ETV Bharat / state

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ ৰাজ্য চৰকাৰৰ - Chief Minister review meeting - CHIEF MINISTER REVIEW MEETING

Assam CM in Kaziranga : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক লৈ সৰৱ হৈছে ৰাজ্য চৰকাৰ ৷ কেইবাটাও পৰিকল্পনাৰে কাজিৰঙাত মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা সভা ৷

Chief Minister review meeting in Kaziranga
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ ৰাজ্য চৰকাৰৰ (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jun 16, 2024, 7:07 AM IST

কাজিৰঙা, 16 জুন : কাজিৰঙাত বানপানীৰ সময়ত চোৰাং চিকাৰীয়ে গঁড় অথবা অন্যান্য জীৱ-জন্তু যাতে হত্যা কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কাজিৰঙাত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয় ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্য জীৱসমূহৰ সুৰক্ষাৰ বাবে কেইবাটাও পৰিকল্পনা হাতত লোৱা হয় এই সভাত ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ ৰাজ্য চৰকাৰৰ (ETV BHARAT ASSAM)

এইক্ষেত্ৰত ৰাষ্ট্ৰীয় উদ্যানখনত তিনিটা অতিৰিক্ত কমাণ্ডো বাহিনী নিয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে এই পৰ্যালোচনা সভাত ৷ কাজিৰঙাৰ আয়ৰা ৰিজৰ্টত অনুষ্ঠিত হোৱা এইখন সভাত অসম বিধান সভাৰ উপাধ্যক্ষ নোমল মমিন, ৰাজ্যৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, বোকাখাতৰ স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰা, ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব এম কে যাদৱ, অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং উপস্থিত থাকে ৷

তদুপৰি সভাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সম্প্ৰসাৰণ হৈ থকা গোলাঘাট, কাৰ্বি আংলং, নগাঁও, শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকল তথা ৰাজ্যৰ বন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ৷

এই সভাৰ পিচতে মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ সন্মুখত কয় যে এই সভাখনত বানৰ সময়ছোৱাত কাজিৰঙাৰ গঁড় তথা আন আন বন্যপ্ৰাণীৰ হত্যা বন্ধ কৰিবৰ বাবে পুংখানুপুংখকৈ আলোচনা কৰা হয় ৷ আনহাতে, বানৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰা বন্যপ্ৰাণী যাতে গাড়ীৰ খুন্দাত মৃত্যু হ’ব নোৱাৰে তাৰ বাবেও প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা সন্দৰ্ভত আলোচনা কৰা হয় ৷

মুখ্যমন্ত্ৰীয়ে কয় যে ২০২১ বৰ্ষত মুখ্যমন্ত্ৰীয়ে দায়িত্ব লোৱাৰ পিচতেই তেওঁ কাজিৰঙাৰ বানৰ সময়ত চোৰাং চিকাৰীৰ উপদ্ৰৱ হ্ৰাস কৰাৰ বাবে এক বৈঠকত বহিছিল আৰু তাৰ পিচতেই দেখা গৈছিল যে চোৰাং চিকাৰীয়ে সংঘটিত কৰা গঁড় হত্যাৰ ঘটনা পূৰ্বৰ তুলনাত কমি আহিছিল ৷

তেখেতে লগতে উল্লেখ কৰে যে, ২০২১ চনৰ পাচত বানৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথত হোৱা বন্যজন্তুৰ মৃত্যুৰ সংখ্যাও ৯ টা লৈকে কমি আহিছে ৷ ২০১৬ চনৰ পৰাই ক্ৰমাগতভাৱে অসমত চোৰাং চিকাৰীৰ দ্বাৰা গঁড় নিধনৰ পৰিমাণ দ্ৰুত গতিত হ্ৰাস পাই আহিছে ৷ ২০২১ চনত চোৰাংচিকাৰীয়ে এটাও গঁড় হত্যা কৰিব পৰা নাছিল বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ৷

লগতে আগন্তুক বানৰ সময়ত যাতে এটাও বন্যপ্ৰাণী যাতে ঘাইপথত মৃত্যু হ'ব নোৱাৰে তাৰ বাবে এক প্ৰচেষ্টা হাতত লৈছে ৰাজ্য চৰকাৰে ৷ লগতে বানৰ সুযোগ লৈ কোনো চোৰাং চিকাৰী যাতে কাজিৰঙাত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবেও কিছু সিদ্ধান্ত এই সভাত গ্ৰহণ কৰা হৈছে ৷ এই ক্ষেত্ৰত আৰক্ষী আৰু কাজিৰঙা কৰ্তৃপক্ষৰ একতা থকাটো নিতান্তই প্ৰয়োজনীয় বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ৷

