ 17 জানুৱাৰীত মৰেহত অস্ত্ৰধাৰী দুষ্কৃতিকাৰীয়ে নিৰাপত্তাৰক্ষীক এম্বুছ কৰা ঠাইলৈ যোৱা হৈছিল আৰু তাৰ ফলত দুজন পুলিচ আৰু আন দুজন নিৰাপত্তাৰক্ষীৰ মৃত্যু হৈছিল ৷

মেইটেই সম্প্ৰদায়ৰ অনুসূচিত জনজাতি (এছ টি) মৰ্যাদাৰ দাবীৰ প্ৰতিবাদত ৰাজ্যখনত জনজাতীয় সংহতি পদযাত্ৰাৰ আয়োজন কৰাৰ পিছত যোৱা বছৰৰ 3 মে’ত জাতিগত হিংসাৰ সূচনা হোৱাৰ পিছতে মণিপুৰত 180 জনতকৈ অধিক লোকৰ মৃত্যু হৈছে ৷ মণিপুৰৰ জনসংখ্যাৰ প্ৰায় 53 শতাংশ মেইটেই আৰু বেছিভাগেই ইম্ফল উপত্যকাত বাস কৰে ৷ আনহাতে নগা আৰু কুকিকে ধৰি জনজাতীয় লোকসকলে 40 শতাংশ গঠন কৰে আৰু মূলতঃ পাহাৰীয়া জিলাত বাস কৰে ৷ সংগঠনটোৱে এক সমীক্ষা দাঙি ধৰি উল্লেখ কৰে যে 2023 চনৰ 16 মে’ত ইম্ফলৰ দোলাইথাবিত কুকি উগ্ৰপন্থীৰ হাতত আছাম ৰাইফলছৰ জোৱান আলোক ৰাওক হত্যা কৰা হয় ৷ ইয়াৰ পিছত ৫ জুনত বি এছ এফ জোৱান ৰঞ্জিত যাদৱে কুকি উগ্ৰপন্থীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছিল ৷ 31 অক্টোবৰত টেংগনৌপালৰ মৰেহ মহকুমাৰ মহকুমা আৰক্ষী বিষয়া (এছডিপিঅ’) চিংথাম আনন্দক এটা সশস্ত্ৰ কুকি গ্ৰুপে হত্যা কৰে ৷

লগতে পঢ়ক : কুকি উগ্ৰপন্থীৰ গুলীত আহত বি এছ এফৰ জোৱান, আৰক্ষীৰ গুলীত নিহত দুজনকৈ যুৱক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.