ETV Bharat / state

ভোটগ্ৰহণত বতৰে বিধি-পথালি দিয়াৰ আশংকা, অসমৰ বিভিন্ন ঠাইত প্রৱল বৰষুণৰ সম্ভাৱনা - WEATHER FORECAST FOR ASSAM - WEATHER FORECAST FOR ASSAM

Assam Weather report : তৃতীয় পৰ্যায়ত চাৰিটা লোকসভা সমষ্টিৰ বাবে হ'ব লগা ভোটগ্ৰহণত বতৰে বিধি-পথালি দিয়াৰ সম্ভাৱনা ৷ বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, 9 মে’লৈকে অসমৰ প্ৰায়বোৰ অঞ্চলতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷

ASSAM NE WEATHER REPORT
পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : May 6, 2024, 7:11 PM IST

অসমৰ বিভিন্ন ঠাইত প্রৱল বৰষুণৰ সম্ভাৱনা (ETV BHARAT ASSAM)

গুৱাহাটী, 6 মে' : 7 মে' অৰ্থাৎ মঙলবাৰে ৰাজ্যত তৃতীয় তথা অন্তিম পৰ্যায়ত চাৰিটা লোকসভা সমষ্টিৰ বাবে হ'ব লগা ভোটগ্ৰহণত বতৰে বিধি-পথালি দিয়াৰ সম্ভাৱনা আছে ৷ গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এই ভৱিষ্যদ্বাণী কৰিছে ৷ অসম আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বায়ুমণ্ডলত প্ৰৱহমান ঘূৰ্ণী বতাহৰ ফলত শনিবাৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে বৃষ্টিপাত ৷ বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, 9 মে’লৈকে অসমৰ প্ৰায়বোৰ অঞ্চলতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷ কোনো কোনো অঞ্চলত ধুমুহা, বিজুলী-ঢেৰেকনিৰে বৰষুণ হোৱাৰো সম্ভাৱনা আছে ৷

বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী ড৹ সঞ্জয় অ'নীল শ্বই প্ৰকাশ কৰা মতে আগন্তুক 24 ঘন্টাত অসমৰ দুই এঠাইত বিজুলী-ঢেৰেকনিসহ বজ্ৰপাতৰ লগতে ঘণ্টাত 40-50 কিঃমিঃ গতিবেগত বতাহ-ধুমুহাৰ লগতে দুই এঠাইত প্ৰৱলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰো সম্ভাৱনা আছে ৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে বিগত 24 ঘণ্টাত ৰাজ্যৰ বিভিন্ন চহৰত হোৱা বৰষুণৰ পৰিমাণ আছিল কাছাৰ 3.5 মিঃ মিঃ, ডিব্ৰুগড় 5 মিঃমিঃ, ধুবুৰী 0.5 মিঃমিঃ, যোৰহাট 3 মিঃমিঃ, মঙলদৈ 9 মিঃমিঃ, নগাঁও 7 মিঃমিঃ, উত্তৰ লখিমপুৰ 8 মিঃমিঃ, শিলচৰ 10 মিঃমিঃ তেজপুৰ 12 মিঃমিঃ ৷

ইফালে বৰষুণৰ ফলত সৰ্বোচ্চ তাপমান স্বাভাৱিক মাত্ৰাতকৈ যথেষ্ট হ্ৰাস পাইছে ৷ ৰাজ্যৰ বিভিন্ন চহৰত আজি সৰ্বোচ্চ তাপমান আছিল- গুৱাহাটী 28.8 ডিগ্ৰী চেলছিয়াছ, ডিব্ৰুগড় 21.8 ডিগ্ৰী চেলছিয়াছ, তেজপুৰ 21.7 ডিগ্ৰী চেলছিয়াছ, শিলচৰ 28.5 ডিগ্ৰী চেলছিয়াছ, ধুবুৰী 25.7 ডিগ্ৰী চেলছিয়াছ, যোৰহাট 22.7 ডিগ্ৰী চেলছিয়াছ আৰু উত্তৰ লখিমপুৰ 22.6 ডিগ্ৰী চেলছিয়াছ ৷

উল্লেখ্য যে, গুৱাহাটী মহানগৰীৰ অন্তৰ্গত বিধানসভা সমষ্টিকেইটাত সাধাৰণতে ভোটদানৰ হাৰ কম হোৱাৰ প্ৰৱণতা বিগত নিৰ্বাচনবোৰত দেখিবলৈ পোৱা গৈছে ৷ মহানগৰীৰ কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰ'দ, বতাহ, বৰষুণ সকলো নেওচি গুৱাহাটীবাসীক ওলাই আহি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে ৷ কিন্তু 7 মে'ৰ ভোটগ্ৰহণৰ দিনা বৰপেটা, কোকৰাঝাৰ, গুৱাহাটী আৰু ধুবুৰীত বতৰে বিধি-পথালি দিলে ভোটাৰ ৰাইজৰ ওপৰত কেনে প্ৰভাৱ পৰিব সেয়া সময়তহে জানিব পৰা যাব ৷

লগতে পঢ়ক : ছোৱাইন ফ্লুত আক্ৰান্ত শিশুৰ মৃত্যু; শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন পাঁচজন - Swine Flu Outbreak

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.