ETV Bharat / state

বিজেপি চৰকাৰৰ দিনত ১৬৭৬ জন চিকিৎসকৰ নিযুক্তি লাভ; চিকিৎসকৰ পদত্যাগ সন্দৰ্ভত মুখ্যমন্ত্রীৰ সংখ্যাৰ হিচাপ - CM Himanta FB Live

author img

By ETV Bharat Assamese Team

Published : Jul 18, 2024, 9:42 AM IST

CM Himanta Biswa Sarma: চিকিৎসকৰ পদত্যাগৰ পৰা আৰম্ভ কৰি কেইবাটাও প্ৰসংগত নিশা সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া । কংগ্ৰেছক কঠোৰ ভাষাৰে সমালোচনা । চিকিৎসকৰ পদত্যাগৰ কাৰণ ব্যাখ্যা । অসমক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰাৰ সংকল্পত কোনেও দিব নোৱাৰে বাধা ।

CM Himanta FB Live
CM Himanta Biswa Sarma (Himanta Biswa Sarma FB Page)

গুৱাহাটী, ১৮ জুলাই: চৰকাৰী চিকিৎসকৰ পদত্যাগৰ প্ৰসংগই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পাচতে মুখ খুলিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ঝাৰখণ্ডৰ পৰা আহিয়েই বুধবাৰে নিশা দিছপুৰৰ কাৰ্যালয়ৰ পৰা মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

এইক্ষেত্ৰত কংগ্ৰেছ দলক আক্ৰমণৰ লক্ষ্য কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘কিছু দিনৰ পৰা অসমত এটা নতুন ট্ৰেণ্ড দেখা দিছে । আমাৰ কংগ্ৰেছ দলৰ টুইটাৰ হেণ্ডেল, ফেচবুক হেণ্ডেল সমূহে আৰু তেওঁলোকৰ কিছুমান নেতাই চৰকাৰখনক হোৱাই-নোহোৱাই সমালোচনা কৰে । মঙলবাৰে ঝাৰখণ্ডত থকা সময়ত একাংশ লোকে অসমৰ সামাজিক মাধ্যমত হাহাকাৰ লগাই দিলে যে অসমৰ চৰকাৰী চিকিৎসালয় সমূহৰ পৰা ডৰ্জনে ডৰ্জনে চিকিৎসকে পদত্যাগ কৰিছে । একাংশই ইমানো ক'বলৈ গ'ল যে গণ পদত্যাগ আৰম্ভ হ'ল । গুৱাহাটীলৈ আহিয়েই স্বাস্থ্য বিভাগৰ বিষয়াসকলক মাতি আনিলো কথাখিনি বুজি ল'লো । এইটো সত্য যে মেডিকেল কলেজৰ পৰা কিছুসংখ্যক চিকিৎসকে প্ৰত্যেক বছৰে পদত্যাগ কৰে । ২০২১ চনত মেডিকেল কলেজৰ পৰা ৩৬ জন চিকিৎসকে পদত্যাগ কৰিছিল । ২০২২ চনত ১২ জন চিকিৎসকে পদত্যাগ কৰিছিল । ২০২৩ চনত ৬৪ জনে পদত্যাগ কৰিছিল । ২০২৪ চনটো ৫ জন চিকিৎসকে পদত্যাগ কৰিছে আৰু কিছু পদত্যাগ পত্ৰ আমাৰ হাতত আছে । চিকিৎসকে পদত্যাগ কৰাত মেডিকেল কলেজসমূহ বন্ধ হৈ যাব বুলি কংগ্ৰেছ দলে স্ফুৰ্তি কৰি আছে ।’’

লগতে পঢ়ক: পাঁচ বছৰত চাকৰি এৰিলে ১৭৪ গৰাকী চিকিৎসকে: খালী ৭০০ৰো অধিক চিকিৎসকৰ পদ - Assam Govt Doctors

