ETV Bharat / state

সদাব্যস্ত ৰাজপথৰ দ গাঁতত সোমাল বাহন, মুখ্যমন্ত্ৰীৰ নিৰ্দেশক ভেঙুচালি কৰাৰ অভিযোগ ছাত্ৰ মুক্তিৰ - Road Accident

Road Accidnet in Tinsukia : তিনিচুকীয়াৰ সদাব্যস্ত ৰাজপথত খন্দা দ গাঁতত এখন বাহন সোমাই পৰাৰ পাচতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশক ভেঙুচালি কৰাৰ অভিযোগ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ। নিজৰ দোষ স্বীকাৰ নিৰ্মাণকাৰী ঠিকাদাৰৰ।

Road Accidnet in Tinsukia
মুখ্যমন্ত্ৰীৰ নিৰ্দেশক ভেঙুচালি কৰাৰ অভিযোগ
author img

By ETV Bharat Assamese Team

Published : Feb 21, 2024, 5:09 PM IST

দ গাঁতত এখন বাহন সোমাই পৰাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়া

তিনিচুকীয়া, 21 ফেব্ৰুৱাৰী : চহৰৰ মাজমজিয়াত থকা দ গাঁতত সোমাল চাৰিচকীয়া বাহন ৷ তিনিচুকীয়া চহৰৰ মাজমজিয়াৰ সদাব্যস্ত জি এন বি পথত কালভাৰ্ট নিৰ্মাণৰ বাবে খন্দা এটা দ গাঁতত নিশা এখন বাহন বাগৰি পৰাৰ পাচতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ ঘটনাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে দল-সংগঠনৰ লগতে স্থানীয় ৰাইজে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দিয়া নিৰ্দেশৰ দৰে উচিত সুৰক্ষাৰ ব্যৱস্থা নকৰাৰ বাবেই এনেদৰে গাঁতত বাহন বাগৰি পৰা বুলি অভিযোগ উত্থাপন কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগতে স্থানীয় ৰাইজে ৷

উল্লেখ্য যে, মঙলবাৰে নিশা তিনিচুকীয়াত কালভাৰ্ট নিৰ্মাণৰ বাবে খন্দা দ গাঁতত AS 23 AD 7655 নম্বৰৰ এখন XUV 500 বাহন সোমাই পৰে ৷ এই ঘটনাত বাহনখন ক্ষতিগ্ৰস্ত হোৱাৰ সমান্তৰালভাৱে আঘাতপ্ৰাপ্ত হৈছিল দুগৰাকীকৈ আৰোহী ৷ ঠিকাদাৰৰ গাফিলতিৰ বাবেই এই ঘটনা সংঘটিত হয় ৷ কিন্তু জিলা প্ৰশাসনে ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ সলনি সুৰা সেৱন কৰি গাড়ী চলোৱাৰ বাবে এই অঘটন সংঘটিত হোৱা বুলি কৈ দায় সৰাৰ পিছতেই ক্ষোভিত হৈ পৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতি ৷

নিৰ্মাণকাৰী ঠিকাদাৰে তিনিখন ন’ এন্ট্ৰি ব’ৰ্ড লগোৱাৰ লগতে নিশা বগা ফিটা লগাই ৰাখিছিল মৰণফান্দ সদৃশ গাঁতটোত ৷ গাঁতৰ কাষত নাছিল কোনো বাঁহৰ বেৰা কিম্বা দূৰৰ পৰা নিশা চকুত পৰাকৈ কোনো সুৰক্ষামূলক ব্যৱস্থা ৷ ইফালে নিৰ্মাণকাৰী সংস্থাৰ ঠিকাদাৰ গোপাল মজুমদাৰে নিজৰ দোষ স্বীকাৰ কৰি অনাগত দিনত যাতে এনে অঘটন পুনৰ নহয় তাৰ বাবে সুৰক্ষা ব্যৱস্থা নিশ্চিত কৰিছে বুলি সদৰী কৰে ৷

লগতে পঢ়ক : সুদখোৰৰ বাবেই পলাই থাকিবলগীয়া হৈছে ভুক্তভোগী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.