ETV Bharat / state

এন আৰ চিৰ বায়'মেট্ৰিকত গোর্খাসকলক অন্তৰ্ভুক্ত কৰিবলৈ অমিত শ্বাহলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে : মুখ্যমন্ত্ৰী - CM Himanta Biswa Sarma

Bust of Babu Chabilal Upadhyaya unvailed: তেজপুৰত বাবু ছবিলাল উপ্যাধ্যায়ৰ আৱক্ষ মূৰ্তি উন্মোচন কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । এই অনুষ্ঠানতেই গোৰ্খাসকলৰ বাবে দিলে শুভবাৰ্তা ।

author img

By ETV Bharat Assamese Team

Published : Jun 21, 2024, 7:58 PM IST

Bust of Babu Chabilal Upadhyaya
মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মা (ETV BHARAT ASSAM)

তেজপুৰ, ২১ জুন : "অসমৰ গোর্খা সম্প্ৰদায়ৰ যিসকলৰ বায়'মেট্ৰিক বন্ধ হৈ আছে সেইসকলৰ নাম অন্তৰ্ভুক্তৰ সমস্য়া সমাধান কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ এক পত্ৰ প্ৰেৰণ কৰা হৈছে ।" শুকুৰবাৰে তেজপুৰত এইদৰে মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই কয়," অসমত বসবাস কৰা গোর্খাসকলে এন আৰ চিত নাম অন্তৰ্ভুক্ত হোৱা বা বিদেশী ন্যায়াধীকৰণৰ আদালত গোচৰত জয়ী হোৱাৰ পিচতো বায়'মেট্ৰিকত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ পৰা বঞ্চিত হৈ আছে । " মুখ্যমন্ত্ৰীগৰাকীয়ে আজি বিয়লি তেজপুৰৰ আনন্দ চন্দ্ৰ আগৰৱালা উদ্যানত জাতিৰ পিতা মহাত্মা গান্ধীৰ সান্নিধ্য লাভ কৰা বাবু ছবিলাল উপ্যাধ্যায়ৰ এক আৱক্ষ মূৰ্তি উন্মোচন কৰি এইদৰে মন্তব্য় আগবঢ়ায় ।

মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই পুনৰ কয়," উচ্চতম ন্যায়ালয়ৰ এক নিৰ্দেশৰ বাবে এই সমস্যাটো সমাধান হৈ উঠা নাই । সেইবাবে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে যৌথভাৱে বিষয়টো সমাধানৰ বাবে উচ্চতম ন্যায়ালয়ৰ ওচৰ চাপিব ।" সেয়েহে অহা কিছু মাহৰ ভিতৰত হয়তো এক ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয়," গোর্খা আৰু চাহ বাগিচাৰ লোকসকলৰ তিনিটা প্ৰজন্মৰ প্ৰমাণপত্ৰ দাখিল নকৰাকৈ খিলঞ্জীয়া জাতিৰ কলমত অন্তৰ্ভুক্ত কৰি মিছন বসুন্ধৰা ৩ আঁচনিৰ জৰিয়তে ভূমিৰ অধিকাৰ দিয়াৰ বাবে অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে । গোর্খা আৰু চাহ বাগিচাৰ লোকসকলে অসম চৰকাৰৰ মিছন বসুন্ধৰা ১ আৰু ২ ত অন্তৰ্ভুক্ত হ'ব পৰা নাই । ইয়াৰ কাৰণ হৈছে তেওঁলোকে তিনিটা প্ৰজন্মৰ প্ৰমাণপত্ৰ দাখিল কৰিবলৈ পৰা নাই ।" মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়," গোর্খা সকলৰ বেছিভাগেই ব্ৰহ্মপুত্ৰৰ চৰ অঞ্চলত গৰু খুঁটি আদিত বাস কৰিছিল বাবে সেই ঠাইৰ পৰা স্থানান্তৰ বা প্ৰব্ৰজন হোৱাৰ ফলত বহুতৰেই যাবতীয় নথি-পত্ৰ হেৰাই গৈছে বা নোহোৱা হৈছে ।"

লগতে পঢ়ক:মুখ্যমন্ত্ৰীয়ে দিলে মন্ত্ৰীসভা সম্প্ৰসাৰণৰ ইংগিত : চাৰি নতুন সদস্যৰ অন্তৰ্ভূক্তিৰ সম্ভাৱনা - Assam Govt Ministry Reshuffle

আনহাতে, চাহ বাগিচাৰ লোকসকলৰ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়,"বাগিচাত কৰ্মৰত অৱস্থাত বাগিচাৰ মেনেজাৰে তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰা নাছিল আৰু এনেকৈয়ে থাকি যায় । ফলত তেওঁলোকে ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হৈ পৰিল । সেইবাবে এই বিষয়টো সমাধান কৰিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব ।"

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়," স্বাধীনতা সেনানী বাবু ছবিলাল উপ্যাধ্যায়ৰ জন্ম হৈছিল ১৮৮২ চনৰ ১২ মে'ত আৰু ১৯৮০ চনৰ ২৪ জানুৱাৰীত মৃত্যু হৈছিল । অকল স্বাধীনতা আন্দোলনৰ সময়তে নহয়, ১৯২১ চনত মাহাত্ম্য গান্ধীৰ অসম ভ্ৰমণৰ সময়ত তেজপুৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাত সভাপতিত্ব কৰিছিল বাবু ছবিলাল উপ্যাধ্যায়ে ।" মুঠ ১ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা এই আৱক্ষ মূৰ্তিটো আনন্দ চন্দ্ৰ আগৰৱালা উদ্যানত স্থাপন কৰা হয় । এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংহল, জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু এমট্ৰ'ৰণৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মাই ।

লগতে পঢ়ক:ডিচেম্বৰ মাহৰ ভিতৰত নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ হ’ব শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ - Kanaklata Baruah University

তেজপুৰত যোগ দিৱসৰ কাৰ্যসূচীত অসমৰ মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ - International Yoga Day 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.