পদত্যাগৰ বিপৰীতে কেতবোৰ নতুন তথ্য দাঙি ধৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘অসমত এতিয়া ১৩ খন মেডিকেল কলেজ হ'ল । কংগ্ৰেছে এতিয়া বিচাৰে যে এই মেডিকেল কলেজ সমূহ বন্ধ হৈ যাওক । ২০২১ চনত ৩৬ জন চিকিৎসকে পদত্যাগ কৰাৰ বিপৰীতে ২৭৯ জন চিকিৎসকক নতুনকৈ নিযুক্তি দিয়া হ'ল । ২০২২ চনত ৪৪১ জনক আৰু ২০২৩ চনতত ৩০২ জনক নিযুক্তি দিয়া হ'ল । এই বছৰ ৩০-৪০ জন চিকিৎসকে পদত্যাগ কৰাৰ বিপৰীতে যোগদান কৰিব ১৮৩ জন চিকিৎসকে । ২০১৬ চনৰ পৰা বিজেপি চৰকাৰৰ দিনত ১৬৭৬ জন চিকিৎসকে মেডিকেল কলেজ সমূহত যোগদান কৰিছে ।’’

ইফালে চিকিৎসকৰ পদত্যাগ কৰাৰ কাৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘চৰকাৰী চাকৰিত অৱসৰৰ সময় হ'ল ৬০ বছৰ । মেডিকেল কলেজ সমূহত অৱসৰৰ সময় ৭০ বছৰলৈ বঢ়াই দিয়া হৈছে । ৬০ ৰ পৰা ৭০ বছৰ বয়সত বহু চিকিৎসকে কাম কৰিব নোৱাৰে । কাৰণ শৰীৰ সকলোৰে একে নাথাকে । বহু জ্যেষ্ঠ চিকিৎসকে ৭০ বছৰলৈকে কাম কৰিব নিবিচাৰে । যাৰ বাবে অব্যাহতি দিবলগীয়া হয় ।’’

পদত্যাগ কৰাৰ আন এটা কাৰণ উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘এজন কাৰ্ডিঅ'লজীৰ চিকিৎসকে মেডিকেল কলেজত কাৰ্ডিঅ'লজীত যোগদান কৰিছে । সময়ত তেওঁ ডি এম কাৰ্ডিঅ'লজীৰ চিট পালে । সকলোৱে পঢ়িব বিচাৰে । দেশৰ বিভিন্ন শিক্ষানুষ্ঠানত অসমৰ ল'ৰা-ছোৱালী পঢ়িবলৈ যায় । আমি তেওঁলোকক পঢ়িবলৈ কেনেকৈ মানা কৰিম ।’’

তৃতীয় কাৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘আমাৰ মাজত এনেকুৱাও চিকিৎসক আছে যিসকলে নাৰ্চিং হোমত বেছি দৰমহা পোৱাৰ বাবেও চৰকাৰী মেডিকেল কলেজৰ পৰা পদত্যাগ কৰে । কিন্তু এই পদত্যাগৰ সংখ্যাৰ বিপৰীতে যোগদান কিমানে কৰে !’’

লগতে পঢ়ক: যুঁজ এখন হ’ব ! চৰকাৰক সমালোচনা কৰি ক’লে কংগ্ৰেছ নেতা জীতেন্দ্ৰ সিঙে - APCC in charge Jitendra Singh

মুখ্যমন্ত্ৰীয়ে লগতে কয়, ‘‘কংগ্ৰেছে পদত্যাগ কৰা চিকিৎসকৰ সংখ্যা সামাজিক মাধ্যমত দিয়াৰ লগতে নতুনকৈ কিমানে যোগদান কৰিলে তাৰ বিষয়েও সাহসেৰে ক'ব লাগিছিল । অসমত মেডিকেল কলেজৰ সংখ্যা ৩ খনৰ পৰা ১৩ খনলৈ বৃদ্ধি পালে । সেয়া হিমন্ত বিশ্ব শৰ্মাৰ কৃতিত্ব নহয়, সেয়া অসমৰ কৃতিত্ব । দৰিদ্ৰ ঘৰৰ ১৫০০ শিক্ষাৰ্থীয়ে আজি অসমৰ মেডিকেল কলেজত পঢ়িবলৈ সুবিধা পাইছে, এয়া অসমৰ কৃতিত্ব । হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰক, কিন্তু হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিবলৈ যাওতে ৰাজ্যখনক সমালোচনা নকৰিব । আতংকৰ সৃষ্টি নকৰিব । আমি অসমক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰাৰ সংকল্প লৈছো । ইয়াত কোনেও বাধা দিব নোৱাৰে ।’’

