ETV Bharat / state

৩ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈ 'ভাষা গৌৰৱ সপ্তাহ': মুখ্যমন্ত্রী

ভাষা গৌৰৱ সপ্তাহত সকলোৱে নিজৰ নিজৰ স্বীকৃত ভাষাৰে চৰ্চা কৰিব পাৰিব । প্ৰধানমন্ত্ৰীক কৃতজ্ঞতা জনাই কেইবাহাজাৰ পত্র প্ৰেৰণৰ চেষ্টা ।

BHASHA GAURAV SAPTAH
মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 27, 2024, 4:49 PM IST

গুৱাহাটী: ৰাজ্যত ৩ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈ পালন কৰা হ'ব 'ভাষা গৌৰৱ সপ্তাহ' । আজি অৰ্থাৎ দেওবাৰে কেবিনেট বৈঠকৰ পাছতে এখন সংবাদমেল সম্বোধন কৰি এই সন্দৰ্ভত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, "ভাষা গৌৰৱ সপ্তাহ পালনৰ মূল উদ্দেশ্য হৈছে যে ৩ অক্টোবৰত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত হোৱা ভাৰত চৰকাৰৰ কেবিনেটে অসমীয়া ভাষাক ধ্ৰুপদী ভাষা মৰ্যাদা দিয়ে । অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পোৱাৰ যাত্রাকলৈ অসম প্ৰকাশন পৰিষদে এটা সুন্দৰ টেকনিকেল ৰি'পৰ্ট নিৰ্মাণ কৰিছে । এই টেকনিকেল ৰি'ৰ্টৰ সংক্ষিপ্ত বিৱৰণটো আমি প্ৰকাশ কৰি উলিয়াইছো ।"

মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয়, "ভাষা গৌৰৱ সপ্তাহৰ সময়ত ভাষাটোলৈ অৱদান আগবঢ়োৱাসকলৰ প্ৰতি ধন্যবাদ জনাই সভা অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতি আমি আহ্বান জনাইছো । শিক্ষানুষ্ঠানসমূহত ভাষা সম্পৰ্কীয় বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হ'ব । অসমত অসমীয়াৰ লগতে মুঠ ১৪ টা ভাষাক বিভিন্ন পৰ্যায়ত চৰকাৰী স্বীকৃতি দিয়া আছে ৷ ভাষা গৌৰৱ সপ্তাহত সকলোৱে নিজৰ নিজৰ স্বীকৃত ভাষাৰে চৰ্চা কৰিব পাৰিব । এই সভাবোৰৰ পৰাই আমি অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়াৰ বাবে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাম ।"

মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

তেওঁ আৰু কয়, "এই সভাবোৰৰ পৰাই আমি অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়াৰ বাবে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাম । আমি এই সপ্তাহৰ ভিতৰত কেইবাহাজাৰ পত্র যাতে প্ৰধানমন্ত্রীলৈ লিখিব পাৰো তাৰবাবে চেষ্টা কৰিছো । ৩ নৱেম্বৰত প্ৰতিগৰাকী মন্ত্রী একোখন জিলাৰ কেন্দ্ৰীয় অনুষ্ঠানত উপস্থিত থাকিব । তাৰ পিছত এইটো এটা সামাজিক অনুষ্ঠান হ'ব আৰু ইয়াত চৰকাৰী নাথাকিব । ৰাইজে নিজে কৰিব । ইফালে নিৰ্বাচনী আচৰণ-বিধি চলি থকা অঞ্চলত চৰকাৰী অনুষ্ঠান পতা নহ’ব, কিন্তু তাত সামাজিক অনুষ্ঠান পতাত কোনো অসুবিধা নাথাকিব ৷"

লগতে পঢ়ক: অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ সন্মানাৰ্থে ৰাজ্য চৰকাৰৰ উদ্যোগত ভাষা গৌৰৱ সপ্তাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.