ETV Bharat / state

অনুসূচীত জাতিৰ ৬০ গৰাকী নিবনুৱালৈ গ্ৰাফিক্স ডিজাইন ইউনিট বিতৰণ মন্ত্ৰী পীযুষ হাজৰীকাৰ - Ceremonial Distribution

Minister Pijush Hazarika : অনুসূচীত জাতিৰ 60 গৰাকী নিবনুৱা যুৱক-যুৱতীলৈ আনুষ্ঠানিকভাৱে গ্ৰাফিক্স ডিজাইন ইউনিট বিতৰণ চৰকাৰৰ ৷ মন্ত্ৰী পীযুষ হাজৰীকাই এই যন্ত্ৰ-পাতি সমূহ বিতৰণ কৰে ৷

Self Help Scheme for SC
গ্ৰাফিক্স ডিজাইন ইউনিট বিতৰণ
author img

By ETV Bharat Assamese Team

Published : Feb 21, 2024, 8:54 PM IST

গুৱাহাটী, 21 ফেব্ৰুৱাৰী : ৰাজ্যৰ অনুসূচীত জাতিৰ 60 গৰাকী নিবনুৱা যুৱক-যুৱতীলৈ আনুষ্ঠানিকভাৱে 'গ্ৰাফিক্স ডিজাইন ইউনিট’ বিতৰণ কৰিছে অসম চৰকাৰে ৷ দিছপুৰত অনুষ্ঠিত এক অনুষ্ঠানত অসম চৰকাৰৰ জলসম্পদ, সামাজিক ন্যায় আৰু সৱলীকৰণ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই এই যন্ত্ৰ-পাতি সমূহ বিতৰণ কৰে ৷ অনুসূচীত জাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালকালয়, অসমৰ উদ্যোগত আয়োজন কৰা হয় এই অনুষ্ঠান ৷

Self Help Scheme for SC
গ্ৰাফিক্স ডিজাইন ইউনিট বিতৰণ চৰকাৰৰ

সঞ্চালকালয়ৰ উদ্যোগত 2023-24 বৰ্ষৰ ‘Self help scheme for SC’ৰ অধীনত ৰাজ্যখনৰ অনুসূচীত জাতিৰ বাবে সংৰক্ষিত আঠটা বিধানসভা সমষ্টিৰ পৰা এই যুৱক-যুৱতী সকলক নিৰ্বাচিত কৰা হয় ৷ জাগীৰোড, দেৰগাঁও, ধলাই, দক্ষিণ অভয়াপুৰী, বকো, ৰহা, ৰাতাবাৰী আৰু মঙলদৈৰ মুঠ 60 জন যুৱক-যুৱতীক 'গ্ৰাফিক্চ ডিজাইন ইউনিট’ প্ৰদান কৰা হয় ৷ এই গ্ৰাফিক্স ডিজাইন ইউনিটৰ জড়িয়তে যুৱক-যুৱতীসকলে ল’গ’, ব্ৰ’চাৰ, ৱেবচাইট, বিজ্ঞাপন আদিৰ ডিজাইন কৰাৰ লগতে টি-চাৰ্ট, টুপী, কাপ আদিত প্ৰিণ্টিং কৰি আত্মসংস্থাপনৰ ক্ষেত্ৰত অগ্ৰসৰ হ’ব পাৰিব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰী হাজৰীকাই ৷

  • " class="align-text-top noRightClick twitterSection" data="">

অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে অসম চৰকাৰে ৰাজ্যখনৰ সকলো শ্ৰেণীৰ লোকৰে সম উন্নয়নৰ বাবে দায়বদ্ধতাৰে কাম কৰি আছে ৷ অনুসূচীত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ লোকৰ উন্নয়নৰ বাবে কাম কৰিবলৈ ভাৰতৰ সংবিধানে চৰকাৰক বিশেষ সুযোগ প্ৰদান কৰিছে ৷ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰাজ্য চৰকাৰে বিগত সময়ত সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ জৰিয়তে এই ক্ষেত্ৰত বহুতো কাম হাতত লৈ আহিছে ৷ বিগত বৰ্ষত অনুসূচীত জাতিৰ লোকৰ বসতি প্ৰধান অঞ্চলত প্ৰায় 250 টা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণ কৰাৰ লগতে অনুসূচীত জাতিৰ বসতি প্ৰধান গাঁৱত 1.70 কোটিৰ পৰা 1.80 কোটি টকা ব্যয়েৰে 52 টা মিনি ষ্টেডিয়াম নিৰ্মাণৰো ব্যৱস্থা কৰিছে ৷

আনহাতে, যোৱা বছৰ অনুসূচীত জাতিৰ লোকৰ বসতিপ্ৰধান গাঁৱৰ প্ৰায় 500 টা নামঘৰলৈ বিভাগৰ অধীনত 5 লাখ টকাকৈ আৰ্থিক সাহাৰ্য প্ৰদানৰ ব্যৱস্থা কৰা হৈছে বুলিও মন্ত্ৰী হাজৰীকাই আজিৰ ভাষণ প্ৰসংগত উল্লেখ কৰে ৷ বান প্ৰৱণ ৰাজ্য হিচাপে জনাজাত অসমত বিগত সময়ত মুখ্যমন্ত্ৰীৰ আগ্ৰহত জলসম্পদ বিভাগে দিনে-নিশাই কাম কৰি মৰিগাঁও, মাজুলী, ধেমাজি আদি সততে বানত আক্ৰান্ত জিলাসমূহত বানৰ প্ৰকোপ হ্ৰাসৰ ব্যৱস্থা কৰিছে বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ৷ সাধাৰণতে নদী কাষৰীয়া অঞ্চলত বসবাস কৰা অনুসূচীত জাতিৰ লোকে সদায়ে বানত প্ৰথম আক্ৰান্ত হ’বলগা হৈছিল ৷ কিন্তু বিগত প্ৰায় 3 টা বছৰে অসমৰ বহু স্থানত বানৰ প্ৰকোপ হ্ৰাস কৰাত তেওঁলোকে সকাহ লাভ কৰা বুলি মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে ৷

লগতে পঢ়ক : বিৰোধীয়ে একত্ৰিতভাবে সদন ত্যাগ কৰাক লৈ কিয় সৰৱ হ’ল মন্ত্ৰী পীযুষ হাজৰীকা?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.