ইফালে কংগ্ৰেছৰ নেতা জিতেন্দ্ৰ সিঙৰ বান সাহায্য প্ৰদানৰ প্ৰসংগত কটাক্ষ কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘কংগ্ৰেছৰ নেতা আহি নাও লৈ চৰত ৰিলিফ দিবলৈ গৈছে । তেওঁলোকে নাজানে যে অসমৰ চৰত পানী সদায় থাকে । চৰত থকা লোকসকলে পানীৰ মাজত বাস কৰে । বানপানী মথাউৰিৰ কাষত হয় । নাও লৈ চৰত ৰিলিফ কেম্প বিচাৰিব লগীয়া হোৱাটো অসমৰ বাবে আন এক কৃতিত্ব ।’’

আনাহাতে মথাউৰি ভঙাৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘২০০৪ চনত কংগ্ৰেছ চৰকাৰৰ দিনত অসমত ৩৪০ টা মথাউৰি ভাঙিছিল । আজি আমাৰ চৰকাৰৰ দিনত মাত্ৰ চাৰিটা মথাউৰি ভাঙিছে । চেষ্টা থাকিব যাতে এটাও নাভাঙে । কিন্তু চাৰিটা মথাউৰি ইতিমধ্যে জোৰা লগাই দিয়া হৈছে । বানপানীৰ দহ দিন পাচত মথাউৰি সম্পূৰ্ণৰূপে নিৰ্মাণ কৰি উলিওৱা হৈছে । যিটো আগতে আমাৰ চৰকাৰৰ দিনটো সম্ভৱ হোৱা নাছিল আৰু কংগ্ৰেছৰ দিনটো সম্ভৱ হোৱা নাছিল । অসম আগবাঢ়িছে আৰু অসমৰ ভৱিষ্যত আজি কোনেও ধৰি ৰাখিব নোৱাৰে । অসমে আকাশ চুবই ।’’

লগতে পঢ়ক: অসমত ভয়াৱহ নিবনুৱা সমস্যা : সংস্থাপনৰ আশাত ৫৫ শতাংশৰ বহিঃৰাজ্যলৈ ঢাপলি - EMPLOYMENT REPORT OF INDIA 2024

উল্লেখ্য যে বুধবাৰে নিশা ঝাৰখণ্ডৰ পৰা গুৱাহাটীত উপস্থিত হৈয়ে মুখ্যমন্ত্ৰী নিজৰ কাৰ্যালয়লৈ আহে । কাৰ্যালয়ৰ পৰা সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে জনাই যে এদিন নাথাকিলে বহুত কাম জমা হৈ যায় আৰু নিশা ১২.৩০ নাইবা ১ বজালৈ কাম কৰিব লাগিব ।

সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে ভাল খবৰৰ প্ৰসংগত কয়, ‘‘মঙলবাৰে বিশ্ববিদ্যালয় অনুদান আয়োগে অসমৰ দুখন ঐতিহ্যমণ্ডিত মহাবিদ্যালয় গুৱাহাটীৰ বি বৰুৱা আৰু ধুবুৰীৰ বি এন কলেজক স্বায়ত্ত শাসিত মহাবিদ্যালয়ৰ মৰ্যাদা প্ৰদান কৰিছে । এয়া এক প্ৰাপ্তিৰ মুহূৰ্ত । দুয়োখন মহাবিদ্যালয় অভিনন্দন জনাইছোঁ । অসম লাহে লাহে সকলো ফালে আগবাঢ়িছে । শৈক্ষিক উত্তৰণৰ এই যাত্ৰা নিশ্চয় অব্যাহত থাকিব ।’’

আন এটা ভাল খবৰৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘বুধবাৰৰ দিনটোত আৰু এটা ভাল খবৰ আহিল । ২০২১ চনত মুখ্যমন্ত্ৰী হোৱাৰ সময়ত এছ ডি জিৰ ৰি'পৰ্ট এটা প্ৰকাশ পাইছিল । সেই ৰি'পৰ্টটোত অসমক পাৰফৰ্মাৰ কেটেগৰীত ৰখা হৈছিল । তেতিয়া আমাক সমালোচনা কৰা হৈছিল । তেতিয়া মই কৈছিলো যে পি ডব্লিউ ডিত ৰাস্তা এটা বনাবলৈ সহজ কিন্তু দৰিদ্ৰতা দূৰীকৰণত অলপ সময় লাগিব । শিক্ষাক, স্বাস্থ্যক আগুৱাই লৈ যোৱাত অলপ সময় লাগিব । আমি ধৈৰ্যৰে কাম কৰিব লাগিব । ৬০ বছৰ কংগ্ৰেছে শাসন কৰাৰ পিচত অগপৰ ১০ বছৰৰ শাসনকালত যি কাম সম্ভৱ নহ'ল সেই কাম আমি মাত্ৰ পাঁচ-ছয় বছৰত কেনেকৈ কৰিম । কিন্তু আমাৰ সাহস আছে আৰু আমি আমাৰ লক্ষ্যত উপনীত হ'ম । সমালোচনা নালাগে আমাক, আমাক আশীৰ্বাদ কৰক । ২০২৩ চনৰ এছ ডি জি নতুন যি সমীক্ষা প্ৰকাশ পালে, তাত অসম এতিয়া ভাৰতৰ আগবঢ়া ৰাজ্যসমূহৰ দৰে ফ্ৰণ্ট ৰেংকিং ৰাজ্যত পৰিণত হ'ল ।’’