আনহাতে, নতুনকৈ নিযুক্তি হ’ব লগা প্ৰায় ৬০০ ফ’ৰেষ্ট বেটেলিয়ানকো কাজিৰঙাৰ বাবে নিয়োগ কৰাৰ প্ৰয়াস কৰা হ’ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ মুখ্যমন্ত্ৰীয়ে কয় যে, নদীৰ ফালৰ পৰা অহা চোৰাং চিকাৰী ৰোধ কৰিবৰ বাবে ২০ খন মেৰাইন ইঞ্জিনযুক্ত নাও কাজিৰঙা কৰ্তৃপক্ষক দিয়াৰ সিদ্ধান্ত লোৱা হৈছে ৷

আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বুঢ়াচাপৰি পৰ্যন্ত সম্প্ৰসাৰণ হোৱা বুলি সদৰী কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, বুঢ়াচাপৰিৰ উচ্ছেদৰ পাচত তাত ৪ টা গঁড়ে নিগাজীকৈ বাস কৰাৰ লগতে ১২ টাৰ পৰা ১৫ টা বাঘৰ বিচৰণ প্ৰত্যক্ষ কৰা হৈছে ৷ বুঢ়াচাপৰিত এটা বনৰীয়া ম’হো প্ৰত্যক্ষ কৰা হৈছে ৷

বুঢ়াচাপৰিৰ উন্নয়ন আৰু সুৰক্ষাৰ বাবে প্ৰয়োজন সাপেক্ষে বনানিকৰণ আৰু পৰৱৰ্তী সময়ত এটা কমাণ্ডো বেটেলিয়ন বাহিনী নিয়োগৰ ব্যৱস্থা কৰা হ’ব বুলি পৰ্যালোচনা সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ইপিনে কাজিৰঙাত শেহতীয়া পৰ্যটন বৰ্ষত অভিলেখ সংখ্যক পৰ্যটকৰ আগমণ ঘটিছে বুলি উল্লেখ কৰে ৷

তেওঁ কয় যে, জিম কৰবেটতকৈ পৰ্যটকৰ সংখ্যা এইবাৰ কাজিৰঙাত বৃদ্ধি পাইছে ৷ জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানত শেহতীয়াকৈ ৩ লাখ ৪ হাজাৰ পৰ্যটকৰ আগমণ ঘটাৰ বিপৰীতে কাজিৰঙা পৰ্যটনত ৩ লাখ ২৭ হাজাৰ পৰ্যটকৰ আগমণ ঘটিছে বুলি উল্লেখ কৰে ৷ সেয়েহে অনাগত দিনত পৰ্যটকৰ সংখ্যা অধিক বৃদ্ধি কৰিবৰ বাবে কাজিৰঙা আৰু মানাহৰ তথ্যচিত্ৰ প্ৰস্তুত কৰি ৰাষ্ট্ৰীয় মাধ্যমত প্ৰচাৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি সদৰী কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷

তদুপৰি কাজিৰঙাত বন্যপ্ৰাণী পৰ্যটনৰ লগতে টী-টেষ্টিং, চাইক্লিং আৰু নৌকা বিহাৰৰ ব্যৱস্থাও সংলগ্ন কৰাৰ কথা চিন্তা-চৰ্চ্চা কৰা হৈছে বুলি উল্লেখ কৰে ৷ আনহাতে কাজিৰঙাৰ খহনীয়াই ভয়াবহ ৰূপ ধাৰণ কৰিছে বুলি উল্লেখ কৰি তেখেতে কয়, বিগত কেইটামান বৰ্ষত ব্ৰহ্মপুত্ৰই কাজিৰঙাত তীব্ৰ গতিত গৰাখহনীয়া সৃষ্টি কৰি উদ্যানৰ মাটিকালি সংকুচিত কৰি আনিছে ৷

প্ৰতি বছৰে কাজিৰঙাত ১৮০ হেক্টৰ মাটি খহনীয়াত জাহ গৈছে ৷ সেয়ে খহনীয়া ৰোধৰ বাবে বনবিভাগ আৰু জলসম্পদ বিভাগৰ এটা যৌথ টাস্ক ফ’ৰ্ছ গঠন কৰা হ’ব আৰু উক্ত ফ’ৰ্ছটোৰ পৰামৰ্শদাতা হিচাপে কাজিৰঙাৰ প্ৰাক্তন সঞ্চালকসকল থাকি জিঅ’ বেগ, ৰ’ক ইনষ্ট’লেচন আৰু প্ৰী কাষ্টেড ব্ল’কৰ দৰে প্ৰযুক্তি ব্যৱহাৰ কৰি তৎকালীনভাৱে গৰাখহনীয়া ৰোধ কৰিবলৈ চেষ্টা কৰিব বুলি মত প্ৰকাশ কৰে ৷ টাস্ক ফ’ৰ্ছটোৱে আগন্তুক ৪৫ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে ৷

লগতে পঢ়ক: উন্নয়নৰ বেদীত প্রাণাহুতি দিব মাজুলীৰ সহস্রাধিক বৃক্ষই - Deforestation in Majuli

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.