ETV Bharat / state

বানপানীৰ দুৰ্যোগৰ পৰিপূৰ্ণ সাজুৰ বঁটা প্ৰদান মৰিগাঁৱৰ আয়ুক্তক - Award for Flood Disaster

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2024, 9:50 PM IST

DC of Morigaon : এই বছৰৰ বানে মৰিগাঁও জিলাৰ ৩৪৫খন গাঁও সম্পূৰ্ণ ৰূপে আৰু আংশিকভাৱে ৫৪ খন গাঁও বুৰাই পেলাইছিল । অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল যদিও আয়ুক্ত দেৱাশীষ শৰ্মাৰ নেতৃত্বত জিলা প্ৰশাসনে দিনে-নিশাই চলাইছিল উদ্ধাৰ আৰু সাহাৰ্য অভিযান ।

Morigaon dc Debashish Sarma
মৰিগাঁও জিলাৰ আয়ুক্ত (ETV Bharat Assam)

ধিং, ৮ ছেপ্টেম্বৰ: গুৱাহাটীৰ কলাক্ষেত্ৰত অনুষ্ঠিত এক বিশেষ সভাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাক প্ৰদান কৰে বানপানীৰ দুৰ্যোগৰ পৰিপূৰ্ণ সাজুৰ বঁটা । এই বৰ্ষত হোৱা মৰিগাঁও জিলাৰ ভয়ংকৰ বানপানী, দুৰ্যোগৰ সময়ত আয়ুক্ত দেৱাশীষ শৰ্মাৰ নেতৃত্বত জিলা প্ৰশাসনে অতি গুৰুত্ব সহকাৰে ৰাইজৰ সেৱাত মনোনিবেশ কৰাৰ লগতে পৰিপূৰ্ণ বাবে সাজু হৈ আছিল । সেইবাবেই চৰকাৰে মৰিগাঁও জিলা প্ৰশাসনক আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰে ।

  • কিয় উৎফুল্লিত মৰিগাঁওবাসী ?

বানপানীৰ সময়ত দিন-ৰাতি একাকাৰে আয়ুক্তগৰাকীয়ে বানপীড়িত ৰাইজক সহায় কৰিছিল । আয়ুক্তগৰাকীয়ে গভীৰ নিশাও নাৱত উঠি বানত আৱদ্ধ সকলৰ কাষতে গৈ উদ্বাৰ কাৰ্যত আগভাগ লৈছিল । বান সাহায্য প্ৰদান কৰাৰ ক্ষেত্ৰতো কোনো ধৰণৰ ত্ৰুটি হোৱা নাছিল । বানপানীৰ সময়ত বহুত কষ্ট কৰা আয়ুক্ত দেৱাশীষ শৰ্মাৰ নেতৃত্বত মৰিগাঁও জিলা প্ৰশাসনক মুখ্যমন্ত্ৰীয়ে সন্মানিত কৰাত মৰিগাঁওবাসী উৎফুল্লিত হৈছে ।

উল্লেখ্য যে এই বছৰতে হোৱা বানে মৰিগাঁও জিলাৰ ৩৪৫ খন গাঁও সম্পূৰ্ণ ৰূপে আৰু আংশিকভাৱে ৫৪ খন গাঁও বুৰাই পেলাইছিল । বানৰ সময়ত চৰ-চাপৰিত এডোখৰ শুকান মাটি পোৱা নাছিল । কেৱল পানী আৰু পানী । প্ৰায়বোৰ গাঁৱত এক নাৰকীয় অৱস্থাৰ সৃষ্টি হৈছিল । মৰিগাঁও জিলাৰ এই বাৰ্ষিক বন্যাৰ বিপৰ্যয়ৰ সময়ত আয়ুক্তগৰাকীৰ নেতৃত্বত প্ৰত্যেকগৰাকী বিষয়া-কৰ্মচাৰীয়ে খাদ্য সামগ্ৰী বিতৰণ কৰাকে ধৰি উদ্বাৰ কাৰ্যতো যথেষ্ট নিষ্ঠাৰে কাম কৰে । বানপানীৰ দুৰ্যোগৰ সময়ত আয়ুক্ত দেৱাশীষ শৰ্মাই কৰা এনে কষ্টৰ ফলশ্ৰুতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আয়ুক্তগৰাকীৰ হাতত আনুষ্ঠানিকভাৱে বানপানীৰ দুৰ্যোগৰ পৰিপূৰ্ণ সাজুৰ বঁটা প্ৰদান কৰে ।

লগতে পঢ়ক:শিক্ষক দিৱসৰ দিনা বিয়পিল সমন্বয়ৰ বাৰ্তা: জেকিহ অচুমিক দিগন্ত শৰ্মা স্মাৰক বঁটা প্ৰদান - Teachers Day 2024

নগাঁৱৰ চয়নিকা ডেকাক কলংপাৰ আদৰ্শ শিক্ষক বঁটা প্ৰদান - Kolongpar Teacher Award

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.