লগতে পঢ়ক: মুখ্যমন্ত্ৰীয়ে সত্যৰ ঊৰ্ধত কথা কৈ আছে : জগদীশ ভূঞা - AJP PRESSMEET

এছ ডি জিৰ ব্যাখ্যা আগবঢ়াই মুখ্যমন্ত্ৰীয়ে কয়, ‘‘এছ ডি জি হ'ল ইউনাইটেড নেচনে বান্ধি দিয়া মানুহৰ জীৱনৰ লগত জড়িত কেইবাটাও সমস্যাৰ বহনক্ষম সমাধান । দৰিদ্ৰতা নিৰ্মূলকৰণ, বিশুদ্ধ খোৱাপানী, গ্ৰীণ পাৱাৰ আদি বহুকেইটা ইনডেক্স থাকে । এই গোটেই কেইটা ইনডেক্সতে অসমে এতিয়া ফ্ৰণ্ট ৰেংকিং ৰাজ্য হিচাপে স্বীকৃতি পাইছে নীতি আয়োগৰ সমীক্ষা মতে ।’’

সেই আৰু এটা ভাল খবৰৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ইণ্ডিয়ান চাইল্ড প্ৰটেকচন নামৰ সংস্থাটোৱে অসমৰ ২০ খন জিলাৰ ১১৩২ খন গাঁৱত চাইল্ড মেৰিজৰ (বাল্যবিবাহ) ওপৰত এটা সমীক্ষা কৰিছিল । কম বয়সত ছোৱালীৰ বিয়া হোৱাৰ সংখ্যা সন্দৰ্ভত সমীক্ষা চলাইছিল । অসম চৰকাৰে লোৱা পদক্ষেপৰ ফলাফল কেনেকুৱা । তেওঁলোকে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি ৮১খন গাঁৱত চাইল্ড মেৰিজৰ (বাল্যবিবাহ) ঘটনা কমি আহিছে । তেওঁলোকে ৬০০ খন গাঁও বিচাৰি পালে য'ত ২০২১ চনৰ পাছত চাইল্ড মেৰিজৰ (বাল্যবিবাহ) এটাও ঘটনা হোৱা নাই । সমীক্ষাত কোৱা হৈছে গাঁও সমূহৰ ৯৮ শতাংশ লোকে চাইল্ড মেৰিজৰ (বাল্যবিবাহ) বিৰুদ্ধে চৰকাৰে লোৱা প্ৰচেষ্টাক সমৰ্থন জনাইছে ।’’

মুখ্যমন্ত্ৰীয়ে লগতে কয়, ‘‘প্ৰতি ছমাহৰ মূৰে মূৰে চাইল্ড মেৰিজৰে জড়িত লোকসকলক গ্ৰেপ্তাৰ কৰি আইনৰ ওচৰলৈ নিয়া হয় । প্ৰথমতে দুই-এজন মানুহে আমাক বেয়া পাইছিল । চৰকাৰৰ কঠোৰ পদক্ষেপ অব্যাহত থাকিব । নবেম্বৰ-ডিচেম্বৰ মাহত পুনৰ কম বয়সত বিয়া দিয়া সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব । প্ৰাথমিক সমীক্ষা কৰাৰ বাবে ডিজিপিক নিৰ্দেশ দিয়া হৈছে ।’’

লগতে পঢ়ক: চৰকাৰী চিকিৎসকৰ পদত্যাগ : চৰকাৰৰ বিৰুদ্ধে সৰৱ আপ অসম - AAP Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.